Hindus in Bangladesh

প্ৰব্ৰজন অপৰাধ নে অধিকাৰ?

Quote Posted on Updated on

[যোৱা সংখ্যাৰ লিখনিত আমি প্ৰতিশ্ৰুতি দিছিলো যে, বাংলাদেশত বসবাস কৰা হিন্দু তথা অন্ন্যান্য সংখ্যালঘু ধৰ্মালম্বী ব্যক্তি সকলৰ সাম্প্ৰতিক আৰ্থ-সামাজিক তথা ৰাজনৈতিক অৱস্থাৰ বিষয়ে আমাৰ ভ্ৰমনকালত লাভকৰা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এটি আলোচনা আগবঢ়াম৷ “The Reluctant Fundamentalist”ৰ লিখক মহচিন হামিদে তেওঁৰ শেহতীয়া The Guardian কাকতৰ কলামত লিখিছে “মই প্ৰব্ৰজনক এক মানৱাধিকাৰ হিচাপে বিশ্বাস কৰোঁ, মত প্ৰকাশৰ অধিকাৰ বা জাতি, ধৰ্ম, লিংগ বা যৌন বৈষম্য বিৰোধী অধিকাৰৰ দৰেই মৌলিক এই অধিকাৰ”৷ তেওঁ আৰু লিখিছে যে, আমি সকলোয়ে ঐতিহাসিকভাৱে প্ৰব্ৰজনকাৰী আমাৰ পূৰ্বপুৰুষ বেলেগ কোনোবা ঠাইৰ পৰাই প্ৰব্ৰজিত হৈছিল৷ আগন্তক দিনত, জলবায়ু পৰিবর্তন, ৰোগ, ৰাষ্ট্রৰ ব্যর্থতা, যুদ্ধ আদিৰ ফলশ্ৰুতিত লাখ লাখ হয়তো কোটি কোটি মানুহ এটা দেশ এৰি বেলেগ দেশত আশ্ৰয় ল’বলৈ বাধ্য হ’ব, প্ৰব্ৰজনৰ পূৰ্বৰ সকলো পৰিসংখ্যাই এই প্ৰব্ৰজনৰ আগত ম্লান পৰি ৰ’ব৷ যদি আমি তেওঁলোকৰ প্ৰব্ৰজিত হোৱাৰ অধিকাৰক স্বীকৃতি নিদিওঁ, তেতিয়াহলে আমি এনে এক বৈষম্যমূলক পৃথিৱী সৃষ্ট্ৰি কৰিব গৈ আছো য’ত পাৰপত্ৰবোৰে আমাৰ ‘জাতি’ আৰু সদাবৃদ্ধিপ্ৰাপ্ত বল প্ৰয়োগেৰে আমাৰ পৰা আনুগত্য আদায় কৰাৰ চেষ্টা কৰা হ’ব৷ মহচিন হামিদৰ এই আশাংকা আমাৰ অসম মুলুকত আলোচনা কৰাটো কিমান সমিচিন হ’ব সেয়া যথেষ্ঠ সন্দেহজনক; কিন্তু আজিৰ তাৰিখত আমি এই সত্যক অগ্ৰাহ্যও কৰিব নোৱাৰো৷ অসমত আশীৰ দশকৰ পৰা প্ৰব্ৰজনৰ ওপৰত যিমান আলোচনা-পৰ্যালোচনা হৈছে, সকলোতে বাংলাদেশৰ পৰা আগত মুছলামান প্ৰব্ৰজনকাৰীৰ ওপৰতে মূলত দৃষ্টি নিবন্ধিত হৈ আছে৷ প্ৰব্ৰজনৰ মানৱিক দিশটো যেনেকৈ দৃষ্টিকটুভাৱে উপেক্ষা কৰা হৈছে, ঠিক তেনেকৈ কৌশলপূৰ্ণভাৱে হিন্দু প্ৰব্ৰজনকাৰীৰ দিশটোও এৰাই চলা হৈছে৷ বুৰঞ্জীবিধ অমলেন্দু গুহ ডাঙৰিয়াই লিখিছে যে, দেশ বিভাজনৰ পিছৰ পৰা অসমলৈ তেতিয়াৰ পূব-পাকিস্তানৰ পৰা মুছলমান প্ৰব্ৰজনকাৰীৰ আগমন প্ৰায় স্থবিৰ হৈ পৰিছিল আৰু তাৰ ঠাই দখল কৰিছিল হিন্দু প্ৰব্ৰজনকাৰীয়ে৷ কিন্তু অসমত প্ৰব্ৰজন সম্বন্ধীয় বাগধাৰাত এই দিশটো বিচাৰি পোৱা খুবেই মুস্কিল৷ আমাৰ বাংলাদেশ ভ্ৰমনকালত হিন্দু প্ৰব্ৰজনৰ কিছু ঐতিহাসিক তথা সাম্প্ৰতিক কাৰণ বিচাৰি উলিওয়াৰ চেষ্টা কৰিছিলোঁ৷]
