forced migration

প্ৰব্ৰজনৰ অন্ন এক দিশ

Posted on Updated on

বাংলাদেশত এমাহ: কি দেখিলোঁ, কি শিকিলোঁ

ভাৰতৰ বিদ্যায়তনিক ক্ষেত্ৰৰ স্বনাম-ধন্য শিক্ষা প্ৰতিষ্ঠান Tata Institute of Social Sciences আৰু বাংলাদেশৰ আগশাৰীৰ বেচৰকাৰী উন্নয়ন সংস্থা ইক’ ছোছিয়েল ডেভেলপমেন্ট অৰ্গেনাইজেশ্বনৰ উদ্যোগ ও সহযোগত অসমৰ পৰা এটা চাৰিজনীয়া দল এমাহৰ বাবে এক বিশেষ কৰ্মসূচী হাতত লৈ যোৱা অক্টোবৰ মাহত বাংলাদেশত প্ৰৱেশ কৰিছিলো ৷ যোৱা দুটা দশকত বাংলাদেশে মানৱ-উন্নয়নক আদি কৰি অৰ্থনৈতিক তথা সামাজিক ক্ষেত্ৰখনত এক যুগান্তকাৰী যুগাত্মক পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে৷ সেইহেতু, সমাজকৰ্মৰ ছাত্ৰ হিচাপে বাংলাদেশ আমাৰ বাবে জ্ঞানাৰ্জনৰ এক উৰ্বৰ ভূমি৷ এমহিয়া ভ্ৰমনকালত আমি বাংলাদেশৰ ৮ খন জিলাৰ ১০ খন উপজিলাৰ প্ৰায় শতাধিক গাওঁ সামৰি দেশখনৰ এক বৃহৎ অংশ ভ্ৰমন তথা অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছিলোঁ৷ যদিও আমাৰ মূল অধ্যয়নৰ বিষয়সমূহ আছিল সমাজ আৰু মানৱ উন্নয়ন তথাপিও সমকালীন বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি, ভাৰত-বাংলা সম্পৰ্ক, ধৰ্মীয় মৌলবাদ, সংখ্যালঘুৰ মানৱাধিকাৰ ভংগ, প্ৰব্ৰজন আদি গুৰুত্বপূৰ্ণ বিষয়সমূহ অধ্যয়ন তথা বিশ্লেষন কৰিবলৈ যত্ন কৰিছিলোঁ৷জ্ঞান সম্ভাৰৰ পাতত আমাৰ সেই অভিজ্ঞতাসমূহ পৰ্য্যায়ক্ৰমে আলোচনা কৰাৰ চেষ্টা কৰিম৷

অসমৰ সংবাদ মাধ্যম বা বৌদ্ধিক চৰ্চাত বাংলাদেশৰ প্ৰসংগ আহিলেই অৱধাৰিতভাৱে অবৈধ প্ৰব্ৰজনৰ কথাও আহি পৰে৷ অসমীয়া বাতৰি কাকত, আলোচনী, কিতাপ-পত্ৰ আৰু সেহতীয়াকৈ বৈদ্যুতিক সংবাদ মাধ্যমত আমি তাকেই প্ৰত্যক্ষ কৰিছোঁ৷ নিৰপেক্ষভাৱে বিশ্লেষন কৰিলে এই আলোচলাসমূহৰ পৰা আমি মূলত দুটা বিপৰিতমূখী দিশ দেখিবলৈ পাওঁ ক) এতিয়াওঁ লাখ লাখ বাংলাদেশী প্ৰব্ৰজনকাৰী (মূলত মুছলমান) বাংলাদেশৰ পৰা অসমলৈ আহি আছে আৰু অসমৰ জনগাঠনিৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিছে, আৰু খ) স্বাধীনতাৰ পিছত কোনো মুছলমান বাংলাদেশী প্ৰব্ৰজনকাৰী অসমলৈ অহা নাই৷ হয়তো দোয়োটা দাবীৰ কোনোটোয়ে সম্পূৰ্ণ সত্য আৰু সৰ্বশেষ দিশ নহয়৷ নিজ মাতৃভুমিত লাঞ্চিত-বঞ্চিত হৈ অসমমুলুকলৈ অহা বাংলাদেশী হিন্দুৰ কথা আলোচনা নকৰিলে অসমত প্ৰব্ৰজন বিষয়ৰ যিকিনো আলোচনাই আধৰোৱা হৈ থাকিব৷ প্ৰব্ৰজন এক মানৱিক সমস্যা৷ এই সমস্যা অতীতত আছিল আৰু ভবিষ্যতেও থাকিব৷ কিন্তু আমাৰ বাংলাদেশ ভ্ৰমন কালত প্ৰব্ৰজন বিষয়ক এনে এক বাস্তৱিকতা প্ৰত্যক্ষ কৰি আহিলো, যিটো অসমৰ সংবাদমাধ্যম বা বিদ্যায়তনিক ক্ষেত্ৰত কাহানিও ঠাই পোৱা নাই৷ অন্তত সামপ্ৰতিক কালত আমাৰ দৃষ্টিগোচৰ হোৱা নাই৷ আমি ক’ব বিচাৰিছোঁ, বাংলাদেশত বসবাস কৰা বৃহৎ সংখ্যক অসমীয়া প্ৰব্ৰজনকাৰীৰ কথা – বৈধ বা অবৈধ৷ আমাৰ মনৰ খু-ধুৱনি দূৰ কৰাৰ বাবে  অসমৰ বিশিষ্ঠ বুদ্ধিজীৱি-লিখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ননী গোপাল মহন্ত চাৰক বাংলাদেশৰ পৰাই যোগাযোগ কৰি আমাৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছিলোঁ৷ আকাংশিত ভাৱে মহন্ত চাৰেও সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিলে আৰু আমাক নিষ্ঠা সহকাৰে অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিলে৷ চাৰৰ পৰামৰ্শ সাৰোগত কৰি এমাহ-যোৰা ভ্ৰমন কালত আমাৰ অধ্যয়ন অব্যাহত ৰাখিলো৷ কিন্তু আমাৰ অভিজ্ঞতা ইয়াত বৰ্ণনা কৰাৰ আগতে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰব্ৰজনৰ ওপৰত হোৱা সাম্প্ৰতিক কিছু আলোচনা আমি উল্লেখ কৰিব বিচাৰিছোঁ৷

