মোৰ নাম আব্দুল কালাম আজাদ; কিন্তু মই বাংলাদেশী নহয়৷
মেট্ৰিক পৰীক্ষা দি উঠিয়ে দাদাৰ লগত গুৱাহাটীলৈ আহিছিলো হাজিৰা কাম কৰিবলৈ৷ দাদাই ৰাজ মিস্ত্ৰী কাম কৰে৷ আমাৰ গাৱঁৰ ল’ৰাবোৰে গুৱাহাটীলৈ আহি হাজিৰা কৰা একো ডাঙৰ কথা নহয়৷ কাম কৰি বেয়াও লগা নাছিল৷ দিনটোৰ উপাৰ্জন ৬০ৰ পৰা ৭০ টকা৷ শাৰীৰিক পৰিশ্ৰম কৰাটো অন্ততঃ মোৰ বাবে সিমান কঠিন কাম নাছিল, কিয়নো পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়তে বাৰিষা কালত প্ৰতিদিনে মই প্ৰায় ৩ কিলোমিটাৰ ভূৰ চলাই স্কুললৈ গৈছিলোঁ ৷
কিন্তু গুৱাহাটীলৈ আহি প্ৰথম উপলব্ধি কৰিছিলো যে মোৰ বা আমাৰ গাৱঁৰ মানুহখিনিৰ আৰু এটা পৰিচয় আছে৷ সেয়া হ’ল আমি মিঞা বা কেতিয়াবা পোনচাতেই বাংলাদেশী৷
এদিন আবেলি মই আৰু মোৰ খুৰা, লালগনেশৰ ৰোলিংমিলৰ ওচৰত ৰাস্তা পাৰ হ’বলৈ ৰৈ আছো৷ খুৰাৰ ভৰিৰ বিষ, দুদিন ৰিক্সা চলাব পৰা নাই৷ ফাৰ্মাছিলৈ যাম৷ এনেতে মানুহ এজনে আমাক মাতিলে৷ তেওঁৰ গাড়ীখন ষ্টাৰ্ট হোৱা নাই৷ ঠেলি দিব লাগে৷ খুৰাই মাত্ৰ কৈছিলহে “মোৰ ভৰিৰ বিষ”৷ মই একো ধৰিবই নোৱাৰিলো৷ মানুহজনে অতৰ্কিতে খুৰাৰ পেটত ভুকুৱাবলৈ ধৰিলে৷’কেলা বাংলাদেশী মিঞা, ভৰিৰ বিষ দেখাব আহিছ’৷ মই পিছদিনাই ঘৰলৈ উভটি গুচি গ’লো৷
মেট্ৰিক পাছ কৰিলো৷ গৰেমাৰীৰ জনপ্ৰিয় কলেজত নাম লগালো৷ ঘৰৰ পৰা প্ৰায় বিছ কিলোমিটাৰ৷ বাৰিষা কালত চাইকেল লৈ অহা-যোৱা কৰা মুস্কিল৷ নুৰুল আমিনৰ ঘৰত জাগিৰ হিচাপে থাকিলো৷ আমাৰ সমাজত এতিয়াও জাগিৰ ৰখাৰ নিয়ম আছে৷ খুৰা-খুৰীয়ে মোক পুত্ৰ জ্ঞান কৰি মোৰ কিতাপ-পত্ৰৰ পৰা আৰম্ভ কৰি সকলো খৰচ বহন কৰিছিল৷ তেওঁলোকে আশা কৰা ধৰণেই মই প্ৰথম বিভাগত হায়াৰ ছেকেন্ডাৰী পাছ কৰিলো৷ কিন্তু তেওঁৰ ঘৰত থাকি ডিগ্ৰী পঢ়াৰ সুবিধা নহ’ল৷
গতিকে, আকৌ পইচাৰ প্ৰয়োজন, সেয়েহে আকৌ গুৱাহাটী৷ এইবাৰ হাজিৰা কাম নকৰো বুলি ঠিক কৰিলো৷ দাদাই পুলিচ বিষয়াৰ গাড়ী ধোৱা কামৰ কথা ক’লে৷ মোৰ পছন্দ নহ’ল৷
বৰঞ্চ চেলচ্ মেন হবলৈ ঠিৰাং কাৰিলো৷ Door to door ফিনাইল বিক্ৰী কৰা কাম আৰম্ভ কৰিলো৷ প্ৰথম এক সপ্তাহ, এবটলো ফিনাইলো বিক্ৰী কৰিব নোৱাৰিলো৷ অৱশ্যে মই লাহে লাহে ভাল চেলচ মেন হৈ গৈছিলোঁ৷ দিনটোত দুশৰ পৰা তিনিশ টকা উপাৰ্জন কৰিব পৰা হৈ গৈছিলোঁ৷ কিন্তু তেতিয়ালৈ কলেজত নাম ভৰ্তিৰ সময় পাৰ হৈ গ’ল৷ গতিকে এটা বছৰ উপাৰ্জন কৰাৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাছিল৷
