Rajesh Chetry

মোৰ নাম আব্দুল কালাম আজাদ; কিন্তু মই বাংলাদেশী নহয়৷

Posted on Updated on

মেট্ৰিক পৰীক্ষা দি উঠিয়ে দাদাৰ লগত গুৱাহাটীলৈ আহিছিলো হাজিৰা কাম কৰিবলৈ৷ দাদাই ৰাজ মিস্ত্ৰী কাম কৰে৷ আমাৰ গাৱঁৰ ল’ৰাবোৰে গুৱাহাটীলৈ আহি হাজিৰা কৰা একো ডাঙৰ কথা নহয়৷ কাম কৰি বেয়াও লগা নাছিল৷ দিনটোৰ উপাৰ্জন ৬০ৰ পৰা ৭০ টকা৷ শাৰীৰিক পৰিশ্ৰম কৰাটো অন্ততঃ মোৰ বাবে সিমান কঠিন কাম নাছিল, কিয়নো পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়তে বাৰিষা কালত প্ৰতিদিনে মই প্ৰায় ৩ কিলোমিটাৰ ভূৰ চলাই স্কুললৈ গৈছিলোঁ ৷

কিন্তু গুৱাহাটীলৈ আহি প্ৰথম উপলব্ধি কৰিছিলো যে মোৰ বা আমাৰ গাৱঁৰ মানুহখিনিৰ আৰু এটা পৰিচয় আছে৷ সেয়া হ’ল আমি মিঞা বা কেতিয়াবা পোনচাতেই বাংলাদেশী৷

এদিন আবেলি মই আৰু মোৰ খুৰা, লালগনেশৰ ৰোলিংমিলৰ ওচৰত ৰাস্তা পাৰ হ’বলৈ ৰৈ আছো৷ খুৰাৰ ভৰিৰ বিষ, দুদিন ৰিক্সা চলাব পৰা নাই৷ ফাৰ্মাছিলৈ যাম৷ এনেতে মানুহ এজনে আমাক মাতিলে৷ তেওঁৰ গাড়ীখন ষ্টাৰ্ট হোৱা নাই৷ ঠেলি দিব লাগে৷ খুৰাই মাত্ৰ কৈছিলহে “মোৰ ভৰিৰ বিষ”৷ মই একো ধৰিবই নোৱাৰিলো৷ মানুহজনে অতৰ্কিতে খুৰাৰ পেটত ভুকুৱাবলৈ ধৰিলে৷’কেলা বাংলাদেশী মিঞা, ভৰিৰ বিষ দেখাব আহিছ’৷ মই পিছদিনাই ঘৰলৈ উভটি গুচি গ’লো৷

মেট্ৰিক পাছ কৰিলো৷ গৰেমাৰীৰ জনপ্ৰিয় কলেজত নাম লগালো৷ ঘৰৰ পৰা প্ৰায় বিছ কিলোমিটাৰ৷ বাৰিষা কালত চাইকেল লৈ অহা-যোৱা কৰা মুস্কিল৷ নুৰুল আমিনৰ ঘৰত জাগিৰ হিচাপে থাকিলো৷ আমাৰ সমাজত এতিয়াও জাগিৰ ৰখাৰ নিয়ম আছে৷ খুৰা-খুৰীয়ে মোক পুত্ৰ জ্ঞান কৰি মোৰ কিতাপ-পত্ৰৰ পৰা আৰম্ভ কৰি সকলো খৰচ বহন কৰিছিল৷ তেওঁলোকে আশা কৰা ধৰণেই মই প্ৰথম বিভাগত হায়াৰ ছেকেন্ডাৰী পাছ কৰিলো৷ কিন্তু তেওঁৰ ঘৰত থাকি ডিগ্ৰী পঢ়াৰ সুবিধা নহ’ল৷

