নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া আৰু আমাৰ কৰণীয়
Guest Post by Abu Jafar Mullah
যোৱা ২০১০ চনৰ ২১ জুলাই তাৰিখত হেজাৰ হেজাৰ জনসাধাৰণে শুদ্ব নাগৰিক পঞ্জিৰ দাবীত বৰপেটাত এক বিৰাট প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ অসম আৰক্ষীয়ে বৰ্বৰ বাবে প্ৰতিবাদকাৰীৰ ওপৰত গুলি চালনা কৰিছিল৷ আমাৰ ভতিজা মাইদুল মোল্লা সমন্নিতে চাৰিজন সাধাৰণ প্ৰতিবাদকাৰী আৰক্ষীৰ গুলিত নিহত হয়৷ লগতে বহু প্ৰতিবাদকাৰী চিৰদিনৰ বাবে ঘূনীয়া হয়৷
কিন্তু দুখৰ বিষয় এইযে, যিসকল লোকে শুদ্ব নাগৰিকপঞ্জিৰ দাবীত প্ৰান আহুতি দিলে, তেওঁলোকৰ দাবীক নস্যাৎ কৰি চৰকাৰে আকৌ আসোৱাহ পূৰ্ণ প্ৰক্ৰিয়াৰেই শুদ্ব নাগৰিকপঞ্জী উন্নীতকৰনৰ কাম কৰিব গৈ আছে৷ বৰঞ্চ এইবাৰ এখোজ আগুৱাই গৈ চৰকাৰৰ সিদ্বান্তত উচ্চতম ন্যায়ালয়ৰ মোহৰ লগাই আনিলে৷
আসাম পাবলিক ওৰ্কছ নামৰ বেচৰকাৰী সংগঠনে উচ্চতম ন্যায়ালয়ত তৰা গোচৰত অসম চৰকাৰে এনে এক হলফনামা দাখিল কৰিলে যাৰ ওপৰত ভিত্তি কৰি ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছে৷ বৰ্তমানৰ প্ৰস্তাৱিত নাগৰিকপঞ্জী উন্নীতকৰন প্ৰক্ৰিয়াই অসমৰ বংগীয়মূলৰ হেজাৰ হেজাৰ দৰিদ্ৰ মুছলমান সকলক যে যমৰ যাতনা দিব তাত সন্দেহৰ কোনো অৱকাশ নাই৷
আদালতৰ নিৰ্দেশনাত কোৱা হৈছে যে, চৰকাৰে নাগৰিকপঞ্জী উন্নীতকৰনৰ বাবে চৰকাৰে প্ৰ-প্ৰত্ৰহে যোগান ধৰিব, ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ নকৰে বা পূৰ কৰা প্ৰ-প্ৰত্ৰসমুহ সংগ্ৰহও নকৰে৷ প্ৰত্যন্ত গাৱঁৰ পৰা দৰিদ্ৰ দিন মজুৰ এজনেওঁ প্ৰ-প্ৰত্ৰ জমা দিবলৈ চহৰলৈ আহিব লাগিব৷যিজনে দুবেলা দুমুঠি অন্নৰ বাবে হাহকাৰ কৰিব লাগে তেওঁৰ পক্ষে এয়া কৰা কিমান সম্ভৱ হ’ব সহজেই অনুমেয়৷ নিৰ্দেশনাত আৰু কোৱা হৈছে যে, প্ৰ-প্ৰত্ৰসমুহ নিজে পুৰ কৰিব লাগিব৷ চৰাঞ্চলত শিক্ষাৰ হাৰ আজিওঁ ২০% তকৈ বেছি নহ’ব৷সেইসময়ত নাগৰিকপঞ্জী উন্নীতকৰনৰ প্ৰ-প্ৰত্ৰ নিজে কেনেকৈ পুৰ কৰিব সেয়া চৰকাৰেহে ভালকৈ জানিব৷
আমাৰ বুজিবলৈ বাকি নাই যে, চৰকাৰ তথা প্ৰতিক্ৰিয়াশীল চক্ৰই এক বৃহৎ সংখ্যক বংগীয়মূলৰ অশিক্ষিত, দৰিদ্ৰ জনসাধাৰণক নাগৰিকপঞ্জী উন্নীতকৰন প্ৰক্ৰিয়াৰ আওঁতাৰ পৰা বাহিৰত ৰাখি তেওঁলোকৰ নাগৰিক তথা ৰাজনৈতিক অধিকাৰ চিৰদিনৰ বাবে কাঢ়ি লোৱাৰ ষৰযন্ত্ৰ কৰিছে৷ শাসক শ্ৰেণীৰ এয়া প্ৰথম পদক্ষেপ নহয়৷ এইখিনিতে উল্লেখ কৰা বাঞ্ছনীয় যে, ডি ভোটাৰ সমুহক কৌশলপূৰ্ণভাৱে ন্যায়ালয়ৰ উক্ত নিৰ্দেশনাৰ ভিত্তিত বিদেশী বুলি স্বীকৃতি দিয়া হ’ল৷ প্ৰয়োজনীয় সকলো প্ৰমান প্ৰত্ৰ থাকিলেওঁ ডি ভোটাৰ সকলে নাগৰিকপঞ্জী উন্নীতকৰনৰ বাবে আবেদন কৰিব নোৱাৰিব৷ নাগৰিকপঞ্জী উন্নীতকৰনৰ আগতে তেওঁলোকে বিদেশী ন্যায়াদীকৰণৰ পৰা নিজকে ভাৰতীয় বুলি প্ৰমান কৰিব লাগিব৷ আমি মনত ৰখা উচিত যে, নিস্পত্তিকৃত ডি ভোটাৰ গোচৰৰ ৯৪%কে প্ৰকৃত ভাৰতীয় নাগৰিক বুলি আদালতে ৰায়দান কৰিছে৷