চ্যাংৰাবান্ধা-বুড়িমাৰী সিমান্ত চেকপ’ষ্ট হৈ মই অকলে বাংলাদেশত প্ৰৱেশ কৰিছিলোঁ৷ মোৰ সহকৰ্মী তিনিজন আগদিনাই হাতীবান্ধাত উপস্থিত হৈছিল৷ বুড়িমাৰীৰ বাংলাদেশী চেকপ’ষ্টৰ পৰা যাৱতীয় আানুষ্ঠানিকতা সম্পূৰ্ণ কৰি ৰাতিপুৱা প্ৰায় ১১ বজাত মানৱচালিত ভ্যান এখনত উঠি ৰেল ষ্টেচন অভিমুখে যাত্ৰা কৰিলোঁ৷ আকাশ, বতাহ, মানুহৰ অৱয়ভ, এনেকি বুড়িমাৰী স্থলবন্দৰৰ ঘোচষোৰ বিষয়াজনৰ লোলোপ দৃষ্টি; ক’তো একো অমিল প্ৰত্যক্ষ্য নকৰিলো৷ অজানিতে ভূপেনদাৰ কালজয়ী গীতৰ কলি মনত পৰি গ’ল “গংগা মোৰ মা, পদ্মাও মা…………. মোৰ চকুলোৰে দুটি ধাৰা মেঘনা যমুনা” ভ্যানখনত মোৰ লগত এজনী আধা-বয়সীয়া ভদ্ৰ মহিলা৷ আমি একেলগে সিমান্ত পাৰ হৈ আহিছিলো৷ গুৱাহাটীৰ শ্বহিদুল ককাইক জৰুৰী ফোন এটি কৰিবলগা আছিল; সহযাত্ৰীৰ লগত পৰিচয় হোৱাতকৈ বেছি জৰুৰী৷ সিমান্ত পাৰহৈ প্ৰায় এক কিলোমিটাৰলৈকে ভাৰতীয় ম’বাইলৰ সেৱা উপলব্ধ হয়৷ ফোনৰ বাৰ্তালাপ শেষ কৰি মহিলাজনীৰ লগত সৌজন্যমূলক দৃষ্টি বিনিময় কৰিলো৷ মোক সুধিলে “অসমৰ পৰা আহিলে?” বিশেষ একো কথা পতাৰ আগতেই ভ্যান চালকে জনালে যে, নিৰ্ধাৰিত ৰেল-গাড়ীখন ইতিমধ্যে এৰি দিলে৷ আমাক বেলেগ গাড়ীৰে পাটগ্ৰামলৈ গৈ বাছ ধৰিব পৰামৰ্শ দিলে৷ কোনো দিনে ভ্যানগাড়ীত যাত্ৰা কৰাৰ অভিজ্ঞতা মোৰ নাছিল৷ ভ্যানৰ পৰা নামিব গৈ অঘটনে ঘটি গ’ল৷ হাতত থকা গধুৰ মোনাটোলৈ মহিলাজনীৰ লগত একেলগে নামিব যাওঁতে ভ্যানৰ ভাৰসাম্যত বিচ্যুতি ঘটিল৷ পিছফালে সমস্থ ওজন একেলগে পৰাত বেচেৰা ক্ষীনকায় ভ্যানচালক দাং খাই শূন্যত উলমি থাকিল! অগত্যা ক্ষমা খুজাৰ বাহিৰে মোৰ গতন্তৰ নাছিল৷
বিকট হুইছেল বজাই এটা ই-ৰিক্সা আমাৰ ওচৰতে আহি ৰখিল৷ ভাৰা বন্ধোবস্থ কৰি আমি এই বাৰ বেটাৰীচালিত ই-ৰিক্সাত উঠিলোঁ৷ কিছুদিন আগতে আমাৰ দেশৰ উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশযোগে দিল্লীত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ কৰিছিল৷ বাংলাদেশী ই-ৰিক্সা চাকলেও চৰকাৰী পঞ্জীয়নৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে৷ বুড়িমাৰীৰ পৰা পাটগ্ৰামলৈ যোৱা ৰাস্তাত ই-ৰিক্সাচালক সন্থাৰ পোষ্টাৰবোৰে তাকে সূচাইছিল৷ সেয়া যিকিয়ে নহওক৷ আমি মূল আলোচনালৈ আহো৷ আমাৰ লগত এইবাৰ আৰু এজন সহযাত্ৰী যোগ দিলে৷ মহিলাজনীতকৈ মানুহজন বয়সত হয়তো দুই এবছৰৰ বেছি হ’ব৷ মানুহজন মোৰ মুখমুখিকৈ বহিছে আৰু মহিলাজনী মোৰ কাষত৷ মসৃন পকী ৰাস্তা, ই-ৰিক্সাৰ ইঞ্জিনৰো কোনো বিষেশ শব্দ নাই, বতাহৰ ফিৰফিৰনি আৰু মাজে মাজে বিকট হুইছেলটো৷ আমি পৰিচয় হ’লো৷ আমি তিনিও ভাৰতৰ পৰা আহি বাংলাদেশত প্ৰৱেশ কৰিছিলোঁ৷ বাংলাদেশ তেওঁলোকৰ জন্মভুমি৷ কিন্তু ভাৰতো তেওঁলোকৰ বাবে কোনোগুনে কম গুৰুত্বৰ নহয়৷ আধা-বয়সীয়া অধিকাৰী উপাধীদাৰী ভদ্ৰমহিলাৰ ভাৰতৰ সৈতে এক নিভিড় সম্পৰ্ক আছে৷ নিজৰ বৰকন্যাৰ স্বামীগৃহ ভাৰতৰ পশ্চিমবঙ্গৰ জলপাইগুৰি জিলাত৷ উচ্চমাধ্যমিকৰ পৰিক্ষা দি উঠি ছোৱালীজনী ভাৰতত থকা আত্মীয়ৰ ঘৰত ফুৰিব গৈছিল৷ তাতে ভাৰতীয় যুৱকৰ লগত প্ৰেম ৷ এৰা প্ৰেমে নিচিনে ঋষি-চন্ডাল; ছোৱালীজনীয়ে মনৰ মানুহজন সিমান্তৰ সিপাৰেহে বিচাৰি পালে৷ অধিকাৰী পৰিয়ালে বাধা নিদিলে বৰঞ্চ ধুম-ধামৰে ছোৱালীৰ বিয়া পাতি দিলে৷ ভাৰতীয় জোৱাই বা বিয়ৈ-বিয়নি লৈ তেখেত ক্ষান্ত থকা নাই৷ নিজৰ বৰপুত্ৰ পশ্চিমবঙ্গৰ কল্যানী বিশ্ববিদ্যালয়ৰ গৱেষনাৰ ছাত্ৰ৷ আচলতে, ভাৰতৰ স’তে তেওঁলোকৰ সম্পৰ্ক দীৰ্ঘদিনিয়া৷ ভাইশশুৰ নৰেন্দ্ৰ দুলাল অধিকাৰী নামনি অসমৰ এটি ঐতিহ্যমন্ডিত মহাবিদ্যালয়ৰ গণিত বিভাগৰ মূৰব্বী অধ্যাপকৰ গুৰু দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰিছে৷ কিন্তু ভাৰতৰ স’তে থকা তেখেতৰ সকলো সম্পৰ্কই মধুৰ নহয়৷ নিজৰ সম্পৰ্কীয় দেওঁৰেকে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰাৰ পিছত বাংলাদেশ অসামৰিক সেৱাৰ পৰিক্ষাত স্থান লাভ কৰিও ধৰ্মীয় বৈষম্যতাৰ বাবে মৌখিক পৰিক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল৷ আজি তেওঁ ক’লকাতাত চিকিৎসা সেৱা আগবঢ়াই টকা আৰু সন্মান দোয়োটাই ঘটি আছে৷ ই-ৰিক্সাত আমাৰ মুখামুখিকৈ বহি থকা মানুহজনে বিনা আমন্ত্ৰনে আলোচনাত ভাগ ল’লে৷ তেখেত পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাৰ দিনহাটাৰ পৰা আহিল৷ তেওঁৰ দ্বিতীয় গৃহ দিনহাটাত৷ সিপাৰত থকা পৰিয়ালৰ সদস্যৰ লগত এমাহ কাল থাকি আহিল৷
বাংলাদেশৰ ভূমিত ভৰি ৰাখি প্ৰথম যি দুগৰাকী মানুহ লগ পালো, দুয়োগৰাকীৰ ভাৰতৰ লগত থকা এই অদ্ভুত সম্পৰ্কই মোক আচৰিত কৰি তুলিছিল৷ আচৰিত হোৱাৰ অন্যতম কাৰণ আছিল তেওঁলোকৰ সৰলতা৷ যিবোৰ কথা তেওঁলোকে মোক কৈ আছিল বা সঁচা অৰ্থত কৰি আছিল সেইবোৰ ভাৰত বা বাংলাদেশৰ কোনো চৰকাৰেই কেতিয়াওঁ স্বীকৃতি দিয়া নাই৷প্ৰকৃতপক্ষে সেইবোৰ শাস্তিযোগ্য আইন গৰ্হিত অপৰাধ৷ হয়, তেওঁলোকে জানে যে ভাৰতৰ লগত তেওঁলোকৰ সম্পৰ্ক বে-আইনী৷ কিন্তু তেওঁলোকে আজিওঁ বিশ্বাস কৰে যে, বাংলাদেশ হিন্দুৰ বাবে সুৰক্ষিত ঠাই নহয়৷ ৰাজনীতি নামৰ পাখাখেলত যিকোনো সময়ত তেওঁলোকক ব্যৱহাৰ কৰা হ’ব পাৰে৷ মোৰ মুখা-মুখি বহি মানুহজনে ৰাস্তাৰ কাষত থকা সু-বিস্তাৰিত সেউজীয়া ধাননী পথাৰলৈ আঙুলিয়াই কৈ গ’ল – “আজিৰ বাংলাদেশ দুখিয়াৰ দেশ নহয়৷ আমি ভাতৰ অভাৱত ভাৰতত ঘৰ সঁজা নাই৷ আজি শাঁক-পাঁচলিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, গাখীৰ সকলো আমি নিজে উৎপাদন কৰো৷” মানুহজনে হঠাৎ মোক সুধিলে “আলু কিমানত কিনে আপোনালোকে?” মই বাংলাদেশলৈ যোৱাৰ আগতে হয়তো ৪০ টকাত কিনিছিলো৷ বাংলাদেশত সেই সময়ত প্ৰতি কিলোগ্ৰাম আলুৰ দাম ২৫ টাকা৷ ভাৰতীয় মুদ্ৰাত সেয়া আৰু কম হ’ব৷