২০১৪ চনৰ শেষৰ ফালে আন্ত:ৰাষ্ট্ৰীয় সংবাদমাধ্যমত আটাইতকৈ বেছি চৰ্চা লাভ কৰা বিষয় সমূহৰ ভিতৰত আমেৰিকাৰ প্ৰব্ৰজন নীতি অন্নতম৷ অ’বামা প্ৰশাসনৰ এই নীতিয়ে, আমেৰিকাত বসবাস কৰা ৫ মিলিয়ন অবৈধ (undocumented) প্ৰব্ৰজনকাৰীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকক্ত প্ৰদান কৰাৰ পোষকতা কৰা হৈছে (Liptak, 2014)৷যাৰ মাজত বহু ভাৰতীয়ও আছে৷ ঠিক প্ৰায় একে সময়তে, আমাৰ চুবুৰিয়া দেশ ম্যানমাৰত পৰিলক্ষিত হয় এক বিপৰীত ছবি৷ ম্যানমাৰ চৰকাৰে দেশখনৰ মূলত ৰাখিন প্ৰদেশত বসবাস কৰা ৰহিঙ্গা মুছলমানক ১৯৪০ চনৰ পৰা দেশখনত বসবাস কৰাৰ প্ৰমান দিবলৈ দাবী কৰে অন্যথা অবৈধ প্ৰব্ৰজনকাৰী হিচাপে ডিটেনশ্বন কেম্পত ৰখাৰ ব্যৱস্থা কৰে৷ নৃগোষ্টীয় চাফাই অভিযানৰ চিকাৰ হৈ জুৰুলা হৈ পৰা লাখ লাখ ৰহিঙ্গা মুছলমান আজি দেশ এৰি বিদেশলৈ প্ৰব্ৰজিত হৈ আছে (Perlez, 2014)৷ আমাৰ আন এটি চুবুৰিয়া দেশ ভুটানতো ৯০ৰ দশকত, দেশখনত বসবাস কৰা নেপালীসকলক অবৈধ প্ৰব্ৰজনকাৰী সজাই বলপূৰ্বক দেশৰ পৰা বিতাৰিত কৰিছিল (Frelick, 2008)৷ কিন্তু সামগ্ৰিক ভাৱে পৰ্য্যবেক্ষন কৰিলে দেখা যায় যে, যোৱা তিনিটা দশকত আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰব্ৰজনকাৰীৰ সংখ্যাগত বৃদ্ধি ১০৩ মিলিয়নৰ পৰা ২১৪ মিলিয়ন হ’লেও শতকৰা হিচাপত মুঠ জনসংখ্যাৰ ৩ শতাংশ তে স্থবিৰ হৈ আছে৷ এচিয়া মহাদেশৰ ক্ষেত্ৰত প্ৰব্ৰজনৰ পৰিসংখ্যা আমোদজনক৷ পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৬০ শতাংশৰ বাসস্থান এচিয়া মহাদেশ হোৱাৰ বিপৰীতে আন্ত:ৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰীৰ মাত্ৰ ৩০ শতাংশহে এচিয়া মহাদেশৰ (Martin, 2011)! কিন্তু ইয়াৰ পিছতো প্ৰব্ৰজনে এচিয়া মহাদেশৰ ৰাজনৈতিক আকাশ গৰম কৰি ৰাখিছে৷

