TISS

চৰ : ৰেডক্লিফ ৰেখাৰ ইপাৰে আৰু সিপাৰে

Posted on Updated on

যোৱা দুটা সংখ্যাত প্ৰব্ৰজন তথা ৰাজনৈতিক পৰ্যালোচনা কৰাৰ পিছত এইবাৰ আমি বাংলাদেশৰ সামাজিক তথা মানৱ-উন্নয়ন বিষয়ক দিশসমূহ আলোচনা কৰাৰ চেষ্টা কৰিম৷ প্ৰথম আলোচনাতে আমি উল্লেখ কৰিছিলো যে, আমাৰ বাংলাদেশ ভ্ৰমণৰ এটা অন্যতম মূল উদ্দেশ্য আছিল দেশখনে সমাজিক তথা মানৱ-উন্নয়নত যি যুগান্তকাৰী সফলতা লাভ কৰিছে তাৰ বিস্তাৰিত অধ্যয়ন কৰা৷ আমাৰ হোষ্ট সংস্থা ইক’ চোচিয়েল ডেভেলপমেন্ট অৰ্গেনাইজেশ্বন বাংলাদেশে আমাৰ এই উদ্দেশ্য সফলকামত কৰাত চেষ্টাৰ ত্ৰুটি কৰা নাছিল৷ চৰ বুলি ক’লে আমি অসমীয়া হিচাপে যি প্ৰতিচ্ছবি আমাৰ চকুৰ আগত চিত্ৰায়িত হয়, বাংলাদেশত ঠিক একে ছবি আমি দেখা নাপালো৷ বাংলাদেশ ভ্ৰমনৰ প্ৰায় ৮ মাহ আগতে ধুবুৰী জিলাৰ বাংলাদেশ সীমান্ত সংলগ্ন কিছু চৰ আমি ভ্ৰমন কৰিছিলোঁ৷ আমাৰ লগত আছিল বিশ্বৰ আগশাৰীৰ সংবাদ পত্ৰ দ্যা নিউয়ৰ্ক টাইমছৰ ‘ইন্ডিয়া ইঙ্ক’ৰ সম্পাদক বাশ্বাৰাত পীৰ৷ আমাৰ চৰজমিন অধ্যয়নত  দেখা পোৱা হৃদয় বিদাৰক  প্ৰতিচ্ছবিয়ে আমাক হতাশ কৰিছিল৷ শিক্ষা, স্বাস্থ্য, যাতায়ত ব্যৱস্থা, নাৰী সাৱলীকৰণ ইত্যাদিৰ বাবে যেন চৰৰ পৰিবেশ তথা পৰিস্তিতি কোনোটোৱে অনুকুল নহয়৷ কিন্তু ধুবুৰীৰ পৰা মাত্ৰ এক-ডেৰ শ কিলোমিটাৰ দূৰৈৰ বাংলাদেশৰ চৰাঞ্চল ভ্ৰমন কৰি আমাৰ সম্পূৰ্ণ এক বিপৰীত অভিজ্ঞতা হৈছিল৷ এই আলোচনাত এইবোৰ কথাকে বিষদভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম৷ প্ৰথমতে লালমনিড়হাট জিলাৰ হাতিবান্ধা উপ-জিলাৰ পশ্চিম হালধিবাৰী নামৰ এক প্ৰত্যন্ত চৰৰ কথালৈ আহো ৷ ইক’ চোচিয়েল ডেভেলপমেন্ট অৰ্গেনাইজেশ্বনৰ জেষ্ঠ প্ৰকল্প বিষয়া আব্দুল মান্নান চাহাবৰ নেতৃত্বত আমি ৰাতিপুৱাতেই পশ্চিম হালধিবাৰীলৈ ৰাওনা হ’লো৷ পাটিকাপাড়া ইউনিয়ন পৰিষদৰ নয়াৰহাটত থকা কাৰ্য্যালয় চৌহদত আমাৰ দুচকীয়া বাহনসমূহ ৰাখি আমি পদযাত্ৰা আৰম্ভ কৰিলোঁ৷ তিনি কিলোমিটাৰ বাট বালিচৰত খোজকাৰি তিস্তা নদীৰ পাৰঘাট পাৰ হ’ব লাগিব৷ তিস্তাৰ পানী শুকাবলৈ আৰম্ভ কৰিছে৷ আব্দুল মান্নান অভিযোগ মানি ল’লে পশ্চিমবংগৰ মমতা দিদিৰ চৰকাৰে প্ৰয়োজনতকৈ বহু কম পৰিমাণৰ পানীহে এৰি দি আছে৷ বাৰিষাত তিস্তাৰ পানীয়ে কিন্তু আজিও সজোৰে তৰ্জন-গৰ্জন কৰি তান্ডৱ চলাবলৈ নেৰে৷ আমি বালি চৰৰ মাজেৰে খোজকাড়ি গৈ থাকিলো৷ কহুৱাবন, গুল্মজাতীয় ঝাওবন, কৰবাত আকৌ উদ্ভাস্তু একো একোজোপা মেটেকা বালি মাটি খামুচি পৰি আছে৷ আমাৰ কেৰেলাৰ সহকৰ্মীয়ে মেটেকা ফুলৰ প্ৰতিচ্ছবি কেমেৰাত বন্ধি কৰিলে৷ সকলোতকৈ চকুতলগা দৃশ্য আছিল, সু-বিস্তাৰিত শংকৰ প্ৰজাতিৰ ধাননী৷ অসমৰ চৰত কাহানিও সেই প্ৰজাতিৰ ধান আমি দেখা মনত নপৰিল৷ কিছু নিলগত ট্ৰেক্টৰ লগাই চৰৰ মাটি চহাই থকা দেখা পাই আব্দুল মান্নান চাহাবক সুধিলোঁ “এতিয়া কিহৰ বতৰ? কি লগাব?” থাইলেন্ডৰ পৰা আমদানিকৃত মাকৈৰ সংকৰ প্ৰজাতিৰ বিজ ৰোপন কৰিব৷ প্ৰতিকুল পৰিস্তিতিতো ভাল ফলন হয়৷ কিন্তু যি সময়ত গোটেই বিশ্বই Sustainable Development ৰ ওপৰত সঘন আলোচনা কৰি আছে সেই সময়ত শংকৰ প্ৰজাতিৰ বিজ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কিমান সমীচিন সেয়া কোৱা মুস্কিল; কিন্তু বাংলাদেশৰ দৰে দেশ এখনে দৰিদ্ৰতা দূৰিকৰণৰ বাবে হয়তো ইয়াৰ প্ৰয়োগৰ বিকল্পও নাই৷ তিস্তা পাৰ হৈ, পাৰে পাৰে আৰু প্ৰায় দুই কিলোমিটাৰ খোজকাৰি গৈ পশ্চিম হালধিবাৰীত উপস্থিত হ’লো৷ প্ৰায় পাচশ পৰিয়ালৰ বাসস্থান এই অস্থায়ী ভু-খন্ড৷ আমাক ইএচডিও আৰু প্লান বাংলাদেশৰ সংহত সামাজিক উন্নয়ন প্ৰকল্পৰ কাৰ্য্যালয়ত বহিব দিলে৷ আটক ধুনীয়া আচবাব পত্ৰ, সৌৰশক্তি চালিত পাঙ্খা তথা অন্নান্য বিদ্যুতচালিত সা-সৰঞ্জামৰে সেয়া চহৰাঞ্চলৰ কোনোবা আধুনিক কাৰ্য্যালয়তকৈ কোনো গুনে কম নহয়৷ কাৰ্য্যালয়ৰ বিষয়াবৰ্গৰ লগত পৰিচয় হৈ প্ৰকল্পৰ মূল বিষয়সমূহ বুজি লোৱাৰ চেষ্টা কৰিলোঁ ৷ দিনটোৰ কাৰ্য্যসূচী মতে আমি ঠিক বাৰ বজাত পশ্চিম হালধিবাৰী প্ৰাথমিক বিদ্যায়লত উপস্থিত হ’লো৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বামিম কবিৰ পাটোৱাৰীয়ে আমাক উষ্ম আদৰণি  জনালে৷ বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলো উপস্থিত হ’ল৷ পৰিচয় পৰ্ব শেষ কৰিয়ে আমি মূল কথা লৈ আহিলো৷ বিদ্যালয় পৰিচালনা সমিতিয়ে তেওঁলোকৰ কাৰ্যবিৱৰনী আমাৰ আগত বৰ্ণনা কৰি গ’ল৷ প্ৰত্যন্ত চৰৰ অশিক্ষিত নাম বা মাত্ৰ শিক্ষাৰে শিক্ষিত অবিভাৱক সকলৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ আৰু গাম্ভীৰ্যতা প্ৰত্যক্ষ্য কৰি আমি আচৰিত হ’লো৷ বছৰৰ আৰম্ভনিতে পৰিচালনা সমিতিয়ে বছৰটোৰ বাবে বিদ্যালয়ৰ লক্ষ নিৰ্ধাৰন কৰে আৰু আৰু গোটেই বছৰ সেই আাকাংক্ষিত লক্ষত উপনীত হ’বলৈ কাম কৰি যায়৷ প্ৰধান শিক্ষকৰ কাৰ্য্যালয়ৰ দেয়ালত আৰি থোৱা তেনে এটি ‘লক্ষ’ই আমাৰ দৃষ্টি আকৰ্ষন কৰিলে “অঞ্চলৰ এশ শতাংশ শিশু ভৰ্তি হ’ব আৰু পঞ্চম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থী শ্ৰেণীভিত্তিক নিৰ্ধাৰিত যোগ্যতা অৰ্জন কৰি পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ হ’ব৷” কেৱল লক্ষ নিৰ্ধাৰনেই নহয়, মাহেকিয়া অগ্ৰগতিৰ ক্ষতিয়ানো দেয়ালত আৰি থোৱা আছে৷ প্ৰধান শিক্ষকসহ পৰিচালনা সমিতিৰ বিষয়-ববীয়াসকলে আমাক শ্ৰেনীকোঠা পৰিদৰ্শন কৰিবলৈ লৈ গ’ল৷ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰে ঠাহ খাই থকা বিদ্যায়লয়ৰ প্ৰতেকটো শ্ৰেনীকোঠাত পূৰ্ণ গতিত পাঠদান চলি আছিল৷ প্ৰত্যন্ত চৰৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ চকুত লগা উপস্থিতিৰ আৰত কেৱল পৰিচালনা সমিতিৰ এশ শতাংশ নাম ভৰ্তিৰ বছৰেকীয়া ‘লক্ষ’ই একমাত্ৰ কাৰণ নাছিল৷ পশ্চিম হালধিবাৰী চৰৰ লগতে বাংলাদেশৰ বিভিন্ন পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাংলাদেশ চৰকাৰে সাৰ্বজনীন বৃত্তিৰ ব্যৱস্থা কৰিছে৷ বিভিন্ন এনজিও তথা সামাজিক প্ৰতিষ্ঠানে বিদ্যালয় বহি:ভুত শিশুৰ সংখ্যা হ্ৰাস কৰাৰ বাবে বিশেষ কাৰ্যাৱলী গ্ৰহণ কৰিছে৷ আমাৰ হোষ্ট সংস্থা ইএচডিও ই এই বিদ্যালয়ত দুজনকৈ শিক্ষা সেচ্ছাসেৱক নিয়োগ কৰিছে৷ প্লান ইন্টাৰনেশ্বনেলৰ বাংলাদেশ শাখাই বাৰিষা কালত