Siddique Ahmed

বিটিএডিৰ মুছলমানে ন্যায় পাবনে?

Posted on Updated on

DSC_0149১ মে’ ২০১৪, আন্তৰ্জাতিক শ্ৰমিক দিৱস৷এই দিনটোক সমগ্ৰ বিশ্বৰ শ্ৰমজীৱি মানুহে শ্ৰেণী সংগ্ৰামৰ এক চৰম ত্যাগৰ দিন হিচাপে উৎযাপন কৰে আৰু নিড়ীপিত তথা নিৰ্যাতিত শ্ৰেণীৰ মুক্তিৰ বাবে একত্ৰিত হোৱাৰ আহ্বান জনায়৷ কিন্তু চৰম পৰিতাপৰ বিষয় যে, সেই একেটা দিনতে এটা নিপীড়িত জাতিৰ তথাকথিত প্ৰতিনিধিয়ে ৰাজনীতিৰ কূটিল পাক-চক্ৰত পৰি আন এটা নিপীড়িত জাতিৰ ওপৰত নৰমেধ যজ্ঞৰ পুনৰাম্ভ কৰিলে৷ বড়োভুমিত সংগঠিত হৈ থকা নৰসংহাৰে সমাজ-বিজ্ঞানীসকলক চিন্তাম্বিত কৰি তুলিছে৷ যোৱা এক আৰু দুই মে’ত বিটিএডিৰ বাকচা জিলাৰ নৰসিংবাৰী আৰু ননকে খাগ্ৰাবাৰীৰ লগতে কোকৰাজাৰ জিলাৰ বালাপাৰাৰ হত্যাযজ্ঞত এতিয়ালৈকে ৪৫ জন নিৰিহলোকে প্ৰাণ হেৰুৱাৰ লগতে ১০ জন এতিয়াও নিৰোদ্দেশ হৈ আছে৷ নিৰোদ্দেশসকল যে কেতিয়াবা জীৱন্তে উভতি আহিব সেই আশা খুবেই খীন৷ আটাইতকৈ মৰ্মান্তিক কথাটো হ’ল – নিহত, নিৰোদ্দেশ আৰু আহত সকলৰ সৰহ সংখ্যকে হৈছে অবোধ শিশু আৰু মহিলা৷

সেহতীয়াকৈ বিটিএডিত সংগঠিত নৰমেধ যজ্ঞৰ ওপৰত ইতিমধ্যে বহু বিজ্ঞজনে আলোচনা-পৰ্য্যালোচনা আগবঢ়াইছে৷ কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ যে, প্ৰায় সকলোবোৰ ৰাজনৈতিক বিশ্লেষকে এই হত্যা যজ্ঞৰ প্ৰথমলানি ঘটনা এৰাই চলিছে৷ আমাৰ ধাৰণা হয়, ননকে খাগ্ৰাবাৰীৰ বৰ্বৰ ঘটনাই প্ৰাৰম্বিক ঘটনাৰ গুৰুত্ব লঘু কৰিছে, লগতে আমি উপলব্ধি কৰিছোঁ যে, খুব নগন্য সংখ্যক ৰাজনৈতিক বিশ্লেষক বা ভা্ষ্যকাৰেই সেই ঘটনাৰাজিৰ বিষয়ে অৱগত৷ আমাৰ এই আলোচনাত সেই তলপৰি যোৱা বিষয়সমুহ যথেষ্ঠ গুৰুত্বসহকাৰে বিশ্লেষন কৰাৰ প্ৰয়াস কৰিম৷

২৪ এপ্ৰিলৰ নিৰ্বাচনৰ দিনা, কোকৰাঝাৰ জিলাৰ গোসাইগাওঁৰ এটা ভোট গ্ৰহন কেন্দ্ত হঠাৎ হুৱা-দুৱা লাগে৷ সকলো ভোট চন্দন ব্ৰহ্মৰ নামত পৰি আছে বুলি গুজব উঠে৷ উৰাবাতৰি বনজুইৰ দৰে বিয়পি পৰে৷উত্তেজনাই হিংসাত্মক ৰূপ ল’বলৈ বেছিপৰ ন’ললে৷উত্তজিত ভোটাৰে ইভিএম ভাঙি চুৰমাৰ কৰি পেলালে, হিংসাত্মক আক্ৰমনত প্ৰাণ হেৰুৱালে এজন কৰ্তব্যৰত আৰক্ষী জোৱান আৰু নিৰ্বাচনী বিষয়া সমন্নিতে বহু কেইজন আহত হ’ল৷ দৰাচলতে, সেই উৰাবাতৰি কোনে প্ৰচাৰ কৰিছিল বা প্ৰকৃত উদ্দেশ্য কি আছিল সেই কথা কোনেও নাজানে৷ কিন্তু আজিৰ তাৰিখত সেই এলেকাৰ একাংশ সচেতন নাগৰিকে উপলব্ধি কৰিছেযে, সেয়া আচলতে বিপিএফ দলৰ এক পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ আছিল, যাৰ দ্বাৰা চন্দন বিৰোধী ভোটাৰক অনায়াসে ভোটদানৰ পৰা আতৰত ৰখাৰ চেষ্টা কৰা হৈছিল৷

পিছদিনা ৰাতিপুৱা ৩.৩০ বজাৰ পৰা হাড়ভাঙ্গা, বালাপাৰা, জমুনাটাৰী আদি ৰ লগতে সাঁতখনকৈ গাৱঁত আৰক্ষী বাহিনী আৰু দুস্কৃতিকাৰীয়ে এফালৰ পৰা ধংসযজ্ঞ চলাই যায়৷ আৰক্ষীৰ লাঠিৰ কোবৰ পৰা ৰেহাই নাপায় শিশু, মহিলা এনেকি শয্যাশায়ী আশী বছৰীয়া বৃদ্ধ৷ঘৰৰ আচবাৱ-পত্ৰ ভাঙি চুৰমাৰ কৰাতে ক্ষান্ত নাথাকি আৰক্ষী বাহিনীয়ে টকা, এটিএম কাৰ্ড, পান কাৰ্ডৰ লগতে অন্যান্ন মূল্যৱান নথিপত্ৰও লুট কৰি লৈ যায়৷ আৰক্ষীৰ বৰ্বৰ আক্ৰমন ব্যাখ্যা কৰি বালাপাৰাৰ আশী বছৰীয়া চামচুল হ’কে কয়যে, ৰাতিপুৱা প্ৰাত:কৰ্ম কৰিবলৈ গৈ থাকোতে তেওঁক পিছফালৰ পৰা আৰক্ষীয়ে অতৰ্কিতে লাঠিৰে কোবাবলৈ আৰম্ভ কৰে, একেকি তেওঁৰ বৃদ্ধা পত্নীকো ৰেহাই নিদিলে৷ স্বাস্থ্যজনিত কাৰণত ভোটদান কৰিব নোৱাৰা চামচুল হ’কে আজিওঁ বিশ্বাস কৰিবলৈ টান পায় যে আৰক্ষীৰ লোকে তেওঁৰ দৰে বৃদ্ধ এজনকো শাৰিৰীক ভাৱে অত্যাচাৰ কৰিব পাৰে৷ৰাতিপুৱা ঠিক ৪.00 টা বজাত আকতাৰা ভানুৰ ঘৰতো চলে ঠিক তেনেই এক বৰ্বৰ আক্ৰমন৷ আৰক্ষী বাহিনীয়ে ভানুৰ ঘৰত সোমাইয়ে অতৰ্কিতে লাঠিচালনা কৰিবলৈ আৰম্ভ কৰে৷ আৰক্ষীৰ অত্যাচাৰৰ পৰা ভানু আৰু তাইৰ গাভৰু ছোৱালীও বাদ নপৰে৷ আৰক্ষীৰ ভোতজোতাৰ গোৰত তাইৰ দহ বছৰীয়া পুত্ৰৰ অন্ডকোষ ফাটি যায়৷ ভানু হেজাৰ চেষ্টা কৰিও বুজি নাপায়, তাইৰ বা তাইৰ নাবালক ল’ৰা-ছোৱালীৰ অপৰাধ কি? সেই একেই অকথ্য নিৰ্যাতন আন এঘৰত৷ আৰক্ষীয়ে বলপূৰ্বক ঘৰত সোমাই মাকৰ কোলাৰ পৰা সদ্ধোজাত শিশুক দলি মাৰি পেলাই দি মাকৰ গাৰ কাপোৰ টানি তাইক উলংগ কৰিবলৈ চেষ্টা কৰে৷ নিজৰ ইজ্জত বচাবলৈ তাই দৌৰি পলাই যায় যদিওঁ তাইৰ ১৪ বছৰীয়া ছোৱালীক আৰক্ষীৰ বৰ্বৰতাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে৷ আৰক্ষীয়ে তাইক নিষ্ঠুৰ ভাৱে শাৰীৰিক নিৰ্যাতন চলায়৷ সিদিনা আৰক্ষীয়ে যেন বৰ্বৰতাৰ সকলো সীমাই চেৰাই পেলাইছিল৷ মানুহ কিমান নিষ্ঠুৰ হ’লে গৰ্ভৱতী নাৰীৰ পেটত লাঠিৰে কোবাৱ পাৰে? নিৰ্যাতিত মহিলা গৰাকীৰ হয়তো গৰ্ভপাত কৰাৰ বাহিৰে গত্যন্তৰ নাই৷ আৰক্ষীৰ অত্যাচাৰৰ কাহিনী ইয়াতেই শেষ নহয়৷ চাৰিজনীকৈ বিবাহ-যোগ্য গাভৰুক ঘৰৰ পৰা উঠাই জংগললৈ লৈ যায়৷ দুই ঘন্টাৰো অধিক সময় পিছত সিহঁত উভতি আহে৷ কিন্তু সিহঁতৰ মুখ ফুটি উলাই নাহে অত্যাচাৰৰ কাহিনী৷ চৰম মানসিক চাপত যেন সিহঁত একো একোটা জীৱন্ত মৃতদেহ!