এতিয়া আমাৰ আলোচনাৰ মূল বিষয়লৈ অহা যাওক৷ বাংলাদেশত পদাৰ্পন কৰা প্ৰথম দিনটোতে সলসলীয়াকৈ অসমীয়া ক’ব পৰা অৱসৰপ্ৰাপ্ত শিক্ষক শৌকত হুছেইনক লগ পাম বুলি সপোনতো কল্পনা কৰা নাছিলোঁ৷ দিনটোৰ ব্যস্ততাৰ অন্তত আবেলিৰ চাহকাপ খাবলৈ আমি চাৰিওজন হাতীবান্ধা বজাৰলৈ ওলাই গৈছিলোঁ৷ হাতীবান্ধা বাংলাদেশৰ দক্ষিন-পশ্চিম প্ৰান্তৰ ভাৰত সিমান্ত সংলগ্ন লালমনিৰহাট জিলাৰ এটি উপজিলা৷ আমাৰ মহকুমা পৰ্য্যায়ৰ পৰিকাঠামোৰে এটি মফচল এলেকা৷ ৰাস্তাৰ কাষতে থকা চাহ দোকানত চাহ খাই আমি ওচৰতে থকা “স্মৃতি” নামৰ কিতাপৰ দোকানত বহী-কলম আদি কিনিবলৈ সোমালোঁ৷ বয়োজেষ্ঠ ব্যক্তি এজন মালিকৰ আসনত বহি আছিল৷ আমাৰ প্ৰয়োজনীয় সা-সামগ্ৰী কিনিবলৈ হোৱা বাৰ্তালাপত মানুহজনে ধৰিব পাৰিলে যে আমি নিশ্চয় ‘বাংলাদেশী’ নহয়৷ যথাৰীতি আমি পৰিচয় দিলো৷ আমি চাৰিজন ভাৰতীয়ৰ তিনিজন অসমৰ আৰু এজন কেৰলাৰ৷ আমি অসমৰ পৰা যোৱা বুলি শুনাৰ লগে লগে শুভ্ৰ কামিজ আৰু টুপী পৰিহিত ব্যাক্তিজনে আমাক আথে-বেথে মাতি নি আকৌ বহিব দিলে আৰু চাহৰ বন্দোবস্ত কৰিবলৈ দোকানত কাম কৰা ল’ৰাজনক আদেশ দিলে৷