গতিকে, আকৌ পইচাৰ প্ৰয়োজন, সেয়েহে আকৌ গুৱাহাটী৷ এইবাৰ হাজিৰা কাম নকৰো বুলি ঠিক কৰিলো৷ দাদাই পুলিচ বিষয়াৰ গাড়ী ধোৱা কামৰ কথা ক’লে৷ মোৰ পছন্দ নহ’ল৷
বৰঞ্চ চেলচ্ মেন হবলৈ ঠিৰাং কাৰিলো৷ Door to door ফিনাইল বিক্ৰী কৰা কাম আৰম্ভ কৰিলো৷ প্ৰথম এক সপ্তাহ, এবটলো ফিনাইলো বিক্ৰী কৰিব নোৱাৰিলো৷ অৱশ্যে মই লাহে লাহে ভাল চেলচ মেন হৈ গৈছিলোঁ৷ দিনটোত দুশৰ পৰা তিনিশ টকা উপাৰ্জন কৰিব পৰা হৈ গৈছিলোঁ৷ কিন্তু তেতিয়ালৈ কলেজত নাম ভৰ্তিৰ সময় পাৰ হৈ গ’ল৷ গতিকে এটা বছৰ উপাৰ্জন কৰাৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাছিল৷

গুৱাহাটীৰ প্ৰায় প্ৰত্যেকটো এলেকাত মই ফিনাইল বিক্ৰী কৰি ঘূৰি ফুৰোঁ৷ তেতিয়া নিৰ্বাচনৰ বতৰ৷ভূপেন দাৱো প্ৰাৰ্থী৷ তেওঁৰ গান গোটেই গুৱাহাটীতে বাজি আছে৷ নিৰ্বাচনৰ আগদিনাৰ কথা৷ পূৱ শৰণীয়া৷ ৰাতিপুৱা ৯:৩০ মান বজাত মই প্ৰথম ঘৰত কলিং বেল বজালো৷ প্ৰথম ঘৰতেই অঘটন৷ দুৱাৰ খুলিয়ে মানুহজনে সুধিলে “কি লাগে?” মোৰ চেলচ মেনৰ আদব-কায়দাৰে আৰম্ভ কৰিব যাওঁতেই খং তেওঁৰ চুলিৰ আগ পালেগৈ৷ খঙাল বদ-মেজাজী মানুহ মই আগতেও পাইছো, কিন্তু এওঁ বেলেগ৷ আগতে মোৰ নাম ঠিকনা সুধিলে তাৰ পিছত আৰম্ভ কৰিলে- কেলা মিঞা, বাংলাদেশী৷ ভোট নিদি ইনকাম কৰিব আহিছ’, ভাগ৷ মই এটা কথাও ক’ব নোৱাৰিলো৷ ভয় আৰু অপৰাধবোধে মোক আগুৰি ধৰিলে৷ লাহেকৈ গেটটো বন্ধ কৰি, চাইকেলত উঠিলো৷ চিধা লালগনেশৰ ভাৰাঘৰলৈ গলোঁ৷ লাজ আৰু অপৰাধবোধত মই ভাৰাঘৰতে বহু সময় কান্দিলো৷ নিজকে প্ৰশ্ন কৰিলো, সঁচাই আমি বাংলাদেশীনে? মায়ে কৈছিল, দেউতা হেনো ১৯৫৬ চনত স্থাপিত মন্দিয়া হাইস্কুলৰ প্ৰথম Batchৰ ছাত্ৰ আছিল আৰু ভোট দিবলৈ মই কিয় নগলো? যিখন দেশৰ গণতন্ত্ৰই মোক কলেজত নাম লগাব নিদিলে, সেইখন দেশৰ গণতান্ত্ৰিক কৰ্তব্য পালন নকৰি মই জানো অপৰাধ কৰিছোঁ? আবেলি লুটুমাৰ পৰা এখন সাপ্তাহিক কাকত কিনি আনিলোঁ৷ তাতে পৰাগ দাস ডাঙৰীয়াই চৰ-চাপৰিৰ মুছলমানৰ সম্পৰ্কে লিখা পুনৰ প্ৰকাশিত লিখনিটো পঢ়ি মোৰ ভয় লাহে লাহে আঁতৰি গ’ল৷

মই চেলচ মেনৰ কাম এৰি নিদিলো৷ বৰঞ্চ ভালেখিনি টকা ৰাহি কৰিলো৷ Assam Tribuneত খবৰ পালো যে Assam Universityত BA LLB আৰম্ভ কৰিছে৷ কলেজত থাকোতে মই তৰ্ক সম্পাদক আছিলো৷ প্ৰফেছৰসকলে কৈছিল মই ভাল উকিল হ’ব পাৰিম৷ নাম ভৰ্তি কৰিবলৈ ঠিৰাং কৰিলো৷ ইংৰাজীৰ বাবে Personal Interview ভাল নহ’লেও নাম ভৰ্তিৰ সুবিধা পালো৷ কিন্তু বাংলাদেশীৰ অভিশাপ মোৰ ওপৰত থাকিলেই৷ হোষ্টেলৰ ছিনিয়ৰ অসমীয়া এজন লগ পাই পৰিচয় হ’বলৈ গলোঁ৷ মোৰ নাম ঠিকনা সুধিলে৷ যেতিয়া গম পলে ঘৰ বৰপেটাৰ মন্দিয়াত৷ তেতিয়া ক’লে তাৰ মানে “মিঞা”৷ একো ক’ব নোৱাৰিলো৷ তেওঁ ছিৰিৰে তললৈ নামি ডাইনিং হলৰ ফালে গ’ল৷ মই তেওঁৰ পৰা লুকাই ফুৰিবলৈ আৰম্ভ কৰিলো৷

উচ্চ শিক্ষা লোৱাৰ সুবিধা মোৰ বেছি দিন নহ’ল৷ মোৰ জমা টকাও শেষ হৈ আহিবলৈ ধৰিলে৷ এনেতে হঠাৎ খবৰ পালো, ভন্টিক শহুৰৰ পৰিয়ালৰ মানুহে মাৰি পেলালে৷ মই শিলচৰৰ পৰা ঘৰলৈ যাওঁতে, এদিন ৰাতি, তাইক সিহতৰ ঘৰৰ পৰা খেদি পঠিয়াইছিল৷ তাই বাহিৰত বহি কান্দি আছিল৷ সিদিনা তাইক মাত্ৰ বিছ হেজাৰ টকা দিব পাৰিলে হয়তো তাই বাচি থাকিলেহেঁতেন৷

মই থানাত গোচৰ দিবলৈ গলোঁ৷ পুলিচে মোৰ গোচৰ নল’লে৷ সিহঁতে ডাক্টৰক টকা খুৱাই পোষ্ট মৰ্টেম ৰিপোৰ্ট মেনিপোলেট কৰিলে৷ মই এবছৰ সময় মহিলা আয়োগ, মানৱাধিকাৰ আয়োগ, চি আই ডি, ফৰেন্সিক লেব’ৰেটৰী আদিত ঘূৰি ফুৰিলো৷ শেহত গোচৰ ৰেজিষ্টাৰ হ’ল৷ পুলিচে আচামী ধৰিলে৷ গোচৰ এতিয়া বিচৰাধীন৷ মোৰ ওপৰত নানান ভাবুকি৷ এইবোৰ টেনচনত মাৱো এদিন হাৰ্ট এটাক হৈ মৰি থাকিল৷ শেষ সময়ত মাৰ কাষতো থাকিব নোৱাৰিলো৷