ছাত্ৰ-ছাত্ৰীৰ যাতায়তৰ বাবে বিশেষ নাওৰ ব্যৱস্থা কৰি দিছে৷ জামালপুৰ জিলাৰ এখন চৰত বিশ্বৰ অন্যতম বৃহত্তম এনজিও ব্যাকৰ ‘শিক্ষাতৰি’ নামৰ এক বিশেষ ভাসমান বিদ্যালয় আমি প্ৰত্যক্ষ কৰিছিলোঁ৷ ২০১৩ চনত দ্যা নিউইয়ৰ্ক টাইমছে বাংলাদেশৰ ‘শ্বিধুলাই স্বনিৰ্ভৰ সংস্থা’ নামৰ এনজিওৰ ভাসমান বিদ্যালয়ৰ প্ৰসংসা কৰি এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছিল৷ প্ৰতিবেদনটোয়ে উল্লেখ কৰিছিল যে, উক্ত এনজিওটোয়ে ২০১৩ চনলৈকে সত্তৰ হেজাৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিছে৷ চলিত পাচ বছৰত (২০১৩-২০১৮) সংস্থাটোয়ে আৰু এক লাখ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হ’ব৷ বাংলাদেশৰ চৰাঞ্চলত এনে বহু সমাজিক সংস্থাই শিক্ষাৰ লগতে বিভিন্ন সমাজ উন্নয়নমূলক কাম-কাজেৰে চৰবাসীৰ কষ্ট লাগৱ কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে৷ যিটো আমি ধুবুৰী বা বৰপেটাৰ চৰত দেখা নাপাও৷ ??????????????????????????????? যিকিয়ে নহওক, আমি পশ্চিম হালধিবাৰী প্ৰাথমিক বিদ্যালয়লৈ উভতি আহোঁ৷ চৰত বিদ্যুৎ যোগান নাই বুলি আমি আগতেই উল্লেখ কৰিছো৷ প্ৰতিকুল প্ৰাকৃতিক পৰিস্থিতিৰ বাবে বিদ্যুৎৰ আশাও কৰিব নোৱাৰি৷ কিন্তু চৰৰ বিদ্যালয়ৰ শৌচাগাৰত ফ্লাছ টয়লেট দেখিহে তবৎ মানিবলগীয়া হ’ল৷ উৰ্ধ্বমূখী হেন্ড পাম্পৰ জড়িয়তে পানী টেংকীত জমা ৰখাৰ ব্যৱস্থা কৰিছে৷ যিসময়ত অসমৰ চৰৰ বিদ্যালয় দমকলতো দূৰৰে কথা পায়খানা বিচাৰি পোৱা টান সেই সময়ত বাংলাদেশী চৰৰ বিদ্যালয়ত এই সা-সুবিধা দেখি আচৰিত নহৈ নোৱাৰিলোঁ৷ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিৰ সদস্য-সদস্যা সকলৰ সৈতে আমি এক দীৰ্ঘ সময় অতিবাহিত কৰিলোঁ৷ হঠাৎ দেখা পালো প্ৰায় বিছজনীয়া কণ কণ ছাত্ৰ ছাত্ৰীৰ দল এটাই হালধীয়া টি শ্বাৰ্ট পিন্ধি খেলপথাৰৰ এটা চুকত একত্ৰিত হৈ আছে৷ প্ৰধান শিক্ষক পাটোৱাৰী চাহাবে আমাক তালৈকে লৈ গ’ল৷ ইউনিচেফৰ সহযোগত স্থানীয় সংস্থা এটাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক নিৰাপদ সাতোৰৰ প্ৰশিক্ষন প্ৰদান কৰি আছে৷ আমাৰ অত্যুৎসাহী সহকৰ্মী নিহাদ, বিজু আৰু মনুজেও ছাত্ৰ ছাত্ৰীৰ লগত জীৱন দক্ষতাৰ প্ৰশিক্ষনৰ ‘ৱাৰ্মআপ ছেশ্বন’ত ভাগ ল’লে৷ বাংলাদেশত গড় হিচাপত প্ৰতিদিনে ৫০ জনকে শিশু পানীত ডুবি মৃত্যুবৰণ কৰে৷ অসমৰ চৰতো যে এই হাৰ কোনো গুনে কম নহ’ব সেয়া ধুৰুপ৷ কিন্তু আমাৰ চৰত সাতোৰ প্ৰশিক্ষন বা সচেতনতা বৃদ্ধিৰ বাবে কোনো কাৰ্য্যকৰী ব্যৱস্থা লোৱাৰ খবৰ কেতিয়াবা সুনিছিলো বুলি মনত নপৰে৷ মাতৃ আৰু শিশু স্বাস্থ্য বিষয়ক ইএচডিওৰ এক প্ৰকল্পৰ অধীনত বাংলাদেশৰ এক বৃহৎ এলেকাত ‘মাতৃ সভা’, ‘চোতাল বৈঠক’, ‘উন্নয়নৰ বাবে নাটক’ আদিৰ জড়িয়তে সজাগতা বৃদ্ধিৰ বাবে অহৰহ প্ৰচেষ্টা চলাই থকা হৈছে৷ ??????????????????????????????? মন কৰিবলগীয়া কথাটো হ’ল যে, অসমৰ চৰ আৰু বাংলাদেশৰ চৰৰ মাজত ভূগৌলিক কোনো অমিল নাই, মানুহৰ জীৱন জীৱিকা, সংস্কৃতি আদিৰো কোনো বিশেষ অমিল নাই, এনেকি সমস্যাৰো কোনো পাৰ্থক্য নাই৷ কিন্তু অমিল এটাই – আজি বাংলাদেশৰ চৰ বিশ্বৰ আগশাৰীৰ উন্নয়ন সংস্থাসমূহৰ বাবে গৱেষনাগাৰত পৰিনত হৈছে আৰু আমাৰ চৰ সমূহ দৰিদ্ৰতা, পুষ্টিহীনতা, নিৰক্ষৰতা, কু-সংস্কাৰ আদিৰ যাদুঘৰত পৰিনত হৈছে৷ কিন্তু কিহৰ বাবে? অসমৰ চৰত “চৰ জীৱিকা কৰ্মসূচী’ৰ দৰে প্ৰকল্পৰ উদ্ভাৱন কিয় নহয়? এই জটিল প্ৰশ্নৰ উত্তৰ বিচৰাৰ আগতে বাংলাদেশৰ জামালপুৰ লাভ কৰা আমাৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি লোৱা যাওঁক ৷ ঠাকুৰগাৱৰ পৰা ৰংপুৰ হৈ গাইবান্ধা জিলাৰ ফেৰীঘাটৰ পৰা যন্ত্ৰচালিত নাওঁত ব্ৰহ্মপুত্ৰৰ বুকুৰে আমি জামালপুৰ জিলাৰ দেৱানগঞ্জ উপজিলা লৈ যাত্ৰ কৰিছিলোঁ৷ দেৱানগঞ্জত এসপ্তাহ থাকি ইএচডিও আৰু Char Livelihood Programmeৰ চৰ উন্নয়নমূলক প্ৰকল্পসমূহ অধ্যয়ন কৰাৰ পৰিকল্পনাৰে এই যাত্ৰা৷ সুবিশাল ব্ৰহ্মপুত্ৰৰ (বাংলাদেশত যমুনা নাম লৈছে ) এটি আলোক চিত্ৰ আমি জনপ্ৰিয় ছ’ছিয়েল মেডিয়া ফেচবুকত আপলোড কৰিছিলোঁ৷ আই আই টি গুৱাহাটীৰ গৱেষক বন্ধু এজনে ‘ধুবুৰীৰ দৰে’ বুলি মন্তব্য কৰাত ধুবুৰীৰ পৰা বেছিদুৰ নহয় বুলি আমি জনালোঁ৷ পিছ মুহুৰ্ত্যত তেওঁ আকৌ মন্তব্য কৰিলে – “Enter India then…. just like so-called ‘bangladeshi ghuspaithi’ hahahaha” ৷নিজকে কিছুসময়ৰ বাবে হলধিবাৰী চৰৰ এজন বাসিন্দা হিচাপে কল্পনা কৰি বৰপেটাৰ সুতিৰ চৰলৈ প্ৰব্ৰজিত হোৱাৰ কথা ভাবিলোঁ৷ সঁচাকৈ বাংলাদেশী হত-দৰিদ্ৰ চৰবাসী এজন অসমৰ চৰত গৈ আশ্ৰয় ল’বনে? আমাৰ মনে সদৰ্থক উত্তৰ বিচাৰি নাপালে৷ প্ৰায় তিনি ঘন্টাৰ যাত্ৰাৰ অন্তত দেৱানগঞ্জৰ পাৰঘাটত আমাৰ নাওঁ উপস্থিত হ’ল৷ আমাক আগুবঢ়াই নিয়াৰ বাবে ESDO-CLP প্ৰকল্পৰ কৰ্মীবৃন্ধ আহি পাৰঘাটত ৰৈ আছিল৷ দেৱানগঞ্জ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ এখন সৰু মফছল এলেকা৷ আধুনিক সা-সুবিধা থকা কাৰ্য্যালয়ৰ লগতে থকা আলহী কক্ষত আমাৰ তিনিজনৰ থকাৰ ব্যৱস্থা কৰি দিলে৷ আমাৰ মহিলা সহকৰ্মী ছৈয়দা নিহাদ ফাৰহিনক মহিলা কৰ্মীৰ ভাৰা ঘৰত থাকিব দিলে৷ সন্ধিয়া প্ৰকল্প বিষয়াৰ লগত আলোচনা কৰি পিছদিনা ৰাতিপুৱাৰ পৰাই কামত লাগি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ৷ নিহাদৰ বাবে মহিলা কৰ্মীয়ে ইলিচ মাছ আনি ৰাখিছিল৷ পদ্ধাৰ ইলিচৰ লোভে হয়তো তাইক অকলে থাকিবলগীয়া হোৱাৰ বেজাৰ পাহৰাই ৰাখিছিল । পিছদিনাই ৰাতিপুৱাই আমি বাহাদুৰাবাদৰ মদন চৰৰ ‘সাপ্তাহিক সামাজিক উন্নয়ন’ সভাত উপস্থিত হ’লো৷ ESDO-CLP য়ে চৰৰ দৰিদ্ৰতম পৰিয়ালবোৰক সামৰি লৈ এই প্ৰকল্প বাস্তৱায়িত কৰি আছে৷ চিএলপিয়ে বাংলাদেশৰ ছয়খন চৰ অধ্যুষিত জিলাত দৰিদ্ৰতা দুৰিকৰণৰ লগতে সামাজিক উন্নয়নৰ বাবে কাম কৰি আছে৷ প্ৰতেকটো হিতাধিকাৰী পৰিয়ালক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিবলৈ বিভিন্ন পৰ্যায়ত সহায় আৰু সহযোগ কৰি ১৮ মাহৰ ভিতৰত স্বাৱলম্ভী কৰি তোলাৰ প্ৰয়াস কৰা হয় আৰু চিএলপিয়ে এতিয়ালৈকে এক বিশাল সাফল্য লাভ কৰিবলৈ সক্ষমো হৈছে৷ আমি অংশ গ্ৰহন কৰা সভাত সেই দিনাৰ কাৰ্যসূচীমতে চৰকাৰী বিভাগ সমূহৰ বিষয়ে চৰৰ মহিলা সকলক শিক্ষা দি থকা হৈছিল৷ ৪৫ সপ্তাহৰ বাবে চিএলপিয়ে এক বিশেষ পাঠ্যক্ৰম সৃষ্টি কৰি প্ৰতেক সপ্তাহত চৰবাসীক বিভিন্ন বিষয় যেনে- চৰকাৰৰ বিভিন্ন বিভাগ আৰু নাগৰিক অধিকাৰ, পঞ্চায়ত, শিক্ষা, স্বাস্থ্য, পৰিয়াল পৰিকল্পনা, পশুপালন ইত্যাদিৰ ওপৰত শিক্ষা প্ৰদান কৰা হয়৷ সভাত উপস্থিত থকা মহিলাসকলে আমাক জনালে যে, তেওঁলোকে প্ৰতেকে এই প্ৰকল্পৰ পৰা এটা ঘৰ (প্ৰয়োজন ঘৰৰ ভেটিত মাটি পেলাই ওখ কৰাও হৈছে)), এটা পাঁচলিৰ বাগিচা, এটা অনাময় পায়খানা, এটা পচন সাৰ সৃষ্টি কৰা গাত তথা চালি আৰু এজনী গাই গৰু লাভ কৰিছে৷ গো-পালনৰ বাবে প্ৰথম ১ বছৰ  ৭৫০ টাকা আৰু পৰবৰ্তী ৬ মাহ ৬০০ টাকা মাহেকীয়া ভাট্টাও লাভ কৰি আছে৷ ১৮ মাহৰ ভিতৰত যিকোনো প্ৰকাৰে পৰিয়ালটোক দৰিদ্ৰতাৰ পঙ্কিল-চক্ৰৰ পৰা যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবই লাগিব৷ সভা শেষ কৰি আমি চৰৰ আৰু কিছু পৰিয়ালক লগ কৰিব গ’লো৷ এঘৰত আমি কথা পাতি থাকোতে এগৰাকী যুৱতীয়ে হাতত ডাঙৰ বহী এখন লৈ কৰবাৰ আহিল৷ আমাৰ লগত থকা ESDO-CLPৰ কৰ্মকৰ্তাজনে পৰিচয় কৰাই দিলে – এষেত “পুষ্টি বাইদেউ”৷ প্ৰকল্প চলি থকা প্ৰতেকটো চৰত একোজনকৈ পুষ্টি কৰ্মীয়ে প্ৰতেকজন চৰবাসীৰ ঘৰে ঘৰে গৈ পুষ্টিহীনতাৰ লক্ষন, কাৰণ আৰু প্ৰতিকাৰৰ বাবে সচেতনতা বৃদ্ধি কৰি আছে৷ গোটেই দিনটো বিভিন্ন এলেকা পৰিদৰ্শন কৰি এনেকুৱা অনুভৱ হ’ল যেন দৰিদ্ৰতা, পুষ্টিহীনতা, নিৰক্ষৰতা, বাল্য বিবাহ এনেকি নিবনুৱা সমস্যাৰ বিৰোদ্ধে এক বিৰাট যুদ্ধহে চলি আছে আৰু যি যুদ্ধ যিকোনো মূল্যৰ বিনিময়ত জয়ী হ’বই লাগিব৷ ??????????????????????????????? পিছদিনা চাৰুমখাৱাৰ মৌলবীৰ চৰলৈ গ’লো৷ তাতো একে পৰিস্থিতি৷ প্ৰত্যন্ত চৰ৷ প্ৰথমতে আমাক এটা বিশেষ প্ৰশিক্ষন শিবিৰলৈ লৈ যোৱা হ’ল৷ নৱবিবাতিত দম্পতিক পৰিয়াল পৰিকল্পনা, নাৰী সাৱলীকৰণ, নাৰী অধিকাৰ, বৰ্ধিত আয় ইত্যাদিৰ ওপৰত প্ৰশিক্ষন দি থকা হৈছিল৷ ইচলামিক ষ্টাডিচৰ স্নাতোকত্তৰ ডিগ্ৰীধাৰী প্ৰশিক্ষক আবু বাক্কাৰ ছিদ্দিকে সাৱলীলভাৱে ধৰ্মীয় নীতি নিৰ্দেশনাৰ অধীনত কিদৰে সুস্থ আৰু সৰ্বাঙ্গসুন্দৰ দাম্পত্য জীৱন গঢ়িব পাৰি তাৰ ওপৰত গুৰুত্ব দি এক বিশেষ বক্তব্য প্ৰদান কৰিলে৷ ধৰ্মীয় আনুগত্যক কিদৰে উন্নয়নৰ কামত লগাব পাৰি তাৰ এক সুন্দৰ উদাহৰণ আমি প্ৰত্যক্ষ কৰিলোঁ৷ কেৱল সেয়াই নহয় আমি প্ৰত্যক্ষ কৰিছিলো কিদৰে বাংলাদেশ চৰকাৰৰ বিভিন্ন প্ৰচাৰ প্ৰত্ৰ জড়িয়তে ধৰ্মীয় নেতৃত্বক চৰৰ উন্নয়নমুলক কামত ব্যৱহাৰ কৰি আছে৷ যিসময়ত আমাৰ দেশত ‘সচ্চ ভাৰত অভিযান’ৰ নামত ৰাজনৈতিক দলৰ ৰথী-মহাৰথীৰ নাটকৰ অন্ত নাই সেই সময়ত মৌলবীৰ চৰৰ আন এটা সভাত আমি এক ভিন্নধৰ্মী অভিজ্ঞতা লাভ কৰিলোঁ৷ ১০০ শতাংশ অনাময় পায়খানাৰ লক্ষত চৰবাসী কিদৰে উপনীত হ’ল সেয়া জানিবলৈ বৰ ইচ্ছা গ’ল৷ এই সাফল্যৰ আঁৰৰ ৰহস্য জানিব বিচৰাত পঞ্চাশোৰ্ধ মহিলা এজনীয়ে টপৰাই উত্তৰ দিলে “আমাৰ এটা সিদ্ধান্তই এই লক্ষত উপনীত হ’বলৈ সহায় কৰিছে, সেয়া হ’ল – চকিদাৰৰ মলমূত্ৰ সভাপতিক ভক্ষন কৰিব নিদিওঁ”৷ মানুহজনীৰ লেগামহীন কথাত আচৰিত নৈ নোৱাৰিলোঁ৷ তথাপিও সুধিলো “সেয়া কেনকৈ?” আমাৰ প্ৰশ্নৰ উত্তৰ দি ক’লে যে, তেওঁলোকে প্ৰথমতে চৰৰ আটাইতকৈ দুখিয়া পৰিয়ালবোৰক টাৰ্গেট কৰি লৈছিল; যাতে কোনো কাৰনতে এটা পৰিয়ালো সম্পুৰ্ণ অনাময়ৰ বাহিৰত নাথাকে৷এটা খোলা পায়খানাই গোটেই চৰবাসীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি হ’ব পাৰে৷ খোলা পায়খানাৰ মলমূত্ৰৰ জড়িয়তে বিয়পিব পৰা বেমাৰ আজাৰৰ পৰা আঁতৰত থকাৰ এইটোয়ে আটাইতকৈ ফলপ্ৰসু উপায়৷ ???????????????????????????????কিন্তু অসমৰ কোনোবা চৰত ‘সচ্চ ভাৰত অভিযান’ৰ অধিনত এনে কোনো কাম কৰা হৈছেনে যাৰ দ্ধাৰা চৰবাসীক অনাময়ৰ প্ৰয়োজনীয়াতা উপলব্ধি কৰাব পৰা হৈছে? The Economist নামৰ আলোচনীয়ে বাংলাদেশৰ ওপৰত প্ৰকাশ কৰা এটা বিশেষ প্ৰতিবেদনত উল্লেখ কৰিছিল যে, বাংলাদেশে সমাজৰ নিন্মবৰ্গৰ মানুহৰ জীৱনধাৰণৰ মানদন্ড উন্নত কৰাত এক যুগান্তকাৰী সফলতা লাভ কৰিছে৷ আজিৰ তাৰিখত প্ৰায় আাটাইবোৰ গুৰুত্বপূৰ্ণ মানৱ উন্নয়ন সুচক যেনে, Maternal Mortality Rate, Infant Mortality Rate, Life Expectancy ইত্যাদিত বাংলাদেশ ভাৰততকৈ ভাল ফলাফল প্ৰদৰ্শন কৰি আছে৷অকল অসমৰ পৰিসংখ্যাৰ লগত তুলনা কৰিলে এই ব্যৱধান আৰু বেছি৷ অসমৰ এজন শিশুৰ আকাংশিত আয়ু বাংলাদেশৰ এজন শিশুৰ আকাংশিত আয়ুতকৈ প্ৰায় দহ বছৰ কম! বাংলাদেশৰ এই চমকপ্ৰদ সাফল্যত আমাৰ প্ৰাক্তন কেন্দ্ৰীয় গ্ৰাম উন্নয়ন মন্ত্ৰী জয়ৰাম ৰমেশে কৈছিল যে,  সমাজ পৰিবৰ্তনৰ বাবে উচ্চ অৰ্থনৈতিক বৃদ্ধিলৈ অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই আৰু বাংলাদেশে সেয়া কৰি দেখুৱাইছে৷ কিন্তু অসমৰ চৰত আৰ্থ-সামাজিক পৰিবৰ্তনৰ যাত্ৰা আৰম্ভ নোহোৱাৰ কাৰণ কি? বাংলাদেশৰ চৰবাসীৰ বাবে যদি পশ্চিমীয়া দেশ তথা ৰাষ্ট্ৰসংঘৰ উন্নয়নকামী সংস্থাসমূহে অহৰহ প্ৰচেষ্টা কৰি যাব পাৰে, অসমৰ চৰবাসীৰ বাবে কিয় নোৱাৰে? অসমৰ চৰবাসীয়ে কি অপৰাধ কৰিছে? এই খিনিতে  এটা ঘটনা মনত পৰিছে, মোৰ সহকৰ্মী মনুজে দেৱানগঞ্জত ৰাষ্ট্ৰসংঘৰ “World Food Programme”ৰ বিষয়াসকলৰ লগত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি WFPৰ Logo অংকিত গাড়ীত আগত থিয় হৈ ফ’টো উঠিলে৷ WFPয়ে, দেয়ানগঞ্জ সমন্নিতে বাংলাদেশৰ এক বৃহৎ এলেকাত কাম কৰি আছে৷ বিশেষকৈ বানপানীত ক্ষতিগ্ৰস্থ লোকসকলক খাদ্য যোগান ধৰি আছে৷ মনত এক বুজাব নোৱাৰা কষ্ট অনুভৱ কৰিলোঁ৷ যি সময়ত এজন অসমীয়াই WFPৰ গাড়ীৰ আগত থিয় হৈ ফ’টো উঠি আত্ম তৃপ্তি লাভ কৰিছে,  ঠিক  প্ৰায় একে সময়তে অসমৰ গোৱালপাৰা জিলাৰ বানপীড়িতৰ ওপৰত অসম আৰক্ষীয়ে বৰ্বৰ বাবে আক্ৰমন চলাইছে ৷ বানপীড়িতৰ অপৰাধ আছিল যে, তেওঁলোকে উপযুক্ত সাহাৰ্য্যৰ দাবী কৰিছিল৷ অসমৰ বানপীড়িতৰ বাবে WFPএ কিয় কাম কৰিব নোৱাৰে? অসমৰ বানপীড়িত বা চৰবাসীৰ দূৰ্দশাক লৈ কোনেও চিন্তা কিয় নকৰে? আচলতে কেৰোণটো ক’ত? আমি আজিৰ আলোচনাৰ আৰম্ভনিতে ধুবুৰীৰ চৰাঞ্চল ভ্ৰমন কৰাৰ কথা উল্লেখ কৰিছিলো৷ বাশ্বাৰাত পীৰ চাহাবৰ লগত ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তৰ চৰসমূহ ভ্ৰমন কৰি আহি গুৱাহাটীত কিছু দল সংগঠনৰ কৰ্মকৰ্তাৰ আলোচনা কৰিছিলোঁ৷ তেনে এটি আলোচনাত, চৰ-চাপৰিৰ এজন যুৱ-নেতাই চৰৰ মানুহৰ দুৰ্দশাৰ কথা পীৰ চাহাবৰ আগত বৰ্ণনা কৰি আছিল৷ তেখেতে কিছুসময় মনযোগ দি শুনি ওলোটাই প্ৰশ্ন কৰিলে “আপুনি সেই দুৰ্গত সকলৰ বাবে কি কৰিছে?” যুৱ নেতাৰ মূখৰ বৰণ পৰিবৰ্তন হৈ গ’ল৷ “আজি পৃথিৱীৰ কেইজন মানুহে অসমৰ চৰবাসীৰ অৱস্থাৰ কথা গম পায়? আপোনাৰ সমস্যাৰ কথা বেলেগে কিয় ক’ব যাব?” কেৱল সেই যুৱ নেতাজনেই নহয়, আচলতে পীৰ চাহাবৰ প্ৰশ্নবোৰৰ উত্তৰ দিবৰ জোখাৰে আমি সমাজ জীৱনৰ লগত জড়িত কেইজন ব্যক্তিয়ে কাম কৰিছোঁ৷ আমাৰ দায়বদ্ধতা কেৱল চৰকাৰ বা শাসক শ্ৰেনীক সমালোচনা কৰোতেই  শেষ হৈ যায় নে? আমি বাংলাদেশৰ চৰচাপৰি ভ্ৰমন কৰি গভীৰ ভাৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছোঁ যে, আচলতে অসমৰ চৰবাসীৰ দূৰ্দশাৰ কাৰন প্ৰতিকুল প্ৰাকৃতিক পৰিবেশ নহয় বৰঞ্চ চৰকাৰ, ৰাজনৈতিক তথা সামাজিক নেতৃত্ব্যৰ অনিহা আৰু পৰিকল্পতিত বৈষম্যমূলক আচৰণহে ইয়াৰ বাবে দায়ী৷ আজিৰ অসমৰ চৰৰ আৰ্থ-সামাজিক পৰিস্থিতিত অকল ৰাজনৈতিক একত্ৰীকৰণে সমস্যাৰ সমাধান কৰিব বুলি আমাৰ মনে নকয়; বাংলাদেশী চৰৰ দৰে ইয়াতো স্থিতাৱস্তাৰ পৰিবৰ্তনৰ বাবে সামাজিক আৰু মানৱ উন্নয়নমূলক এক বিপ্লৱ অপৰিহাৰ্য্য৷

Disaster Risk Reduction Day Celebrated in Guwahati

Quote Posted on Updated on

International Disaster Risk Reduction Day was celebrated on 29th of October 2013 under the auspices of District Disaster Management Authority (DDMA) Kamrup (Metro) and Assam State Disaster Management Authority (ASDMA) Govt. of Assam in collaboration with Inter Agency Group-Assam (IAG-Assam). IAG-Assam is an umbrella organisation of development organisations working in Assam. One of the major objectives of the group is to collectively response any disaster and also to create awareness to mitigate the disaster risks.

The theme of for 2013 International Day for Disaster Risk Reduction is “Living with Disability and Disaster”. The disabled persons are more prone to disaster risks not only because of the challenges they face; but also due to the negligence of the family members and neighbours.

A number of programmes and events were organised in connection of the occasion. The celebration started with a walkathon from DC office compound of Kamrup Metro district and ended at circuit house via Meghdoot Bhawan, Cotton College, Dighali Pukhuri and Gauhati High Court. The “Walkathon” was flagged off by the Additional Deputy Commissioner, (Disaster Management) CEO, DDMA, Kamrup Metro, in the presence of Mr. Kaustav Talukdar, District Project Officer, DDMA, Kamrup (Metro). Nearly four hundred participants from various organisations, government offices, universities, colleges