মানুহজন শৌকত হুছেইন। জন্মস্থান অসমৰ ধুবুৰী জিলাৰ পালামাৰী গাওঁত৷ শিক্ষা জীৱনৰ আৰম্ভ ধুবুৰীতে হৈছিল৷ ল’ৰালিৰ বন্ধু-বান্ধবৰ লগতে বহু আত্মীয় স্বজন এতিয়াও অসমতে আছে৷ নিজৰ একমাত্ৰ জেষ্ঠ ভগ্নীৰ ঘৰ বৰ্তমানৰ কোকৰাঝাৰ জিলাৰ বাসুগাৱঁত৷ ভাগিন বিদ্যুৎ বিভাগত চাকৰি কৰে৷ সৌ সিদিনালৈকে বাসুগাঁৱতে আছিল৷ পিছত বড়ো উগ্ৰপন্থীৰ উপদ্ৰৱ সহিব নোৱাৰি এতিয়া গুৱাহাটীতে নিগাজিকৈ থাকিব লৈছে৷শৌকত হুছেইনে অসমৰ সৈতে থকা সম্পৰ্কৰ কথা বিনা-দ্ধিধাই আমাৰ আগত বৰ্ণনা কৰি গৈছিল৷ যেন এক সূদীৰ্ঘকাল কঢ়িয়াই ফুৰা এটি বোজা তেওঁ পাতলাব বিচাৰিছে৷”আপুনি বাংলাদেশলৈ কিয় আহিলে” আমাৰ সহকৰ্মী মনোজ দাসে প্ৰশ্ন কৰিলে৷ মনোজৰ প্ৰশ্নই যেন বৃদ্ধৰ মনত এক ধুমুহাৰ সৃষ্টি কৰিলে৷ “আমি অকলে অহা নাছিলো৷ অসমৰ পৰা হাজাৰ হাজাৰ মানুহ তেতিয়াৰ পূৱ-পাকিস্তানলৈ খেদি পঠিওৱা হৈছিল৷মই সৰু থাকোতে দেউতা ঢুকাইছিল, মোমায়েকহতে ভয়তে গুচি আহিল আৰু মা লগত আহিব লগা হৈছিল৷” শৌকত হুছেইনে নিজ মাতৃভুমি এৰি অহাৰ বিষাদ গাঁথা কৈ গ’ল৷”আপোনাোকৰ পৰিয়াল অসমলৈ কেতিয়া গৈছিল?” আমাৰ প্ৰশ্ন শুনি কিছুসময় নিশ্চুপ থাকি তেওঁ ক’লে “আমাৰ পৰিয়াল অসমৰে৷ হয়তো আমাৰ পূৰ্ব-পুৰুষ গৈছিল, কোন গৈছিল, কেতিয়া গৈছিল ঠিক ক’ব নোৱাৰিম”৷ সিপাৰে থকা আত্মীয়ক সাক্ষাত কৰিবলৈ কলেজত পঢ়ি থকা অৱস্থাত ডেকা শৌকতে এবাৰ সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল কিন্ত সীমান্ত সুৰক্ষাবাহিনীৰ কঢ়া নজৰদাৰীৰ বাবে সেই প্ৰচেষ্টা সফল নহ’ল৷ তাৰ পিছত কৰ্মজীৱন৷ অৱসৰ গ্ৰহণ কৰাৰ পিছত, ২০০৭ চনত বাংলাদেশী নাগৰিক তথা ভাৰতৰ পৰ্য্যটক হিচাপে জন্মভূমিত প্ৰৱেশ কৰে৷ সেই ৰোমঞ্চকৰ ভ্ৰমন কাহিনী বৰ্ণনা কৰি বৃদ্ধ শৌকতৰ চকু চলচলীয়া হৈ পৰিছিল৷ সূদীৰ্ঘ পাঁচটা দশকৰ পিছত নিজৰ জেষ্ঠ ভগ্নী, ল’ৰালিৰ বন্ধু-বান্ধৱ তথা আত্মীয়স্বজনক ল’গপোৱাৰ কাহিনী বৰ্ণনা কৰি শৌকত হুছেইন আবেগ বৃহল হৈ পৰিছিল৷ কিন্ত তেওঁৰ মন পাতল হোৱাৰ পৰিবৰ্তে স্মৃতিকাতৰতায় যেন তেওঁক কাবু কৰি পেলাইছিল৷ এটা সময়ত মানুহজনে কৈ পেলালে “অনুগ্ৰহ কৰি বাইদেউৰ কথা নিসুধিব৷” আমিও পৰিস্থিতি পাতল কৰিবলৈ বেলেগ প্ৰসংগ আলোচনা কৰিলো৷ তেওঁৰ ঘৰত এসাজ খাবলৈ আমাক নিমন্ত্ৰন কৰিলে৷ অজানিতে মনত প্ৰশ্ন হ’ল – আমি সঁচাই বিদেশত আছো নে অসমৰে কোনোবা আত্মীয়ৰ গাৱঁত আছোঁ?