মোৰ আইন পঢ়া নহ’ল৷ ঠিকনা আকৌ গুৱাহাটী৷ বন্ধু ৰশ্বিদুলৰ টকাৰে দুয়ো ইগনোত এডমিশ্বন ল’লো৷ BSW পঢ়িবলৈ ঠিক কৰিছিলো৷ কিন্তু চাৰিশ টকাৰ অভাৱত Tourismতে নাম লগালো৷ গুৱাহাটীত থকা-খোৱা মেনেজ কৰিবলৈ তাৰকা হোটেলত ওৱেটাৰৰ কামত সোমালো৷তাতো সহকৰ্মীৰ ঠাট্টা৷ মিঞা হোৱাটো যেন মোৰ বাবে আটাইতকৈ ডাঙৰ অপৰাধ৷ এনেতে ভাৰা ঘৰত লগ পালো ৰাজেশ ছেত্ৰীক৷ তেওঁ তেতিয়া টপছেম ছিমেন্টত ভাল চাকৰি কৰে৷ ৰাতি মোক ইংৰাজী শিকায় আৰু ঠাট্টা-মস্কৰাৰ পৰা ৰেহাই পোৱাৰ টিপছ দিয়ে৷

এদিন উজান বজাৰৰ ভাৰা ঘৰৰ পৰা ওলাইয়ে ৰাস্তালৈ চাওঁ, মানুহৰ জুম৷ তেতিয়া উজনি অসমত বাংলাদেশী ধৰাৰ উজান উঠিছে৷ গতিকে গুৱাহাটীতো৷ আগবাঢ়ি গ’লো৷ পুলিচ ভান এখনত ১৪-১৫ জনমান বনুৱাক ঠেলি হেঁচি উঠাই আছে৷ মানুহে হয়তো জন্তু-জানোৱাৰকো তেনেকুৱা ব্যাৱহাৰ নকৰে৷ মই ভানৰ পিছে পিছে লতাশিল থানালৈ গ’লো৷ পুলিচে সকলোকে লক আপত ভৰাই থৈ, এটা এটাকৈ মাতি নাম ঠিকনা লিখিবলৈ ধৰিলে৷ এজনী মহিলা শ্ৰমিকক স্বামীৰ নাম সোধাত থত-মত খাই একো ক’ব নোৱাৰিলে৷ আমাৰ গাঁৱলীয়া মহিলাই আজিৰ দিনতো স্বামীৰ নাম উচ্চাৰণ নকৰে৷ কিন্তু মানুহখিনিক ধৰি দিয়া সকলৰ মাজৰ পৰা এজনে উত্তৰ দিলে “কেনেকৈ ক’ব, কেইজনৰ লগত বা শুৱে?” মই লুকাই চুৰকৈ, সাধ্যানুসাৰে, কাৰোবাক কাৰেবাক ফোন কৰিলোঁ৷ আবেলি মানুহখিনিক এৰি দিলে৷ পিছত খবৰৰ কাগজত চৰকাৰে প্ৰকাশ কৰিলে যে তেওঁলোক বাংলাদেশী নহয়৷

ৰাজেশদাই এদিন আই এম আৰ বি ইন্টাৰনেশ্বনেল নামৰ কোম্পানীত মানুহ লাগে বুলি জনালে৷ কামটো পালো৷ গোটেই অসম ঘূৰি ফুৰু৷ তাতে নিজৰ দাদাৰ দৰে প্ৰনৱ পাটোৱাৰীক টীম লিডাৰ হিচাপে পালো৷ বন্ধু হিচাপে পালো ভবেন শৰ্মাক৷ কিন্তু ইয়াতো মোক বাংলাদেশী বুলি জোকাবলৈ মানুহৰ অভাৱ নহ’ল৷ দাস উপাধিধাৰী টীম লিডাৰ এজনে ওৰাং যাওঁতে গোটেই দিনটো মোক অসহ্যকৰ যন্ত্ৰণা দিছিল৷