নিজ মাতৃভূমিৰ গুন বখানি মানুহজনৰ চকু উজ্জল হৈ পৰিছিল৷ “ইয়াৰ পিছতো আপোনালোকে দেশ এৰি ভাৰতত কিয় ঘৰ সাঁজি আছে?” মোৰ প্ৰত্যক্ষ প্ৰশ্নত কিছু সচকিত হৈ মানুহজনে আকৌ কৈ গ’ল – এইটো সঁচা কথা যে, বাংলাদেশৰ দৰে নদন-বদন দেশ এখন এৰি বেলেগত গৈ থাকিব মন নেযায় কিন্তু ইয়াত হিন্দু সকলৰ নিৰাপত্তা নাই৷ এটা নিৰ্বাচন পাৰ কৰা মানে যেন এটা জটিল পৰিক্ষাৰ দেউনা পাৰ কৰা৷ এক বিৰাট আশাংকা ভৰা সময়৷ কোনেওঁ পূৰ্বানুমান কৰিব নোৱাৰে যে, বাংলাদেশৰ নিৰ্বাচনীৰ পৰিক্ৰমাৰ মাজেৰ হিন্দসলকৰ জীৱন আৰু সম্পতি সুকলমে পাৰ হৈ যাব পৰিবনে নাই৷ সহযাত্ৰী অধিকাৰী বাইদেউৰ মতে – উত্তৰ বংগৰ হিন্দুৰ অৱস্থা তুলনামূলক ভাৱে যথেষ্ঠ ভাল৷ যমুনাৰ সিপাৰে থকা হিন্দুৰ অৱস্থা আৰু তথৈবচ!
আমি ইতিমধ্যে পাটগ্ৰামৰ বাছ আস্থানত উপস্থিত হৈছিলো৷ ই-ৰিক্সাটো আৰু এবাৰ বিকট হুইছেল বজাই ৰখি গ’ল৷ দুয়োজনকে ধন্যবাদ জনাই বাছ আস্থানৰ টিকট ঘৰৰ পৰা হাতীবান্ধাৰ টিকট কাটি বাছত বহিলোঁ৷ যথা সময়ত বাছে যাত্ৰা আৰম্ভ কৰিলে৷ ঠেক ৰাস্তা৷ দেয়োকাষে সেউজীয়া ধাননী পথাৰ৷ পথাৰৰ মাজে মাজে শাৰী শাৰী ইউকেলিপ্টাছ গছ৷ আৰু অসংখ্য কাঠ ফলা কাৰখানা৷ কৃষি প্ৰধান দেশত ইউকেলিপ্টাছ গছ নিশ্চয় শুভ লক্ষণ নহয়৷ লগতে জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহ্বান মুকাবিলা কৰিবলৈ বাংলাদেশে যথেষ্ঠ কঠোৰ স্থিতি গ্ৰহণ কৰা উচিত ৷ যিকিয়ে নহওক, এইবাৰৰ বাছ যাত্ৰাত মোৰ সহযাত্ৰী এজন ওখ পাখ সুঠাম পঞ্চাচোৰ্ধ ব্যাক্তি৷ বাংলাদেশ যান-বাহন আৰক্ষীৰ বিষয়া৷ পিন্ধনত শুধ বগা কামিজ, মূৰত নামাজী টুপী আৰু আঁতৰৰ সুন্দৰ সুৱাসত এজন ধাৰ্মিক মুছলমান বুলি অনুমান কৰাত মোৰ অসুবিধা নহ’ল৷ এজন বাংলাদেশী হিচাপে তেওঁ যথেষ্ঠ গৰ্বিত ৷ লগতে ভাৰতৰ প্ৰতি এক বিৰাট শ্ৰদ্ধা আছে তেওঁৰ৷ ত্ৰিছ লাখ শ্বহীদ আৰু দুই লাখ নাৰীৰ সম্ভ্ৰমৰ বিনিয়মত জন্ম লাভ কৰা স্বাধীন বাংলাদেশৰ প্ৰতিজন নাগৰিকে ভাৰতৰ প্ৰতি কৃতজ্ঞ হোৱাটো তেওঁ বিচাৰে ৷ ভাৰত-বাংলাদেশ মৈত্ৰী বাহিনীৰ যৌথ কমান্ডাৰ লেফটেন্যান্ট জেনেৰেল জগজিৎ সিং অৰোৰা বীৰত্বৰ কথা অনৰ্গল কৈ গ’ল৷ বিদেশত গৈ নিজ দেশৰ সেনাবাহিনীৰ সাহসিকতাৰ কাহিনী শুনি বুকু সাতখন-আঠখন হৈ পৰিল৷
