Dhaka

অসমৰ শ্বাহবাগ কেতিয়া?

Posted on Updated on

আমাৰ বাংলাদেশ ভ্ৰমণৰ প্ৰায় অন্তিম পৰ্যায়ৰ কাৰ্যসূচীত উপস্থিত হৈছোহি৷ আমি জামালপুৰৰ ‘চৰ জীৱিকায়ন কৰ্মসূচীৰ’ কাম শেষ কৰি দেশখনৰ ৰাজধানী চহৰ ঢাকালৈ ৰাওনা হ’লো৷ ঢাকাত আমাৰ পৃষ্ঠপোষক প্ৰতিষ্টান Eco Social Development Organization–এ বিশ্ব খাদ্য কৰ্মসূচীৰ সহযোগত চৰকাৰী বিদ্যালয়ত School Feeding আঁচনি বাস্তবায়িত কৰি আছে৷ আমি সেয়া অধ্যয়ন কৰি প্ৰতিবেদন যুগুত কৰিব লাগে৷ School Feeding আঁচনিৰ আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ Mid Day Meal আঁচনিৰ সৈতে বহু পৰিমাণে সমঞ্জস্য আছে যদিও কিছু মৌলিক পাৰ্থক্যও আছে৷ এই আঁচনি আমাৰ Mid Day Meal আঁচনিৰ দৰে সাৰ্বজনীন নহয়; বৰঞ্চ দৰিদ্ৰ এলেকাসমূহ যেনে— চহৰৰ বস্তি এলেকা তথা মঙ্গাপীড়িত গ্ৰামীণ এলেকাতহে বাস্তবায়িত কৰা হৈ আছে৷ আনহাতে, আমাৰ বিদ্যালয়ত খিচাৰি খুওৱাৰ নামত শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে সীমাহীন দূৰ্নীতিৰ যি বজাৰ খুলি ৰাখিছে বাংলাদেশে তাক ৰোধ কৰাৰ বাবেই হয়তো খিচাৰিৰ পৰিবৰ্তে পুষ্টিকাৰক বিস্কুট বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে৷

আমি ঢাকা ভ্ৰমণ কৰাৰ বাবে আটায়ে প্ৰায় উদগ্ৰীৱ হৈ আছিলোঁ৷ মোৰ বাংলাদেশী ফেচবুক-বন্ধু এস এম মাসৰুল হাসানে লণ্ডনৰ পৰা কেইবাবাৰো ফোন কৰি তেওঁলোকৰ ঢাকাৰ বাসগৃহলৈ নিমন্ত্ৰণ কৰিলে৷ মাসৰুলে ভাৰতৰ পৰা আইনৰ ডিগ্ৰী অৰ্জন কৰি বৰ্তমান লণ্ডনত আইনৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহন কৰি আছে৷ তাৰ ককায়েকেও ফোন কৰি যাৱতীয় ঠিকনা, কোন গাড়ীত যাব লাগিব, ক’ত নামিব লাগিব আদি আতিগুৰি বুজাই দিলে৷ ইপিনে, জিয়া খান নামৰ বয়োজ্যৈষ্ঠ ব্যক্তি এজনেও ঢাকাৰ বনানীত থকা তেওঁৰ ঘৰত এসাজ খাবলৈ আমাৰ আটাইকে নিমন্ত্ৰণ কৰিছিল৷ জিয়া খানৰ জন্মস্থান অসমৰ কৰিমগঞ্জত৷ কলেজীয়া শিক্ষা কৰিমগঞ্জৰ পৰা গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৭ চনত অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ কালৰ সোঁতত পৰি তেওঁ বাংলাদশেৰ বাসিন্দা হ’লেওঁ আজিও অসমৰ সৈতে তেওঁৰ এক বিশেষ আন্তৰিক সম্পৰ্ক আছে৷