কিন্তু এমাহৰ এই ভ্ৰমনকালত আমি লগপোৱা শৌকত চাচাই একমাত্ৰ দূৰ্ভুগীয়া ব্যাক্তি নাছিল৷ ঠিক তাৰ পিছদিনাই হাতীবান্ধাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ গোতামাৰী ইউনিয়ন পৰিষদ এলেকাতো প্ৰত্যক্ষ কৰিলো আৰু ভয়ংকৰ বাস্তৱতা৷ ‘আসামপাৰা’ নামৰ এক শৰনাৰ্থী কল’নি৷ ষাঠিৰ দশকত হাজাৰ হাজাৰ মুছলমানক অসমৰ পৰা বলপূৰ্বক বিতাৰিত কৰা হৈছিল৷ চৰকাৰী হিচাপ মতে, ১৯৬১ চনৰ পৰা ১৯৬৫ চনৰ ভিতৰত Immigrants (Expulsion of Assam) Act, ১৯৫০ ৰ অধীনত অসমৰ পৰা ১,৫০,০০০ মানুহ খেদি পঠিওয়া হৈছিল (Assam Sanmilita Mahasangha & Ors vs Union of India & Ors, 2014)৷ চৰকাৰী হিচাপ বৰ্হি:ভূতভাৱে শৌকত হুছেইনৰ পৰিয়ালৰ দৰে আৰু অগনন মুছলমানে ভয় আৰু ভীতিগ্ৰস্থ হৈ অসমৰ পৰা পলায়ন কৰিছিল৷১৯৬২ চনত আৰম্ভ কৰা Prevention of Infiltration from Pakistan নামৰ আইন খনেও এই ‘বলপূৰ্বক প্ৰব্ৰজনত’ সহায় কৰিছিল৷ নামনি অসমৰ প্ৰায় প্ৰতেকটো থানাত PIP ৰ অধীনত বিশেষ আৰক্ষী মোতায়েন কৰা হৈছিল (Government of Assam, 2012)৷পুলিচি নিৰ্য্যাতনৰ বলি হৈ বা ভীতিগ্ৰস্থ হৈ হাজাৰ হাজাৰ মানুহ প্ৰব্ৰজিত হৈছিল৷হাতীবান্ধাৰ পৰা ৪০০ কিলোমিটাৰ দূৰৈৰ মধ্য বাংলাদেশৰ টাংগাইল জিলাৰ নাগৰপুৰত ‘আসাম পাৰা’ সদৃশ শৰনাৰ্থী কলনি আমি প্ৰত্যক্ষ কৰিছিলোঁ ৷ নাগৰপুৰৰ ‘বক্সীবাৰী’ নামৰ ৰিফিউজিপাৰাত লগপোৱা অবিভক্ত নগাওঁ (বৰ্তমান মৰিগাওঁ) জিলাৰ টেংগাবাৰীৰ আব্দুচ চালামে আমাক জানিব দিয়ে যে, টাংগাইল জিলাৰ সালিমাবাদ, কেদাৰপুৰ, নাগৰপুৰ, ৰঙ্গীলাবাৰী, মামুদনগৰ আদি অঞ্চলত অসমৰ পৰা অহা শৰণাৰ্থীৰ বাবে তেতিয়াৰ পাকিস্তান চৰকাৰে শিবিৰ স্থাপন কৰিবলগা হৈছিল৷ আব্দুচ চালামে আমাক নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি কয় “আমাৰ নানাজানে পুলিচৰ পৰা ১৫ দিনৰ সময় বিচাৰিছিল কিন্তু পুলিচে ১৫ ঘন্টা সময়ো দিয়া নাছিল”৷ ৰাতিপূৱা আটক কৰা চালামৰ পৰিয়ালক আবেলিলৈকে আৰক্ষীৰ হতোৱাই গোলকগঞ্জ-সোনাৰহাট সীমান্তলৈ পঠিয়াই দিয়া হৈছিল৷ ছমাহতকৈ অধিক সময় বিভিন্ন শৰনাৰ্থী শিবিৰত থকাৰ পিছত বক্সীবাৰীৰ হিন্দু পৰিয়ালে এৰিযোৱা ঘৰ-মাটিত পাকিস্তানৰ চৰকাৰে তেওঁলোকক সংস্থাপিত কৰিছিল৷ এই খিনিতে এটা ক’থা উল্লেখ কৰা বাঞ্ছনীয় যে, তেতিয়াৰ পূৱ-পাকিস্তানত বসবাস কৰা হিন্দুৰ অৱস্থাও অসমত বসবাস কৰা মুছলমানতকৈ কোনোগুনে ভাল নাছিল৷ কুক্ষ্যাত Enemy Property Act আৰু Vested Property Ordinance  ৰ অধীনত লাখ লাখ বাংলাদেশী হিন্দুৰ ঘৰ-মাটী পাকিস্তানৰ শাসক গোষ্ঠীয়ে হস্তগত কৰিছিল আৰু সংখ্যালঘু হিন্দুসকলক দেশ এৰি যাবলৈ বাধ্য কৰিছিল(Choudhury, 2009)৷ এই বিষয়ত পিছত আমি বিস্তাৰিত আলোচনা কৰিম৷