কিন্তু মই থমকি ৰোৱা নাই৷ মোৰ ডিগ্ৰী কমপ্লেট নহওঁতে UAE Exchange নামৰ বিদেশী মূদ্ৰা বিনিময়কাৰী ডাঙৰ কোম্পানীত অফিচাৰ হিচাপে চাকৰি পালো৷ তাতে ধ্ৰুৱদাই বাংলাদেশী বুলি জোকালেও, বহুত মৰম কৰিছিল৷ মোৰ গাইড হিচাপে সদায় সহায় কৰিছিল৷ এবছৰৰ চাকৰি কালত তিনিবাৰ শ্ৰেষ্ঠ কৰ্মচাৰী হিচাপে স্বীকৃতি পালো৷ চ’ছিয়েল ছেক্টৰত কাম কৰাৰ বাবে আগ্ৰহ দিনে দিনে বাঢ়ি গৈ থাকিল৷ ২০১০ চনত উজ্জীৱন নামৰ মাইক্ৰ’ফাইনেঞ্ছ কোম্পানীত ব্ৰাঞ্চ মেনেজাৰ হিচাপে যোগ দিলো৷ কৰ্মক্ষেত্ৰ হিচাপে মই লালগনেশ, কল’নী বজাৰ, কালাপাহাৰ আদি এলেকা বাছি ললো৷ যিজন মানুহে মোৰ খুৰাৰ পেটত ভুকুয়াইছিল, তেওঁৰ পৰিয়ালৰ সদস্যকো মই লোন দিয়াৰ সুবিধা পালো৷

অন্ধ্ৰ প্ৰদেশৰ ঘটনাই মোক মাইক্ৰ’ফাইনেঞ্ছৰ ওপৰত লিখা-মেলা কৰাৰ বাবে উদগনি দিলে৷ মোৰ কেইবাটাও লিখা Assam Tribute, Eastern Chronicle সমন্বিতে আন লাইন নিউজ পৰ্টেলত প্ৰকাশ পালে৷ এনেতে এদিন মোক জামছেদপুৰৰ XLRI ৰ Economics আৰু Finance ৰ Professor H K Pradhan য়ে International Workshop এটালৈ আমন্ত্ৰণ কৰিলে৷ XLRIত তিনিদিন থাকি মই উপলব্ধি কৰিলো যে, যদি সঁচা অৰ্থত সমাজৰ বাবে কিবা কৰিবলৈ যাওঁ, তেতিয়াহ’লে মই নিজকে প্ৰস্তুত কৰিব লাগিব আৰু তাৰ বাবে মই উচ্চ শিক্ষা গ্ৰহণ কৰিবই লাগিব৷ যোৱা বছৰ আই আই টি আৰু টাটা ইনস্টিটিউট অফ ছ’ছিয়েল ছায়েন্সত বাছনি পৰিক্ষাত বহিছিলো, কিন্তু কৃতকাৰ্য্য হ’ব নোৱাৰিলো৷ এবছৰ কষ্ট কৰাৰ পিছত এইবাৰ টাটা ইনস্টিটিউট অফ ছ’ছিয়েল ছায়েন্সত পালো৷ অহা দুই বছৰ মই কমিউনিটি অৰ্গেনাইজেশ্বন আৰু ডেবেলপমেন্ট প্ৰেকটিচৰ শিক্ষা গ্ৰহণ কৰিম৷ পঢ়াৰ লগতে মই বিনা বেতনত বালিচন্দা নামৰ এখন অসমীয়া সাহিত্যৰ মাহেকীয়া আলোচনী আৰু The Alternative Voice নামৰ এখন ইংৰাজী মাহেকীয়া আলোচনীতো কাম কৰিম৷

আৰু এটা কথা, যোৱা প্ৰায় তিনিটা বছৰে কোনেও মোক মিঞা বা বাংলাদেশী বুলি কষ্ট দিয়া নাই, জোকোৱাও নাই৷ কিন্তু যিসকল মোৰ লগত গুৱাহাটীলৈ আহিছিল? তেওঁলোক আজিও মিঞা, আজিও বাংলাদেশী৷ আজিও ট্ৰাকে ট্ৰাকে বাংলাদেশী ধৰাৰ খবৰ পাওঁ৷ মোৰ আগৰ দিনবোৰ ছবিৰ দৰে ভাহি আহে৷ হয়তো গৰেমাৰীৰ নুৰুল খুৰা, ৰাজেশদা বা পাটোৱাৰীদাৰ দৰে মানুহ নাপালে মই আজিও বাংলাদেশী হৈয়ে থাকিলো হয়৷