গুৱাহাটীৰ প্ৰায় প্ৰত্যেকটো এলেকাত মই ফিনাইল বিক্ৰী কৰি ঘূৰি ফুৰোঁ৷ তেতিয়া নিৰ্বাচনৰ বতৰ৷ভূপেন দাৱো প্ৰাৰ্থী৷ তেওঁৰ গান গোটেই গুৱাহাটীতে বাজি আছে৷ নিৰ্বাচনৰ আগদিনাৰ কথা৷ পূৱ শৰণীয়া৷ ৰাতিপুৱা ৯:৩০ মান বজাত মই প্ৰথম ঘৰত কলিং বেল বজালো৷ প্ৰথম ঘৰতেই অঘটন৷ দুৱাৰ খুলিয়ে মানুহজনে সুধিলে “কি লাগে?” মোৰ চেলচ মেনৰ আদব-কায়দাৰে আৰম্ভ কৰিব যাওঁতেই খং তেওঁৰ চুলিৰ আগ পালেগৈ৷ খঙাল বদ-মেজাজী মানুহ মই আগতেও পাইছো, কিন্তু এওঁ বেলেগ৷ আগতে মোৰ নাম ঠিকনা সুধিলে তাৰ পিছত আৰম্ভ কৰিলে- কেলা মিঞা, বাংলাদেশী৷ ভোট নিদি ইনকাম কৰিব আহিছ’, ভাগ৷ মই এটা কথাও ক’ব নোৱাৰিলো৷ ভয় আৰু অপৰাধবোধে মোক আগুৰি ধৰিলে৷ লাহেকৈ গেটটো বন্ধ কৰি, চাইকেলত উঠিলো৷ চিধা লালগনেশৰ ভাৰাঘৰলৈ গলোঁ৷ লাজ আৰু অপৰাধবোধত মই ভাৰাঘৰতে বহু সময় কান্দিলো৷ নিজকে প্ৰশ্ন কৰিলো, সঁচাই আমি বাংলাদেশীনে? মায়ে কৈছিল, দেউতা হেনো ১৯৫৬ চনত স্থাপিত মন্দিয়া হাইস্কুলৰ প্ৰথম Batchৰ ছাত্ৰ আছিল আৰু ভোট দিবলৈ মই কিয় নগলো? যিখন দেশৰ গণতন্ত্ৰই মোক কলেজত নাম লগাব নিদিলে, সেইখন দেশৰ গণতান্ত্ৰিক কৰ্তব্য পালন নকৰি মই জানো অপৰাধ কৰিছোঁ? আবেলি লুটুমাৰ পৰা এখন সাপ্তাহিক কাকত কিনি আনিলোঁ৷ তাতে পৰাগ দাস ডাঙৰীয়াই চৰ-চাপৰিৰ মুছলমানৰ সম্পৰ্কে লিখা পুনৰ প্ৰকাশিত লিখনিটো পঢ়ি মোৰ ভয় লাহে লাহে আঁতৰি গ’ল৷
মই চেলচ মেনৰ কাম এৰি নিদিলো৷ বৰঞ্চ ভালেখিনি টকা ৰাহি কৰিলো৷ Assam Tribuneত খবৰ পালো যে Assam Universityত BA LLB আৰম্ভ কৰিছে৷ কলেজত থাকোতে মই তৰ্ক সম্পাদক আছিলো৷ প্ৰফেছৰসকলে কৈছিল মই ভাল উকিল হ’ব পাৰিম৷ নাম ভৰ্তি কৰিবলৈ ঠিৰাং কৰিলো৷ ইংৰাজীৰ বাবে Personal Interview ভাল নহ’লেও নাম ভৰ্তিৰ সুবিধা পালো৷ কিন্তু বাংলাদেশীৰ অভিশাপ মোৰ ওপৰত থাকিলেই৷ হোষ্টেলৰ ছিনিয়ৰ অসমীয়া এজন লগ পাই পৰিচয় হ’বলৈ গলোঁ৷ মোৰ নাম ঠিকনা সুধিলে৷ যেতিয়া গম পলে ঘৰ বৰপেটাৰ মন্দিয়াত৷ তেতিয়া ক’লে তাৰ মানে “মিঞা”৷ একো ক’ব নোৱাৰিলো৷ তেওঁ ছিৰিৰে তললৈ নামি ডাইনিং হলৰ ফালে গ’ল৷ মই তেওঁৰ পৰা লুকাই ফুৰিবলৈ আৰম্ভ কৰিলো৷