সাঁতখন গাঁৱৰ বাসিন্দাই চৰম আতংকত ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ পলায়ন কৰা আৰম্ভ কৰিছিল৷ অসমৰ দুই এখন সংবাদপত্ৰৰ তেনেই সাধাৰন প্ৰতিবেদনৰ বাহিৰে এই ঘটনাক কোনেও গুৰুত্ব প্ৰদান কৰা আমাৰ পৰিলক্ষিত নহ’ল৷ সঠিক সময়ত সংবাদ মাধ্যমে উচিত পদক্ষেপ ল’লে হয়তো বালাপাৰা, নৰসিংবাৰী বা ননকে খাগ্ৰাবাৰীৰ গণ-হত্যা এৰাই চলিব পৰা গ’লহেতেন৷ তিনি-চাৰি দিনলৈকে সন্ত্ৰস্ত গাওঁবাসীৰ কাষত দিয় দিবলৈ কোনো আগবাঢ়ি অহা নাছিল৷ ২৮ তাৰিখত স্থানীয় মানৱাধিকাৰ কৰ্মীয়ে এলেকাসমূহ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়৷ বিটিএডি ভিত্তিক কাম কৰা এটা মানৱাধিকাৰ সংগঠনৰ মূখ্য কার্যনির্বাহকেআমাকজনায়যে, তেওঁৰ সংগঠনে অসম ৰাজ্যিক মানৱাধিকাৰ আয়োগক নিজাবৱীয়াকৈ এটি গোচৰ ৰুজু কৰাৰ বাবে আবেদন কৰিছিল যদিও আয়োগে প্ৰথমতে স্থানীয় আৰক্ষী থানাতহে গোচৰ তৰাৰ পৰামৰ্শ দিছিল! আন এজন স্থানীয় মানৱাধিকাৰ কৰ্মী মোখলেছুৰ ৰহমানে আমাক  জনাইছিল  “দুৰ্ভুগীয়া মানুহবোৰ অত্যন্ত সন্ত্ৰস্তহৈ পৰিছে ৷ ন্যায়ৰ বিচাৰিবলৈ সাহস গোটাব পৰা নাই ৷”