???????????????????????????????নিজ গৃহত আ: ছালাম আৰু তেওঁৰ ভাতৃ

কিন্তু এইখিনিতে আশী বছৰীয়া হাতিম আলীৰ কথা নিলিখে পাঠকৰ প্ৰতি অন্যায় কৰা হ’ব৷ আমি এক সপ্তাহ লালমনিৰহাট জিলাৰ হাতীবান্ধাত থকাৰ পিছত আমাক ঠাকুৰগাৱঁত থকা ইএচডিঅ’ৰ মূখ্য কাৰ্য্যালয়লৈ লৈ যোৱা হ’ল৷ ঠাকুৰগাওঁ জিলা সদৰ৷ হাতীবান্ধাৰ পৰা প্ৰায় এশ কিলোমিটাৰ৷ বাংলাদেশত NGO সমূহ চৰকাৰৰ এটি বৰ্ধিত হাতৰ দৰে কাম কৰি আছে৷ইএচডিঅ’ৰ মূখ্য কাৰ্য্যালয় যেনিবা চৰকাৰী কোনো সদাব্যস্ত দপ্তৰহে৷ মূখ্য কাৰ্য্যালয়ৰ গাতে লাগি থকা অতিথিশালাত আমাক থকাৰ বন্ধোবস্ত কৰিলে৷ যদিও বিশ্বৰ বিভিন্নদেশৰ পৰা মানুহ ইয়ালৈ আহিয়ে থাকে, তথাপিও আমাৰ প্ৰতি যেন কৰ্মকৰ্তাসকলৰ আগ্ৰহ বেছি৷ সকলোৰে যেন ভাৰতৰ সৈতে এক নিভিড় সম্পৰ্ক আছে৷ এৰা ৰেডক্লিফে ৰেখাডাল নেটানিলে হয়তো এই প্ৰশ্নৰ অৱতাৰণা নহ’লহেতেন৷ যিকিয়েনহওক, আমি হাতিম আলীৰ কথালৈ আহো৷ হাতিম আলীৰ বৰপুত্ৰ আমাৰ অতিথিশালাৰ নৈশ পহৰাদাৰ৷ এৰাতি আহি আমাক জনালে যে, বৃদ্ধ পিতৃয়ে আমাৰ স’তে কথাপতাৰ অনুমতি বিচাৰি তেওঁক পঠিয়াইছে৷ পিছদিনা ৰাতি আমাক লগ কৰিবলৈ হাতিম আলী আহিল৷ কৃষ্ণবৰ্ণৰ ওখপাখ মানুহজন বয়সৰ ভৰত অলপ কোজা  পৰিছে৷ শুভ্ৰ দাড়িকোচাত কলপ লগাইছে৷ বাৰ্ধক্যক যেন তেওঁ গুৰুত্ব দিব বিচৰা নাই৷বহিবলৈ চকী এখন আগুৱাই দিলো৷ তেওঁ আমাৰ লগত বিছনাতে বহিল৷ আমাৰ খা-খবৰ ল’লে, দেশৰ খবৰ সুধিলে৷তাৰ পিছত কৈ গ’ল তেওঁৰ জীৱনৰ বিষাদ-গাঁথা৷

হাতিম আলীৰ জন্মস্থান দৰং জিলাৰ কাছুমাৰীত৷ ১২ বিঘা মাটি আৰু এহালৰ গৰুৰে হাতিম আলীৰ এক সুখৰ সংসাৰ আছিল কাছুমাৰীত৷ কিন্তু ষাঠিৰ দশকৰ কোনোবা এটা কালিকা ল’গা দিনত হাতিম আলীৰ লগতে ২৭ টা পৰিয়ালক বিদেশী বুলি জাননী জাৰী কৰা হৈছিল৷ হাতিম আলীৰ লগতে ২৭ টা পৰিয়ালৰ কোনেওঁ গম পোৱা নাছিল কিহৰ  ভিত্তিত সেই জাননী দিয়া হৈছিল৷ হাতিম আলীৰ পূৰ্ব-পূৰুষ ইংৰাজৰ আমোলত মৈমনসিংৰ পৰা দৰংলৈ আহিছিল৷ এটা সময়ত ইংৰাজ চৰকাৰে মঙ্গলদৈৰ লগতে বৰপেটা আৰু নগাওঁত প্ৰব্ৰজনকাৰী সকলৰ ওজৰ-আপত্তি চোৱাচিতা কৰাৰ বাবে ‘Colonization Officer’ নিয়োগ কৰিছিল (আহমেদ, ২০১১)৷সদ্যপ্ৰয়াত বিধায়ক মতলেব চাহাবক ভোটদান কৰা হাতিম আলীৰ ভাষ্য “আমাক বিনা দোষত দেশৰ পৰা খেদি পঠাইছিল৷” আজি হাতিম আলী সমস্থ আত্মীয় স্বজন অসমত৷ যি মৈমনসিংৰ পৰা পূৰ্ব-পূৰুষ অসমলৈ গৈছিল আজি সেই মৈমনসিংৰ লগত কোনো যোগাযোগ নাই৷ জীৱনৰ প্ৰায় বেছি সময় উদ্ভাস্তু হিচাপে পাৰ কৰা হাতিম আলীৰ যদিও আজি নিজৰ বুলিবলৈ ঠিকনা এটা হৈছে, কিন্তু আশী বছৰ বয়সতো কমাৰৰ কাম কৰি পেট পূজা কৰিবলগা হৈছে৷