মোৰ সহকৰ্মীসকল মোতকৈ এদিন আগতে গৈ ঢাকা পাইছিল৷ অক্টোবৰ মাহৰ শেষৰ দিনটোত মই ইএচডিঅ’ৰ ঢাকাস্থিত কৰ্প’ৰেট কাৰ্যালয়ত উপস্থিত হৈছিলো৷ মোৰ দুই পুৰুষ সহকৰ্মীক কাৰ্যালয়ৰ অতিথিশালাত থকাৰ বন্ধোবস্ত কৰাৰ বিপৰিতে মহিলা সহকৰ্মীৰ বাবে ইএচডিঅ’ৰ জ্যেষ্ঠ বিষয়া এজনৰ ঘৰত কৰা হৈছিল৷ মোৰ থকাৰ বন্ধোবস্ত মই নিজে কৰি লৈছিলো৷ ঢাকাৰ সংলগ্ন গাজীপুৰ জিলাৰ যিটো পৰিয়ালে মোক আলহী কৰি মাতি নিছিল, তেওঁলোকৰ আমাৰ অসমৰ বৰপেটা জিলাৰ লগত এক বিশেষ সম্পৰ্ক আছে৷ সম্পৰ্ক মানে বিচ্ছেদৰ এক জলন্ত কাহিনী৷ এই ধাৰাবাহিকৰ শেষৰ পৰ্যায়ত সেই কাহিনী পাঠকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিম৷

মই নিতৌ পুৱা সাত বজাত গাজীপুৰৰ পৰা ঢাকাৰ আদাবৰ নামৰ ঠাইত থকা ইএচডিঅ’ৰ কাৰ্যালয়লৈ অহাযোৱা কৰো৷ প্ৰায় পঞ্চাশ কিলোমিটাৰ বাট, বাছত সময় প্ৰায় ডেৰ ঘন্টা লাগি যায়৷ গাজীপুৰৰ বাছ আস্থানত অলপ দেৰি অপেক্ষা কৰি হ’লেওঁ মই দুমহলীয়া বাছৰ ওপৰ মহলাত বহো৷ কোনোবাদিন বাঁও কাষৰ আসনত আৰু কোনোবাদিন সোঁকাষৰ৷ ৰাস্তাৰ দুয়োপাৰে থকা মানুহৰ ঘৰ, কাৰখানা— মূলতঃ কাপোৰৰ কাৰখানা, বিশ্ববিদ্যালয় তথা শিক্ষা প্ৰতিষ্ঠানসমূহ মোৰ আকৰ্ষণৰ বিষয়৷ গাজীপুৰ আৰু ঢাকাৰ মাজ বাটত টুঙ্গী নামৰ এটি মফচলীয়া চহৰ৷ টুঙ্গী মোৰ বাবে এটা চিনাকী নাম৷ টুঙ্গীত অনুষ্ঠিত বিশ্ব ইস্তেমাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু ইছলাম ধৰ্মাৱলম্বী লোক অংশগ্ৰহণ কৰে৷ আমাৰ গাঁৱৰ পৰাও বহু লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা মোৰ মনত পৰে৷