কিন্তু মোৰ এইবাৰৰ সহযাত্ৰীয়ে বাংলাদেশত কোনো সাম্প্ৰদায়িক বৈষম্য থকাৰ কথা মানি ল’ব নিবিচাৰে৷ “বাংলাদেশৰ সংবিধানে সকলোকে স্বাধীনভাৱে নিজৰ ধৰ্ম পালন কৰিবলৈ অনুমতি দিছে৷ বৰঞ্চ ভাৰততহে মুছলমানক গো-মাংস ভক্ষণ কৰাত বাধা আৰোপ কৰিছে” মই তেওঁৰ অভিযোগ খন্ডন কৰিলোঁ যদিওঁ আশ্বস্থ কৰিব নোৱাৰিলোঁ৷ তেওঁৰ মতে, বাংলাদেশৰ কিছু হিন্দুয়ে দেশখনৰ প্ৰতি আনুগত্যশীল নহয় আৰু বহুতে সময় আৰু সুযোগ লৈ চৰা দামত নিজৰ ঘৰ সম্পতি বিক্ৰী কৰি ভাৰতলৈ গৈ বাংলাদেশৰ বদনাম কৰে৷ তেওঁৰ লগত তৰ্ক কৰাৰ অভিপ্ৰায় মোৰ নাছিল৷
ইতিহাসৰ পাত লুটিয়ালে আমি দেখা পাওঁযে, দেশ বিভাজনৰ পিছত তেতিয়াৰ পূৰ্ব-পাকিস্তানৰ পৰা বৃহৎ সংখ্যক হিন্দু ভাৰতলৈ ঢাৱলি মেলিছিল৷ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু ভয়-ভীতি, ভূমি বেদখল, বৈষম্য আদি আছিল কাৰণ৷ মুক্তিযুদ্ধৰ সময়ত প্ৰায় এক কোটি বঙালী ভাৰতত আশ্ৰয় লৈছিল৷ চৰকাৰী তথ্যমতে স্বাধীন বাংলাদেশৰ জন্মৰ পিছত তেওঁলোক স্ব-গৃহলৈ উভতি যায়৷ কিন্তু স্বাধীন বাংলাদেশৰ পৰাওঁ হিন্দু সকলৰ প্ৰব্ৰজন গতি অব্যাহত থাকে৷ বঙালী জাতীয়তাবাদী চেতনাৰ কোষত জন্ম লাভ কৰা বাংলাদেশৰ সংবিধানে দেশখনক ধৰ্ম-নিৰেপক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল যদিওঁ দেশ স্বাধীন হোৱাৰ মাত্ৰ কেইবছৰমানৰ পিছতে ১৯৭৫ চনৰ আগষ্ঠ মাহৰ ১৫ তাৰিখত জাতিৰজনক তথা তেতিয়াৰ ৰাষ্ট্ৰপ্ৰধান বঙ্গ-বন্ধু শ্বেখ মুজিবৰ ৰহমান সমন্নিতে তেওঁৰ পৰিয়ালৰ ১৮ জনকৈ সদস্য-সদস্যাক হত্যা কৰি সামৰিক বাহিনীয়ে ৰাজপাট দখল কৰিছিল৷ নিজৰ গাধী ৰক্ষাৰ বাবে জিয়া-উৰ-ৰহমানে ধৰ্মীয় মৌলবাদক তুষ্ঠ কৰিবলৈ ১৯৭৭ চনত সংবিধানৰ ‘ধৰ্ম নিৰপেক্ষতা’ৰ সলনি “সৰ্ব্ব শক্তিমান আল্লাহৰ ওপৰত পৰম আস্থা আৰু বিশ্বাস” সন্নিবিষ্ট কৰিছিল৷ জিয়াৰ পিছত, একনায়কত্ববাদী এৰশ্বাদে ‘ইচলাম’ক বাংলাদেশৰ ৰাষ্ট্ৰধৰ্ম হিচাপে ঘোষনা কৰিছিল৷
ভাৰতক বাংলাদেশৰ শত্ৰু আৰু হিন্দুক ভাৰতৰ দালাল হিচাপে প্ৰতিপন্ন কৰিবলৈ এৰশ্বাদ চৰকাৰ উঠি-পৰি লাগিছিল৷ বহুতৰ বাবে এয়া বাংলাদেশৰ মুক্তিযুদ্ধৰ চেতনাৰ পৰিপন্থী আছিল৷ পৰবৰ্তী সময়ত এৰশ্বাদ বিৰোধী জন-আন্দোলনে তাকেই প্ৰমাণিত কৰিছিল৷ সাম্প্ৰদায়িক মেৰুকৰণৰ লগতে কিছু স্ট্ৰাকচাৰেল অপচেষ্টায় বাংলাদেশী হিন্দু সমন্নিতে অন্ন্যান্য সংখ্যালঘুসকলক বেছি যথেষ্ঠ ক্ষতি কৰিছিল৷ তাৰ ভিতৰত শত্ৰু সম্পত্তি আইন ১৯৬৫ (পিছত অৰ্পিত সম্পত্তি অধ্যাদেশ ১৯৭৪ নামেৰে নামাকৰণ কৰা হৈছিল)৷ ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পিছত পাকিস্তান চৰকাৰে হিন্দুৰ সম্পতি দখল কৰিবলৈ এই কুখ্যাত আইন প্ৰণয়ন কৰিছিল৷ বাংলাদেশৰ জনপ্ৰিয় বাতৰি কাকত ডেইলি স্টাৰৰ ২০০২ চনৰ ৬ জানুৱাৰীত প্ৰকাশিত এক বাতৰি মতে ১৯৬৪ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত উক্ত আইনৰ বাবে আনুমানিক ৫৩ লাখ মানুহ বা প্ৰতিদিনে ৫৩৮জনকৈ মানুহ বাংলাদেশৰ পৰা প্ৰব্ৰজিত হৈছিল৷