কিন্তু শ্বহীদ মাইদুলহঁতৰ আত্মবলিদান আমি ইমান সোনকালে পাহৰিলে হ’বজানো? যিসকলে মাতৃভূমি আৰু জাতিৰ মংগলৰ বাবে পুলিচৰ গুলি বুকু পাতি ল’লে, সেই বীৰৰ আত্মাৰ শান্তিৰ বাবে আমি হাত-সাৱটি বহি থাকিলে নহ’ব৷ শ্বহীদৰ চৰম ত্যাগক মূলধন কৰি ৰাজনীতি বহুত হ’ল৷ বহুতে মন্ত্ৰী-বিধায়কো হ’ল৷ কিন্তু যেতিয়ালৈকে শুদ্ব নাগৰিকপঞ্জীৰ জৰিয়তে বিদেশী সমস্যাৰ স্থায়ী সমাধান নহয়, শ্বহীদৰ আত্মাই শান্তি নাপায়৷
প্ৰশ্ন হয়, আজিৰ এই জটিল সন্ধিখনত প্ৰতেকজন অসমীয়াৰ কৰণীয় কি? ন্যায়ালয়ৰ নিৰ্দেশকক সন্মান জনাই অবৈধ বিদেশী সমস্যাক চিৰদিনৰ কাৰণে কবৰ দিবলৈ আমি কি কৰা উচিত? আমি কি কৰিলে শাসক তথা বেদেশীৰ নাম স্বদেশীক হাৰা-শাস্তি কৰা দল-সংগঠনৰ কুটিল ষৰযন্ত্ৰক পৰাভুত কৰিব পৰা যাব?
আমি আগতে উল্লেখ কৰিছোঁ যে, নিস্পত্তিকৃত ডি ভোটাৰ গোচৰৰ ৯৪%কে ভাৰতীয় নাগৰিক বুলি আদালতে ৰায়দান কৰিছে৷ বাকি ৬%ৰ বিষয়ে অধ্যয়ন কৰিলে দেখা যায় যে, প্ৰায়বোৰ গোচৰেই একপক্ষীয় ভাবে ৰায়দান কৰা হৈছে৷ অভিযুক্ত ব্যাক্তি সকলে অত্যাধিক আৰ্থিক দৈন্যতাৰ বাবে আদালতত হাজিৰে হ’ব পৰা নাই৷ এই পৰিসংখ্যাৰ পৰা এটা কথা স্পষ্ট যে, লাখ লাখ বিদেশীৰ অংকযে মনে সজা তাত অকনো সন্দেহ নাই৷
গতিকে আমাৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হ’ল জনসাধাৰণক নাগৰিকপঞ্জী উন্নীতকৰণৰ গুৰুত্ব আৰু প্ৰয়োজনীয় নথি-পত্ৰ সম্বন্ধে সচেতনতা বৃদ্বি কৰা৷ আমি মনত ৰখা উচিত যে, নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ হ’বলৈ আৰু বেছি দিন নাই৷ সময়মতে জনসাধাৰাণক সজাগ কৰিব নোৱাৰিলে অন্তিম সময়ত নথি-পত্ৰ যোগাৰ কৰাৰ নামত নিৰ্বাচনী বিষয়া আৰু চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত হেতা-উপৰা লাগিব৷ যাৰ পৰা মধ্যভোগী দালাল আৰু প্ৰতিক্ৰিয়াশীল চক্ৰটোৱে বেছি লাভান্নিত হ’ব৷
এই সজাগতা সৃষ্টিৰ বাবে আমি দলীয় ৰাজনীতিৰ উৰ্দত গৈ সুসংহত তথা সুমুহীয়া ভাবে প্ৰচেষ্ঠা লোৱা উচিত৷ ‘বিদেশী’ অপবাদৰ পৰা চিৰদিনৰ বাবে মুক্তি পাবলৈ এয়াই আমাৰ শেষ যুদ্ব হোৱা উচিত৷ এজনো প্ৰকৃত ভাৰতীয়ৰ নাম যাতে নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ নপৰে তাৰ বাবে প্ৰতিজন সচেতন অসমীয়াই আগভাগ লোৱা উচিত৷ কোনো এজন বিদেশীৰ নামো যাতে নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নহয় তাৰ প্ৰতিও মনযোগ দিবো লাগিব৷ এই কাম সুকলমে কৰিবলৈ আমি প্ৰতেকটো গাওঁ বা চুবাত সজাগতা সভা অনুষ্ঠিত কৰি, সজাগতা সমিতি গঠন কৰিব পাৰো৷ গাৱঁৰ শিক্ষিত যুৱক-যুৱতীয়ে এই কামত আগভাগ ল’ব লাগে৷
November 23, 2013 at 6:45 pm
বহুত ভাল স্তম্ভ হৈছে । মই ভাল পাইছো । এই কথা সমূহ আমি তৃণমূললৈ লৈ যাব পাৰিব লাগিব ।