and differently able students from different institutions also participated in the walkathon. The participants displayed various banners and play cards to send a message to society to treat the disabled during disaster sensitively. Some of the play cards read to respect the dignity and wishes of the persons with disability and also appeal to render post disaster emergency services to the persons with disability without any discrimination.

Participating in the walkathon Mr. Puberun Deka Phukan, Programme Officer, Aide et Action International says “We hope that this programme will help to sensitise the people to reduce the risks of disaster and especially to ensure the inclusion of persons with disability in the whole process of disaster risk reduction” Mr. Phukan’s organisation Aide et Action International holds the responsible portfolio of treasurer at Inter Agency Group, Assam.IMG_1837

Central venue of the celebration was at Shishu Sarothi, Guwahati, a premier organisation working on disability and policy advocacy in north east India. The events at Shishu Sarothi started with music, drama and arts performed by differently able persons. National Disaster Response Team from Indian Red Cross Society performed a mock drill on post disaster response and management. Street plays were also organised in various places of the city by the students of Assam Don Bosco University and members of Grammya Vikas Mancha (GVM), Nalbari to sensitise the people about the plight of the disabled persons and their vulnerability during disaster.

A penal discussion was held at the venue centred on the theme of disaster and disability. Eminent experts from both government and civil society groups participated as panellists. Panel of Mr. Ravindra Nath, Ashoka Fellow, Engineer and Mentor, Rural Volunteer Centre (RVC), Professor Sandhya Limaye, Centre for Disability Studies and Action, School of Social Work, Tata Institute of Social Sciences, Mumbai, Mr. Rajesh Dutta, Engineer and Consultant, Assam State Disaster Management Authority (ASDMA) and Mr. Kaustav Talukdar, District Project Officer, District Disaster Management Authority (DDMA), Kamrup (Metro) discussed the various aspects of the theme and the discussion was moderated by Mr. A.K. Goldsmith, Director, Asian Rural Life Development Foundation (ARLDF). A Plan of Action (POA) was drafted based on the recommendations of the panel discussion and would be forwarded to Assam State Disaster Management Authority.