বৃদ্ধ হাতিম আলীক তেওঁৰ জন্মভুমিৰ চিন স্বৰুপ ৫০ টকীয়া নোট এখন আগবঢ়াই দি যেন নিজৰ অপৰাধবোধ কিছু পৰিমানে প্ৰশমিত কৰাৰ চেষ্টা কৰিছিলোঁ৷ নোটখনত থকা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি হাতেৰে স্পৰ্শ কৰি এটি দীৰ্ঘ স্বাস এৰি তেওঁ ক’লে ” হয়তো জীয়াই থকা দিনকেইটাও এনেকৈয়ে যাব৷ নিজৰ মানুহখিনিক হয়তো আৰু কেতিয়াওঁ লগ কৰিব নোৱাৰিম৷” শৌকত হুছেইনৰ দৰে হাতিম আলীয়ে পৰ্য্যটক হিচাপেওঁ নিজ মাতৃভুমি তথা আত্মীয় স্বজনক সাক্ষাত কৰিব নোৱাৰে৷ পাৰপত্ৰ বাবদ বাংলাদেশী ১০,০০০ টাকা আৰু প্ৰায় ২৫,০০০ টাকাৰ বিদেশী মুদ্ৰা ক্ৰয় কৰাৰ সামৰ্থ তেওঁৰ নাই৷

হাতিম আলীৰ আত্মীয়ৰ ঠিকনা বিচাৰি জনপ্ৰিয় ছ’ছিয়েল মিডিয়া ‘ফেচবুক’ৰ জড়িয়তে কাছুমাৰী, খাৰুপেটিয়া, মঙ্গলদৈ আদি অঞ্চলৰ কিছু শিক্ষিত যুৱক-যুৱতীক যোগাযোগ কৰিবলৈ চেষ্টা কৰিলো৷ কেইজনমান ডেকা ল’ৰাৰ পৰিশ্ৰমৰ ফলত আমাৰ চেষ্টা কামত আহিল৷ তেওঁলোকে হাতিম আলীৰ আত্মীয়ক বিচাৰি পালে৷ ৰেডক্লীফৰ ৰেখাক নস্যাৎ কৰি সুদীৰ্ঘ পাঁচটা দশকৰ পিছত দোয়োপক্ষই টেলিফোনত কথাওঁ পাতিলে৷ বৃদ্ধ হাতিম আলীয়ে আমাক কৃতজ্ঞতা জনাবলৈ ভাষা বিচাৰি পোৱা নাছিল৷ সিক্ত নয়নেৰে আমাক আথে-বেথে মাতি নি নিজে ব্যৱহাৰ কৰা সুগন্ধি আঁতৰ আমাৰ গাত ঘঁহি দিছিল৷