প্ৰায় দুই দিনৰ কঠিন পৰিশ্ৰমৰ শেহত মানৱাধিকাৰ কৰ্মী মোখলেছুৰ ৰহমানে প্ৰায় পঞ্চাচটা পৰিয়ালক গোচৰ তৰিবলৈ সৈমান কৰিবলৈ সক্ষম হৈছিল ৷ তেতিয়ালৈকে আমাৰ হাততো সেই নাৰকীয় ঘটনাৰ ভিডিঅ’  ফুটেজ আহি পৰিছিল ৷ আমি সাধ্যানুসৰে বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় মানৱাধিকাৰ সংগঠন তথা কৰ্মীক এই ঘটনাৰ বিষয়ে অৱগত কৰিছিলোঁ ৷ যাৰ  ফলস্ৰুতিত কোকৰাঝাৰৰ জিলা প্ৰশাসনক পদক্ষেপ গ্ৰহন কৰিবলৈ বিভিন্ন ব্যাক্তি তথা সংগঠনৰ পৰা হেঁচা প্ৰয়োগ কৰাহৈ আছিল ৷ আমি আশা কৰিব পাৰিছিলোঁ যে,  জিলা প্ৰশাসনে ব্যাৱস্থা গ্ৰহন কৰিবলৈ বাধ্য হ’ব ৷

কিন্তু ৩০ এপ্ৰিলৰ পৰা সমগ্ৰ বিটিএডিৰ পৰিস্থিতিয়ে বেলেগ ৰূপ ল’বলৈ আৰম্ভ কৰে৷প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়িকা প্ৰমিলাৰাণী ব্ৰ্হ্মই ৰাজহুৱা বাবে ঘোষনা কৰিলে যে, কোকৰাঝাৰ লোকসভা সমষ্ঠিৰ মুছলমানে বিপিএফৰ প্ৰাৰ্থীক চন্দন ব্ৰহ্মক ভোটদান কৰা নাই আৰু যাৰ পৰিপ্ৰক্ষিতত চন্দন ব্ৰহ্মই পৰাজয়বৰণ কৰিব লাগিব৷ আচলতে প্ৰমিলাৰাণীৰ এই উচটনিমূলক বক্তব্যৰ পিছদিনাৰ পৰাই বিটিএডিত মুছলমান নিধন যজ্ঞৰ আৰম্ভ হয়৷ ১ মে’ইৰ দিনা সন্ধিয়া বাকছা জিলাৰ নৰসিংবাৰীত এটা পাচঁ-ছজনীয়া বন্দুকদাৰী উগ্ৰপন্থীৰ গুলিত তিনিজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে দুটি কনমানি শিশু গুৰুতৰ বাবে আহত হয়৷ গুলিবিদ্ধ ৰাশ্বিদা খাতুনে (১২) সেই ভয়ংকৰ সন্ধিয়াৰ কথা আমাৰ আগত বৰ্ণনা কৰি কয় যে, কেইমুহুৰ্তৰ ভিতৰতে তাইৰ পিতৃ-মাতৃ আৰু আইতাকে (সম্বন্ধীয়) বন্দুকৰ গুলিত মাটিত ঢলি পৰিছিল৷ এতিয়া ১৪ বছৰীয়া বাইদেউ আৰু ৭ বছৰীয়া ভাইটিৰে ৰাশ্বিদাৰ পৰিয়ালত কোনো প্ৰাপ্তবয়স্ক লোক নাই৷  চিকিৎসালয়ৰ বিছনাত শুই থকা ৰাশ্বিদাক অধিক প্ৰশ্ন কৰাৰ সাহস আমি গোটাব নোৱাৰিলোঁ৷ ৰাশ্বিদাৰ মানসিক অৱস্থাৰ বিৱৰন দিব পৰা সামৰ্থ হয়তো আমাৰ নাই৷