পিছে মোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল ঢাকাৰ বিখ্যাত ‘শ্বাহবাগ স্কোৱাৰ’— যাক ‘প্ৰজন্ম চত্বৰ’ বা প্ৰজন্ম চোতাল বুলিও কোৱা হয়৷ ঢাকা বিশ্ববিদ্যালয় চৌহদৰ নাতি দূৰৈত থকা শ্বাহবাগ স্কোৱাৰ বাঙালী জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰস্বৰূপ৷ ২০১৩ চনত ইজিপ্তৰ ‘তাহৰিৰ স্কোৱাৰ’ অভ্যুত্থানৰ সমসাময়িক কালত বাংলাদেশত ধৰ্ম নিৰপেক্ষ বাঙালী জাতীয়তাবাদী চিন্তা তথা আদৰ্শেৰে উদ্ভুদ্ধ গণজাগৰণ মঞ্চ নামৰ সংগঠনৰ আহ্বানত এক ঐতিহাসিক গণ আন্দোলন গঢ়ি উঠে৷ বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ সময়ত পাকিস্তানী সৈন্য-বাহিনীৰ হৈ কাম কৰা ৰাজাকাৰ, আল-বদৰ আদি সংগঠনৰ নেতা-কৰ্মীক যুদ্ধ অপৰাধৰ অভিযোগত বিচাৰৰ কাঠগড়াত অনাৰ বাবে এই গণ আন্দোলনৰ সূচনা হৈছিল৷ ২০১৩ চনৰ ছয় ফেব্ৰুৱাৰীত আৰম্ভ হোৱা এই আন্দোলনত খুব কম দিনৰ ভিতৰতে লোকে লোকাৰণ্য হৈ পৰিছিল প্ৰজন্ম চত্বৰ৷ বিপ্লৱী গীত-মাত, কবিতা, শ্লোগানেৰ দীৰ্ঘদিন মুখৰিত হৈ আছিল ঢাকাৰ মাজমজিয়াৰ এই এলেকা৷ বাংলাদেশৰ ধৰ্মনিৰপেক্ষতাক পুনৰোদ্ধাৰ কৰাৰ লগতে যুদ্ধাপৰাধীক ফাঁচীৰ দাবীত শ্বাহবাগ স্কোৱাৰৰ পৰা গোটেই বাংলাদেশত এই আন্দোলন বনজুইৰ দৰে বিয়পি পৰিছিল৷ গোটেই বিশ্বৰ সংবাদ মাধ্যম তথা সমাজ বিজ্ঞানীৰ দৃষ্টি নিবদ্ধ হৈ আছিল ঢাকাৰ শ্বাহবাগ স্কোৱাৰত৷ সম্পূৰ্ণ অহিংসা এই আন্দোলনে সংবাদ মাধ্যমৰ আলোচনা আৰু সমালোচনা দুয়োটাই লাভ কৰিছিল৷ আন্দোলনৰ পন্থা যদিও অংহিসা আছিল তথাপি যুদ্ধাপৰাধীৰ ফাঁচীৰ দাবীক বিভিন্নজনে ‘ৰক্ত পিপাসু’ অহিংস আন্দোলন বুলি সমালোচনা কৰিছিল৷ কোনো কোনোজনে এই আন্দোলনক ‘আৱামী লীগ’ৰ ৰাজনৈতিক ছত্ৰছায়াত গঢ়ি উঠা আন্দোলন বুলিও মতামত আগবঢ়াইছিল৷ কিন্তু শ্বাহবাগ আন্দোলনে ইতিমধ্যে নিজৰ ৰাজনৈতিক নিৰপেক্ষতা জনমানসত প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিল৷
সেয়া আছিল ২০১৪ চনৰ নবেম্ভৰ মাহৰ ৩ তাৰিখ৷ আগ দিনাখন জামাত নেতা তথা যুদ্ধ অপৰাধৰ অভিযোগত অভিযোক্ত মীৰ কাছিমক বাংলাদেশৰ আান্তৰ্জাতিক অপৰাধ ট্ৰাইব্যুনাল এ মৃত্যুদন্ডৰ ৰায় দিছিল আৰু আন এজন জামাত নেতা কামৰুজ্জামানৰ মৃত্যুদন্ডৰ আপিল শুনানী আছিল দেশখনৰ সৰ্বউচ্চ আদালতত৷
Protesters Shouting Slogan

যথাৰীতি, জামাত শিবিৰে ইয়াৰ প্ৰতিবাদত দেশব্যাপী হৰতালৰ আহ্বান কৰিছিল৷ হয়তো বাংলাদেশৰ জনসাধাৰণ এই বন্ধ তথা হৰতালত ইতিমধ্যে অতিষ্ঠ হৈ পৰিছে৷ ৰাস্তাত গাড়ী মটাৰ ঠিকে চলি আছিল ৷ মনত কিছু শংকা থাকিলেও শ্বাহবাগ স্কোৱাৰ লৈ যাম বুলি ঠিৰাং কৰিছিলোঁ৷ শ্বাহবাগ স্কোৱাৰ ভ্ৰমন কৰাৰ বাবে এইটো আটাইতকৈ ভাল সময় হ’ব বুলি মনতে ভাবিলো৷ কথা মতেই গাজীপুৰGraffiti on T Shirtৰ পৰা যাত্ৰা আৰম্ভ কৰিলো৷ ঢাকাৰ বনানি পাওঁমানে আমাৰ দুমহলীয়া বাছ বিৰাট যান জটত আৱদ্ধ হৈ পৰিল৷ অলপ পলম কৈ হ’লেও, মই গৈ শ্বাহবাগ স্কোৱাৰত উপস্থিত হ’লো ৷ আহল-বহল চাৰিআলিৰ ডাঙৰ এখন চোতালহেন ঠাই৷ চৌদিশে ডাঙৰ ডাঙৰ অট্টালিকা, এদল যুৱক-যুৱতী হাতত প্লেকাৰ্ড, ফেষ্টুন আদি লৈ কামৰুজ্জামানৰ ফাচী ৰায় বাহাল ৰখা, মীৰ কাছিমৰ ফাচীৰ ৰায় কাৰ্যকৰী কৰা, জামাত শিবিৰ নিষিদ্ধ কৰা আদি দাবীৰে আকাশ বতাহ কপাই ৰাখিছে৷ ৰাস্তাৰ কাষত কোনোবা এদল প্ৰতিবাদকাৰীয়ে আকৌ বিপ্লৱী গীত পৰিৱেশন কৰিছে, কোনোবা এজনে উত্তেজিত ভাষন দিছে বা আন কিছুমানে সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ দাবী সযোৰে উত্থাপন কৰিছে৷ প্ৰথম দৃষ্টিত এক বিশৃঙ্খল পৰিৱেশ যেন লাগিলেও আচলতে, এয়া এক সুপৰিকল্পিত আয়েজনহে ৷ হয়তো এইবোৰ চৰিত্ৰৰ বাবেই এই আন্দোলনক ‘ৰক্ত পিপাসু’ অহিংস আন্দোলন বুলি সমালোচনা কৰা হৈছিল ৷