পঞ্চগড় জিলাৰ বোদা উপজিলাৰ কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ত আমাৰ বাবে এক বিশেষ সভাৰ আয়োজন কৰিছিল৷ সভাত বাংলাদেশ অসমাৰিক সেৱা বিষয়াৰ লগত হোৱা আলোচনা কালত বৰ্তমান বাংলাদেশত বসবাস কৰা সংখ্যালঘু সকলৰ অৱস্থাৰ বিষয়ে জানিব বিচৰাত তেওঁ কয় যে, বাংলাদেশৰ আভ্যন্তৰীণ পৰিস্থিতি যথেষ্ঠ পৰিবৰ্তন হৈছে৷ সংখ্যালঘু-সংখ্যাগুৰু সকলোৰে অৱস্থাৰ আগতকৈ ভাল হৈছে৷ তেওঁৰ আমোলাতান্ত্ৰিক জবাবত আমি সন্তোষ্ঠ হ’ব পৰা নাছিলোঁ৷ আমাৰ follow up প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে যে, চৰকাৰৰ গুৰুত্বপূৰ্ণ আসনত বহি যদিওঁ সকলো প্ৰশ্নৰ উত্তৰ দিয়া সহজ নহয়, কিন্তু এইটো সঁচা যে, আজি দেশত এক পৰিবৰ্তন আহিছে৷ আজি কোনো হিন্দু নিৰ্যাতিত হৈ দেশান্তৰিত হ’ব লগা পৰিৱেশ বাংলাদেশত নাই৷তেওঁ অলপ আক্ষেপেৰেই ক’লে যে, এনে বহু মানুহ আছে, যিসকলে বাংলাদেশত অপৰাধ সংগঠিত কৰি ভাৰতত আশ্ৰয় লয় আৰু চল-চাই বাংলাদেশৰ বদনাম কৰে৷ আমি যি প্ৰতিষ্ঠানৰ আমন্ত্ৰণত বাংলাদেশলৈ গৈছিলোঁ, সেই প্ৰতিষ্ঠানে আদিবাসী আৰু পিছপৰা জনজাতিৰ অধিকাৰ ৰক্ষাৰ বাবে এক বিশেষ প্ৰকল্প ৰূপায়ত কৰি আছে৷ “ইএছডিও-প্ৰেমদ্ধীপ” নামৰ উক্ত প্ৰকল্পৰ আইনী উপদেষ্টা ইমৰান হুছেইনৰ লগত হোৱা এক দীঘলীয়া সাক্ষাতকাৰত অৰ্পিত সম্পতি আইনৰ নামত কিদৰে অশিক্ষিত আদিবাসী সকলৰ ভূমি ‘বঙালী’সকলে হস্থগত কৰিছিল সেই কথা আমাক ধৈৰ্য্যসহকাৰে কৈ গৈছিল৷ ‘বঙালী’ বুলি কওঁতে তেওঁ ‘বঙালী মুছলমান’ আৰু ‘বঙালী হিন্দু’ দুয়োকে সাঙুৰি লৈছিল৷ বৰ্তমানৰ চৰকাৰে সেই ক’লা আইন বাতিল কৰি “অৰ্পিত সম্পত্তি প্ৰত্যাবৰ্তন আইন ২০১০” প্ৰণয়ণ কৰিছে৷ অধিবক্তা ইমৰানৰ নেতৃত্বত ইতিমধ্যে বহুতে হেৰুৱা সম্পত্তি উভতাই পাবলৈ সক্ষমো হৈছে৷ ইক’ ছছিয়েল ডেভেলপমেন্ট অৰ্গেনাইজেশ্বনত ব্যবস্থাপনা প্রশিক্ষণার্থী হিচাপে নিয়োজিত বিভুতি ভুষন সিনহাৰ মতে, হিন্দুসকল ভাৰতলৈ প্ৰব্ৰজিত হোৱাৰ কাৰণ কিছু পৰিমানে মনস্তাত্বিক৷ বাংলাদেশ জাতীয় বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ স্নাতোকত্তৰ ডিগ্ৰীদাৰী সিনহাৰ মতে এজন হিন্দু হিচাপে ভাৰতৰ নাগৰিক হ’ব পৰাটো এটা মৰ্য্যাদাৰ কথা৷ সিনহাৰ কথাবোৰ কিছু খহঠা অনুভৱ হলেওঁ কিছুমান খন্ডিব নোৱাৰা উদাহৰণেৰে এটা গোটেই আবেলি মোক কাবু কৰি ৰাখিছিল৷ তেওঁৰ পৰা পোৱা Clueৰ ভিত্তিত বিভিন্ন উৎসৰ পৰা আমি গম পাইছিলোঁ যে, এনেকি হিন্দু ধৰ্মালম্বী এজন সন্মানীয় সংসদ সদস্যেওঁ ভাৰতত মাটি কিনি ঘৰ সাজি ৰাখিছে!