নৰসিংবাৰীৰ নৰসংহাৰৰ কেইঘন্টামানৰ পিছতে, ৰাতি প্ৰায় বাৰ বজাত কোকৰাঝাৰ জিলাৰ গোসাইগাওঁৰ বালাপাৰাত বন্দুকদাৰী উগ্ৰপন্থীয়ে আঠজনকৈ মুছলমানক হত্যা কৰে৷ বালাপাৰা সেই সাতখনৰ গাওঁৰে এখন য’ত ২৫ তাৰিখৰ পুৱতি নিশা আৰক্ষীয়ে বৰ্বৰ বাবে আক্ৰমান কৰিছিল৷ মানৱাধিকাৰ কৰ্মী মোখলেছুৰ ৰহমান লগতে বহুতে সন্দেহ কৰে যে, পুলিচি নিৰ্য্যাতনৰ বিৰোদ্ধে গোচৰ দিয়াৰ যো-জা কৰি থকা বাবেই হয়তো বালাপাৰাবাসী এই আক্ৰমনৰ বলি হৈছিল৷ উপৰোক্ত পৰিঘটনা বিশ্লেষন কৰিলে বুজিবলৈ বাকি নাথাকে যে, এই গনহত্যাত শাসনযন্ত্ৰ প্ৰত্যক্ষভাৱে জড়িত আছিল৷

এই হত্যাযজ্ঞৰ দ্বিতীয় দিনৰ পৰিঘটনা পৰ্য্যালোচলা কৰিলে চৰকাৰী শাসনযন্ত্ৰৰ ভূমিকা আৰু জলজল পটপট হৈ  পৰে৷ ২ মে’ শুকুৰবাৰ৷ বাকছা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত ননকে খাগ্ৰাবাৰী গাওঁ৷ আধুনিক সভ্যতাৰ কোনো উপস্থিতি নথকা এখন আদিম গাওঁ৷ শিক্ষা-স্বাস্থ্য-খোৱাপানী-বিজুলী-যাতায়ত-যোগাযোগ বা আন যিকোনো আধুনিক সুবিধাই ননকে খাগ্ৰাবাৰীক এতিয়াওঁ ঢুকি পোৱা নাই৷ গাওঁবাসীয়ে নিত্যপ্ৰয়োজনীয় সামগ্ৰী কিনিববলৈ বা উৎপাদিত কৃষিজাত সামগ্ৰী বিক্ৰী কৰিবলৈ খৰস্ৰোতা বেঁকী নদী পাৰহৈ নাৰায়নগুৰিৰ ভাঙ্গাৰপাৰৰ সাপ্তাহিক বজাৰলৈ যাবলগীয়া হয়৷২ মে’ৰ সেই কালিকা ল’গা শুকুৰবাৰটোও ভাঙ্গাৰপাৰৰ সাপ্তাহিক বজাৰ দিন আছিল৷ ননকে খাগ্ৰাবাৰীৰ প্ৰায় সকলো পুৰুষ সদস্য বজাৰ কৰিবলৈ ভাঙ্গাৰপাৰলৈ গৈছিল৷ ৭০টা পৰিয়ালৰ বসতি গাওঁখনত আাছিল মাথো শিশু মহিলা আৰু বৃদ্ধসকল৷  আবেলি প্ৰায় চাৰি বাজিছে, এনেতে  গাওঁখনৰ পশ্চিমফালৰ পৰা বড়ো দূস্কৃতিকাৰীয়ে স্বয়ংক্ৰীয় মাৰণাস্ৰৰে আক্ৰমন কৰিবলৈ আৰম্ভ কৰে৷ কেৱল অসহায় শিশু-মহিলা-বৃদ্ধসকলক হত্যা কৰাতে ক্ষান্ত নাথাকি এফালৰ পৰা ঘৰত অগ্নি সংযোগ কৰি যায়৷ ভয়াৰ্ত গাওঁবাসীয়ে প্ৰাণৰ মায়াত দৌৰি গাওঁৰ একেবাৰে পূৱপ্ৰান্তত থকা বনৰক্ষী বাহিনীৰ বিট অফিচলৈ আশ্ৰয় বিচাৰি যায়৷ কিন্তু আশ্ৰয় প্ৰদান কৰাতো দূৰৈৰ কথা, বনৰক্ষী বাহিনীয়েও চৰকাৰী ৰাইফলৰে গুলিয়াবলৈ আৰম্ভ কৰে৷ নিৰুপায় হৈ বেঁকী নদীৰ কোৱাল সোঁতত জপিয়াই প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা কৰে৷ কিন্তু বনৰক্ষীৰ বন্দুক তাতো ক্ষান্ত নাথাকিল৷ দৈবাৎ ৰক্ষা পোৱা ১১ বছৰীয়া ৰেহেনা খাতুনে সেই ভয়াৱহ ঘটনাৰ বৰ্ণনা কৰি কয় যে, পানীত সাঁতুৰি থাকোতেই বনৰক্ষীয়ে তাইক লক্ষ কৰি গুলি কৰে যদিওঁ তাই মূৰ পানীৰ তলত নিয়া বাবে গুলি নালাগে৷ কিন্তু তাইৰ মাকৰ পিঠিত গুলি লগাত দুই হাতত থকা তাইৰ ৩ মহীয়া আৰু ৪ বছৰীয়া ভাতৃদ্বয় বেঁকী নদীৰ কৰাল সোঁতত উটি যায়৷ ৩ মহীয়া ভাতৃ আজিও নিৰোদ্দেশ আৰু ৪ বছৰীয়া ভাতৃ গুলিবিদ্ধ হৈয়ে প্ৰাণ হেৰুৱায়৷  আন এজন দহ বছৰীয়া ল’ৰা অভিশপ্ত দিনটোৰ বৰ্ণনা কৰি কয় যে, যিজন বনকৰ্মী প্ৰায়ে সিহঁতৰ ঘৰত গৈছিল তেওঁয়ে তাক উদ্দেশী গুলি কৰিছিল যদিওঁ দৈবাৎ সি ৰক্ষা পৰে৷ প্ৰানৰ মায়াত সি বিট অফিচৰ পিছফালৰ গছ এজোপাৰ ডালত আশ্ৰয় লয়৷ তাৰ চকুৰ আগত নিজৰ পিতৃ-মাতৃক বনৰক্ষী বাহিনীয়ে গুলিয়াই হত্যা কৰে৷ বনৰক্ষী সকলৰ মাজত আয়ুব খান নামৰ এজন মুছলমান কৰ্মীও আছিল৷ আয়ুব খানকো আক্ৰমনৰ চেষ্টা কৰিছিল যদিওঁ কোনোমতে নদীত জপিয়াই প্ৰাণ ৰক্ষা কৰে ৷কিন্তু সেহতীয়াকৈ আৰক্ষীয়ে তেওঁক ৰাজসাক্ষী কৰাৰ বিপৰিতে আচামী সজাই  গ্ৰেপতাৰহে কৰিছে৷ আমাৰ বন্ধু আশ্ৰাফুল হুছেইনে বহু বাধা নেওঁচি আয়ুব খানৰ ওপৰত এক বিলষ্ঠ প্ৰতিবেদন প্ৰকাশ কৰিছিল৷ তেওঁ বিশ্বাস কৰে যে, আয়ুব খানক চক্ৰান্তমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে; যাতে মূল আচামীসকলক ৰক্ষনাবেক্ষন দিব পৰা যায়৷