প্ৰব্ৰজনৰ এই নিদাৰুণ কাহিনী বাংলাদেশ ভ্ৰমন কৰাৰ আগতে কাহানিও শুনা নাছিলোঁ৷এই ভুক্তভুগীসকলৰ পূৰ্ব-পূৰুষ সচাই ইংৰাজৰ আমোলত অসমলৈ গৈছিল নে নাই সেয়া বিতৰ্কৰ বিষয় কিন্তু যি অমাৱনিক পৰিস্থিতিৰ মোকাবিলা তেওঁলোকে কৰি আহি আছে সেয়া সঁচায় হৃদয়-বিদাৰক৷ কিন্তু সকোলোতকৈ আচৰিত কথাটো হ’ল অসমৰ বৌদ্ধিক মহলে এই বিষয়ে কোনো দিনে এটা টু শব্দ উচ্চাৰণ কৰাও আমাৰ কাণত নপৰিল৷ যিসময়ত অসমৰ সংবাদ মাধ্যমে অবৈধ বাংলাদেশীৰ কথা নিলিখাকৈ এটা দিন থাকিব নোৱাৰে সেই সময়ত বাংলাদেশী সংবাদ পত্ৰ তথা চৰকাৰে সেই দেশত অবৈধ ভাৰতীয় প্ৰব্ৰজনকাৰী থকাৰ কথাৰ বুকু ফুলাই জাহিৰ কৰি আছে৷ অসমৰ কোনো সংবাদপত্ৰ বা বুদ্ধিজীৱিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা আমাৰ চকুত নপৰিল৷ বাংলদেশী অৰ্থনীতিবিদ ছৈয়দ জামালুদ্দিনে The Financial Express নামৰ আগশাৰীৰ কাতত লিখিছে “(বাংলাদেশ চৰকাৰে চলোৱা) এক সমীক্ষা মতে দেশখনত প্ৰায় পাঁচ লাখ ভাৰতীয় অবৈধভাবে বসবাস কৰি আছে৷ তেওঁলোকে বিভিন্ন প্ৰতিষ্ঠানত কাম কৰি আছে আৰু হুন্ডিৰ জড়িয়তে ভাৰতলৈ টকা পঠাই আছে৷” তেওঁ আৰু লিখে যে, ভাৰতীয়সকল পৰ্য্যটন ভিচা লৈ বাংলাদেশলৈ যায় আৰু বিভিন্ন এনজিঅ’, টেক্সটাইল, গাৰমেন্টচ, আই টি আৰু অন্নান্য প্ৰতিষ্ঠানত কাম কৰে (Jamaluddin, 2009)৷কেৱল বাংলাদেশী সংবাদ প্ৰত্ৰই নহয় যোৱা বছৰ Silicon India নামৰ আন্ত:ৰাষ্ট্ৰীয় আলোচনীয়ে ভাৰতলৈ সৰ্বাধিক Remittance পঠোৱা ১৫ খন দেশৰ তালিকাত বাংলাদেশক পঞ্চম স্থানত ৰাখে৷ আলোচনীখনে যোৱা বছৰৰ মে’ ২১ মে’ সংখ্যাত আৰু লিখে যে, বাংলাদেশৰ পৰা ২০১২ চনত ৩৭১৬ বিলিয়ন মাৰ্কিন ডলাৰ ভাৰতলৈ Remittance হিচাপে আহিছে (Silicon India, 2013)৷ কিন্তু অসমৰ সংবাদ পত্ৰত এই বিষয়ে কোনো প্ৰতিক্ৰয়া বা আলোচনা আমাৰ দৃষ্টিগোচৰ নহ’ল৷ আচলতে আমাৰ সংবাদমাধ্যম এই বিষয়ে অজ্ঞ নে এইবোৰ অভিযোগ বিনাবাক্যে মানি লৈছে নে আমাৰ সংবাদমাধ্যমৰ অযৌক্তিকতাৰ তুলনাত এই অভিযোগ তেনেই নগন্য?

[জ্ঞান সম্ভাৰত প্ৰকাশিত]
পাদটীকা

Assam Sanmilita Mahasangha & Ors vs Union of India & Ors, WRIT PETITION (CIVIL) NO. 562 OF 2012 (Supreme Court of India Dec 17, 2014).

Choudhury, I. U. (2009). Caste-based Discrimination in South Asia: A Case Study of Bangladesh. New Delhi: Indian Institute of Dalit Studies.

Frelick, B. (2008, Feb 2). Bhutan’s ethnic cleansing. Retrieved Dec 17, 2014, from Human Rights Watch: http://www.hrw.org/news/2008/01/31/bhutans-ethnic-cleansing

Government of Assam. (2012). White Paper on Migration. Guwahati: Department of Home, Government of Assam.

Jamaluddin, S. (2009, July 26). Bangladesh-India economic relations. Retrieved Dec 18, 2014, from The Financial Express: http://web.archive.org/web/20090815032813/http://www.thefinancialexpress-bd.com/2009/07/26/74259.html

Liptak, K. (2014, Nov 19). 5 questions you should be asking about Obama and immigration. Retrieved Dec 19, 2014, from CNN: http://edition.cnn.com/2014/11/14/politics/obama-immigration-5-things/

Martin, P. (2011). Foreword. In S. Kelegama, Migration, Remittences and Development in South Asia (pp. xvii-xx). New Delhi: Sage Publication India Pvt Ltd.

Perlez, J. (2014, Nov 6). Myanmar Policy’s Message to Muslims: Get Out . Retrieved Dec 18, 2014, from The New York Times: http://www.nytimes.com/2014/11/07/world/asia/rohingya-myanmar-rakhine-state-thailand-malaysia.html?_r=0

Silicon India. (2013, May 21). 15 Nations Sending Highest Remittences to India. Retrieved Dec 18, 2014, from Silicon India: http://www.siliconindia.com/news/business/15-Nations-Sending-Highest-Remittances-to-India-nid-147515-cid-3.html

আহমেদ, হ. (২০১১, জানুৱাৰী). অসমিয়া উপন্যাস সাহিত্যত চৰবাসী কৃষক সমাজৰ চিত্ৰ. জাগৰণ, চৰচাপৰি সাহিত্য পৰিষদ , pp. 60-80.