২০০৯ চনৰ জানুৱাৰী মাহৰ পৰা বাংলাদেশত শ্বেইখ হাছিনাৰ নেতৃত্বাধীন আওয়ামী লীগ চৰকাৰে বাহ্যিক দিশত যথেষ্ঠ পৰিবৰ্তন কৰা ইতিমধ্যে আন্ত:ৰাষ্ট্ৰীয় মহলত চৰ্চা লাভ কৰিছে৷ বিশেষকৈ ধৰ্মীয় মৌলবাদ নিৰ্মূল আৰু যুদ্ধ-অপৰাধীৰ বিচাৰ প্ৰক্তিয়াই গোটেই বিশ্বত একপ্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছে৷দিলৱাৰ হুছেইন ছাইদীৰ দৰে আন্তৰ্জাতিকভাৱে স্বীকৃত ইচলামিক পন্ডিতক যাৱৎজীৱন কাৰাদন্ডৰে দন্ডিত কৰাৰ সাহস কৰিছে৷বহুতে আকৌ বাংলাদেশৰ আন্ত:ৰাষ্ট্ৰীয় অপৰাধ ট্ৰাইবুন্যালক পক্ষপাতদুষ্ঠ বুলি সমালোচনাওঁ কৰিছে৷ কিন্তু এটা কথা অনস্বীকাৰ্য্য যে, হাছিনা চৰকাৰে দেশখনত বসবাস কৰা সংখ্যালঘুসকলৰ নিৰাপত্তাৰ এক স্থায়ী পৰিবেশ ঘুৰাই আনিবলৈ সক্ষম হৈছে৷ ১৯৭৭ চনত অবলুপ্তি ঘটা ‘ধৰ্ম-নিৰপেক্ষতা’ক সংবিধান সংশোধনৰ জড়িয়তে আকৌ সন্নিবিষ্ট কৰি উদাৰতা প্ৰকাশ কৰাৰ লগতে দেশখনত গণতন্ত্ৰক মজবুত কৰাৰ প্ৰয়াস কৰিছে৷ এই খিনিতে উল্লেখ কৰা বাঞ্ছনীয়যে, ‘ইচলাম’ এতিয়াওঁ বাংলাদেশৰ ৰাষ্ট্ৰধৰ্ম হিচাপে স্বীকৃত হৈ আছে৷ বাংলাদেশী সংবিধানৰ এই অদ্ভুত পৰস্পৰ-বিৰোধী স্থীতিৰ বিষয়ে দেশখনৰ আগশাৰীৰ সাংবাদিক তথা লিখক হাৰুণ হাবিব চাহাবৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছিলোঁ৷ হাবিব চাহাবৰ মতে, বাংলাদেশৰ সংবিধান সম্পূৰ্ণ ধৰ্ম-নিৰপেক্ষ কৰিবলৈ এতিয়াও বাকী আছে তথাপিও সংশোধনবোৰ (১৫তম) যথেষ্ঠ বৈপ্লৱিক আৰু মুক্তিযুদ্ধৰ চেতনাৰে উদ্ভোব্ধ আছিল৷
United Nations Human Rights Council ৰ ২০১৩ চনৰ বাংলাদেশৰ Periodic Reviewৰ প্ৰতিবেদনত প্ৰকাশিত তথ্যমতে, বাংলাদেশ চৰকাৰে পঞ্চদশ সংবিধান সংশোধনীৰ জড়িয়তে কেৱল ধৰ্ম-নিৰপেক্ষতাক এটি মূলনীতি হিচাপে ঘুৰাই অনা নাই বৰঞ্চ প্ৰতেক সংখ্যালঘু ধৰ্মালম্বীৰ বাবে পুজিৰো আৱন্টন দিছে৷ উক্ত পতিবেদনত চৰকাৰৰ উদৃতি দি কোৱা হৈছে যে, “প্ৰতেক নাগৰিকে নিজ নিজ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে, কিন্তু উৎসৱ সলকোৰে বাবে”৷ যিসময়ত পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰত সুশাসনৰ নামত খ্ৰীষ্ট্ৰীয়ান ধৰ্মালম্বীৰ বৰদিনৰ ছুটি বাতিল কৰা হ’ল সেই সময়ত বাংলাদেশৰ এই প্ৰতিবেদন পঢ়ি লজ্জা অনুভৱ কৰাৰ বাহিৰে আমি আমি আৰু কি কৰিব পাৰো?
প্ৰতিবেদনটোয়ে আৰু উল্লেখ কৰে যে, কক্সবাজাৰ জিলাৰ ৰামু আৰু তাৰ পাৰ্শৱৰ্তী এলেকাৰ বৌদ্ধ ধৰ্মালম্বীসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোদ্ধে চৰকাৰে কঠোৰত ব্যৱস্থা গ্ৰহন কৰিছে৷ অপৰাধীক কৰায়ত্ত্ব কৰাৰ লগতে, কৰ্তব্যত অৱহেলা কৰা নিৰাপত্তাৰক্ষীৰ ওপৰতো ব্যৱস্থা লোৱা হৈছে৷ ক্ষতিগ্ৰস্ত হোৱা ধৰ্মীয় স্থানসমূহ চৰকাৰী ব্যয়ত পুনৰ্নিৰ্মানৰ ব্যৱস্থা কৰিছে৷ আমি আমাৰ দেশৰ সংখ্যালঘুৰ নিৰাপত্তাৰ খাতিৰত ইয়াৰ কিঞ্চিতো আশা কৰিব পাৰিম নে? ১৯৮৩ চনৰ এই ফেব্ৰুৱাৰী মাহতে, গুৱাহাটীৰ পৰা এঘন্টাৰ দূৰৈত দিন-দুপৰত তিনি সহস্ৰাধিক মুছলমানক হত্যা কৰা হৈছিল কিন্তু আমাৰ তথাকথিত ধৰ্মনিৰপেক্ষ বৃহত্তম গণতন্ত্ৰই এজন অপৰাধীকো শাস্তি দিব নোৱাৰিলে৷ যিসময়ত অসমৰ বিটিএডিৰ পৰা উদ্ভাস্তু হোৱা সংখ্যালঘু নাগৰিক সকলক পুনৰবাসনৰ বাবে চৰকাৰে একো ব্যাৱস্থা গ্ৰহন নকৰিলে; সেই সময় বাংলাদেশৰ পৰা ত্ৰিপুৰাত আশ্ৰয় লৈ থকা চাকমা শৰনাৰ্থীসকলক ঘুৰাই নিবলৈ বাংলাদেশ চৰকাৰে প্ৰচেষ্টা চলাই আছে৷ ইতিমধ্যে ১২,২২২ জন জনজাতীয়লোকক উভতাই নিয়াৰ যাৱতীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হৈছে৷
আজিৰ সংখ্যাত আৰু বিশেষ লিখিব বিচৰা নাই৷ পৰবৰ্ত্তী সংখ্যাত বাংলাদেশৰ আৰ্থ-সামাজিক তথা মানৱ উন্নয়নৰ ওপৰত আলোকপাত কৰি আমাৰ অভিজ্ঞতা আলোচনা কৰাৰ চেষ্টা কৰিম৷ বাংলাদেশৰ সংখ্যালঘু জাতি-উপজাতিৰ উন্নতি কামনা কৰি সামৰিছোঁ৷

References:
Choudhury, I. U. (2009). Caste-based Discrimination in South Asia: A Study of Bangladesh. New Delhi: Indian Institute of Dalit Studies.
Council, U. N. (2013). UPR Bangladesh 2013. Dhaka: Human Rights Forum, Bangladesh.
De, S. (2005). Illegal Migrations and the North East. Kolkata: Maula Abul Kalam Azad Institute of Asian Studies, Kolkata.
Hamid, M. (2014, November 21). why migration is a fundamental human right. Retrieved January 18, 2015, from The Guardian: http://www.theguardian.com/books/2014/nov/21/mohsin-hamid-why-migration-is-a-fundamental-human-right
United States Commission on International Religious Freedom (2006). Policy Focus, Bangladesh. Washington: United States Commission on International Religious Freedom.
The Daily Star. (2014, August 15). BANGABANDHU AND LAPSES IN HIS SECURITY. Retrieved January 20, 2015, from The Daily Star: http://www.thedailystar.net/the-star/bangabandhu-and-lapses-in-his-security-36973
গুহ, অ. (2011, January). ব্ৰহ্মপু্ৰ উপত্যকাৰ অসমীয়া সমাজত বহিৰাগত: এক দৃষ্টিপাত. জাগৰণ, চৰ-চাপৰি সাহিত্য পৰিষদ, অসম .