এই মুছলমান নিধনযজ্ঞত যে চৰকাৰী পক্ষৰ প্ৰত্যক্ষ হাত আছে তাত কোনো নিৰপেক্ষ মানুহৰ সন্দেহ নাই৷ এনেকি অসম চৰকাৰ মন্ত্ৰী ছিদ্দিক আহমেদেও প্ৰকাশ্যে এই কথা স্বীকাৰ কৰিছে৷ কিন্তু তথাপিতো অসমৰ মূখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজিলৈকে বিটিএডিৰ শাসক দল বিপিএফৰ লগত সম্পৰ্ক ছেদ কৰা নাই বা কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই৷ বৰঞ্চ তেওঁ বিপিএফ জড়িত থকাৰ প্ৰমাণ বিছাৰি আছে! শ্বিলং টাইমছৰ সম্পাদিকা তথা বিশিষ্ঠা চিন্তাবিদ প্যাট্ৰিশিয়া মুখিমে লিখিছে “গগৈ ডাঙৰীয়াক আৰু কি প্ৰমাণ লাগে? আৰু তেওঁক কোনে প্ৰমাণ দিব? তেওঁ বিটিএডিত থকা অবৈধ অস্ৰৰ বিষয়ে অৱগত নহয় নেকি?” তেওঁ লগতে কয় যে, ২০১২ চনতে সংসদীয় সচিব ভুপেন বৰাই বিটিএডিত ৫০০০ অবৈধ অস্ৰ থকাৰ কথা প্ৰকাশ কৰিছিল৷ গগৈ ডাঙৰীয়া গম নাপায় নে সেই অস্ৰ কাৰ বিৰোদ্ধে আৰু কোনে ব্যৱহাৰ কৰে?