কিন্তু এই কথা উল্লেখনীয় যে, বাংলাদেশৰ স্বাধীনতা আন্দোলনত পাকিস্তানৰ ভুমিকা আছিল কল্পনাতীত ভাৱে ভয়ংকৰ আৰু মানৱ ইতিহাসৰ এক অন্যতম ক’লা অধ্যায়৷ ৯ মহীয়া বাংলাদেশৰ স্বাধীনতা আন্দোলত আনুমানিক ৩০ লাখ বঙালীক নিৰ্মমভাৱে হত্যা কৰা হৈছিল, ২৫ হেজাৰ বঙালী নাৰীয়ে পাকিস্তানী সেনা বাহিনী তথা পাকিস্তানৰ মদদ পুষ্ট ৰাজাকৰ, আল বদৰ আদি সংগঠনৰ সদস্যৰ কামনাৰ বলি হৈ অবৈধ মাতৃত্বৰ বোজা বহন কৰিব লগা হৈছিল!

বাংলাদেশ স্বাধীন হোৱাৰ চাৰি দশকৰ পিছত, শ্বাহবাগ আন্দোলনে সেই অগণন নৰ-নাৰীক ন্যায় প্ৰদান কৰাৰ বাবে চৰকাৰক বাধ্য কৰাব পৰাটো ইতিহাসত কেৱল এক বিৰল ঘটনাই নহয় আমাৰ দৰে অসমীয়াৰ বাবে অনুপ্ৰেৰণাৰ উৎসও ৷ বাংলাদেশৰ স্বাধীনতা আন্দোলনত আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছিল হিন্দু সম্প্ৰদায়ৰ লোক, ইমান বছৰ পিছত বাংলাদেশৰ ধৰ্ম নিৰপেক্ষ জনসাধাৰণে নিৰ্যাতিত, নীড়িপিত সংখ্যালঘু হিন্দুক ন্যায় প্ৰদান কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আছে আৰু বহু পৰিমানে সফলো হৈছে৷ আনহাতে, অসমৰ ছবৰীয়া অসম আন্দোলনৰ সময়ত উগ্ৰজাতীয়তাবাদীৰ হাতত প্ৰাণ আহুতি দিয়া অসমৰ হাজাৰ হাজাৰ সংখ্যালঘু মুছলমান আজিও ন্যায় নাপালে, এনেকি পাব বুলিও আশা কৰিব পৰাটোও আজিৰ তাৰিখত অলীক কল্পনা৷ কিন্তু পৃথিৱীৰ সৰ্ববৃহৎ গনতান্ত্ৰিক দেশৰ নাগৰিক হৈ যিসময়ত ন্যায় আমাৰ বাবে অলীক কল্পনা; সেই সময়ত বাংলাদেশৰ ধৰ্মনিৰপেক্ষ জনসাধাৰণে সেই সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে ৷

অসমৰ ধৰ্মনিৰপেক্ষ যুৱ সমাজে, হত্যা, হিংসা, সাম্প্ৰদায়িকতা, উগ্ৰ জাতীয়তাবাদৰ বিৰোদ্ধে আন এক শ্বাহবাগ আন্দোলন কৰিবলৈ সক্ষম হ’ব নে?