বড়ো শাসক তথা উগ্ৰপন্থীয়ে গগৈ চৰকাৰৰ মুছলমান বিৰোধী স্থীতিৰ লাভ উঠোৱাৰ লগতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উথ্বান ঘটা সাম্প্ৰাদায়িকতাবাদকো সুচতুৰভাৱে কামত লগাইছে৷ নৰেন্দ্ৰ মোদীৰ মুছলমান বিৰোধী নিৰ্বাচনী বক্তব্যই বড়ো শাসক তথা উগ্ৰপন্থীক বাৰুকৈ সাহস যোগাইছে৷ আমাৰ উদ্ধৃতি দি লন্ডনৰ দ্যা চানডে’ টাইমচ নামৰ বাতৰি কাকত আৰু জাৰ্মানৰ পৰা প্ৰকাশিত দ্যা ডিপ্লোম্যাট নামৰ আলোচনীয়ে লিখিছে যে মোদীৰ সাম্প্ৰদায়িক মন্তব্যয় বিটিএডিৰ পৰিস্থিতি অৱনমিত কৰাত সহায় কৰিছে৷ অতি সেহতীয়াকৈ মোদী প্ৰধানমন্ত্ৰী হিচাপে শপথ গ্ৰহণ কৰাৰ আগতেই অবৈধ বিদেশী চিনাক্তকৰণৰ বাবে বিশেষ দপ্তৰ গঠনৰ নিৰ্দেশ দিছে৷ বিটিএডি সমন্নিতে অসমত যে সেয়া মুছলমান উৎপীড়নৰ এক আহিলা হিছাপে ব্যবহৃত তাত অকনো সন্দেহ নাই৷

যোৱা ১০ মে’ত, নতুন দিল্লীৰ চেন্টাৰ ফ’ৰ পলিচি এনালাইচিচৰ অধীনত এটা পাঁচজনীয়া ফ্যাক্ট ফাইন্ডিং দল বাকসা জিলাৰ সংঘৰ্ষ পীড়িত ননকে খাগ্ৰাবাৰী গাঁও পৰিদৰ্শন কৰাৰ লগতে, ভাঙ্গাৰপাৰ (নাৰায়নগুৰী)ত স্থাপিত সাহায্যশিবিৰো পৰিদৰ্শন  কৰিছিল৷ পাঁচজনীয়া প্ৰতিনিধি দ’লটোত তিনিজনকৈ বিশিষ্ট সাংবাদিক ক্ৰমে সীমা মোস্তাফা, আনন্দ সহায় আৰু সটিশ জ্যাকব্, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ জেষ্ঠ অধ্যাপক তথা ৰাজনৈতিক বিশ্লেষক অনুৰাধা চেনয় আৰু প্ৰাক্তন প্ৰশাসনিক তথা বিশিষ্ঠ সমাজকৰ্মী হৰ্ষ মান্দেৰৰ লগতে আমি ও আমাৰ বন্ধু অলড্ৰিন মজুমদাৰ স্থানীয় কৰ্মী হিচাপে যোগদান কৰিছিলো৷উক্ত ফ্যাক্ট ফাইন্ডিং দলে চৰজমিন অধ্যয়নৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ লগতে এলানি পৰামৰ্শ আগবঢ়াইছে৷ ১২টা পৰামৰ্শ সম্বলিত প্ৰতিবেদনত বিটিচি চুক্তি পুনৰবিবেচনা কৰাৰ লগতে বিটিএডিত সংগঠিত সংঘৰ্ষসমূহৰ সময় নিৰ্ধাৰিত ন্যায়িক তদন্তৰ পোষকতা কৰিছে৷ আমি ভাৱো অসমৰ সকলো জনসাধাৰণে শান্তিৰ স্বাৰ্থত চৰকাৰক কাৰ্যকৰী আৰু দীৰ্ঘম্যাদী পদক্ষেপ ল’বলৈ হেঁচা প্ৰয়োগ কৰিব লাগে৷