উচ্চ শিক্ষা লোৱাৰ সুবিধা মোৰ বেছি দিন নহ’ল৷ মোৰ জমা টকাও শেষ হৈ আহিবলৈ ধৰিলে৷ এনেতে হঠাৎ খবৰ পালো, ভন্টিক শহুৰৰ পৰিয়ালৰ মানুহে মাৰি পেলালে৷ মই শিলচৰৰ পৰা ঘৰলৈ যাওঁতে, এদিন ৰাতি, তাইক সিহতৰ ঘৰৰ পৰা খেদি পঠিয়াইছিল৷ তাই বাহিৰত বহি কান্দি আছিল৷ সিদিনা তাইক মাত্ৰ বিছ হেজাৰ টকা দিব পাৰিলে হয়তো তাই বাচি থাকিলেহেঁতেন৷
মই থানাত গোচৰ দিবলৈ গলোঁ৷ পুলিচে মোৰ গোচৰ নল’লে৷ সিহঁতে ডাক্টৰক টকা খুৱাই পোষ্ট মৰ্টেম ৰিপোৰ্ট মেনিপোলেট কৰিলে৷ মই এবছৰ সময় মহিলা আয়োগ, মানৱাধিকাৰ আয়োগ, চি আই ডি, ফৰেন্সিক লেব’ৰেটৰী আদিত ঘূৰি ফুৰিলো৷ শেহত গোচৰ ৰেজিষ্টাৰ হ’ল৷ পুলিচে আচামী ধৰিলে৷ গোচৰ এতিয়া বিচৰাধীন৷ মোৰ ওপৰত নানান ভাবুকি৷ এইবোৰ টেনচনত মাৱো এদিন হাৰ্ট এটাক হৈ মৰি থাকিল৷ শেষ সময়ত মাৰ কাষতো থাকিব নোৱাৰিলো৷
মোৰ আইন পঢ়া নহ’ল৷ ঠিকনা আকৌ গুৱাহাটী৷ বন্ধু ৰশ্বিদুলৰ টকাৰে দুয়ো ইগনোত এডমিশ্বন ল’লো৷ BSW পঢ়িবলৈ ঠিক কৰিছিলো৷ কিন্তু চাৰিশ টকাৰ অভাৱত Tourismতে নাম লগালো৷ গুৱাহাটীত থকা-খোৱা মেনেজ কৰিবলৈ তাৰকা হোটেলত ওৱেটাৰৰ কামত সোমালো৷তাতো সহকৰ্মীৰ ঠাট্টা৷ মিঞা হোৱাটো যেন মোৰ বাবে আটাইতকৈ ডাঙৰ অপৰাধ৷ এনেতে ভাৰা ঘৰত লগ পালো ৰাজেশ ছেত্ৰীক৷ তেওঁ তেতিয়া টপছেম ছিমেন্টত ভাল চাকৰি কৰে৷ ৰাতি মোক ইংৰাজী শিকায় আৰু ঠাট্টা-মস্কৰাৰ পৰা ৰেহাই পোৱাৰ টিপছ দিয়ে৷
এদিন উজান বজাৰৰ ভাৰা ঘৰৰ পৰা ওলাইয়ে ৰাস্তালৈ চাওঁ, মানুহৰ জুম৷ তেতিয়া উজনি অসমত বাংলাদেশী ধৰাৰ উজান উঠিছে৷ গতিকে গুৱাহাটীতো৷ আগবাঢ়ি গ’লো৷ পুলিচ ভান এখনত ১৪-১৫ জনমান বনুৱাক ঠেলি হেঁচি উঠাই আছে৷ মানুহে হয়তো জন্তু-জানোৱাৰকো তেনেকুৱা ব্যাৱহাৰ নকৰে৷ মই ভানৰ পিছে পিছে লতাশিল থানালৈ গ’লো৷ পুলিচে সকলোকে লক আপত ভৰাই থৈ, এটা এটাকৈ মাতি নাম ঠিকনা লিখিবলৈ ধৰিলে৷ এজনী মহিলা শ্ৰমিকক স্বামীৰ নাম সোধাত থত-মত খাই একো ক’ব নোৱাৰিলে৷ আমাৰ গাঁৱলীয়া মহিলাই আজিৰ দিনতো স্বামীৰ নাম উচ্চাৰণ নকৰে৷ কিন্তু মানুহখিনিক ধৰি দিয়া সকলৰ মাজৰ পৰা এজনে উত্তৰ দিলে “কেনেকৈ ক’ব, কেইজনৰ লগত বা শুৱে?” মই লুকাই চুৰকৈ, সাধ্যানুসাৰে, কাৰোবাক কাৰেবাক ফোন কৰিলোঁ৷ আবেলি মানুহখিনিক এৰি দিলে৷ পিছত খবৰৰ কাগজত চৰকাৰে প্ৰকাশ কৰিলে যে তেওঁলোক বাংলাদেশী নহয়৷
ৰাজেশদাই এদিন আই এম আৰ বি ইন্টাৰনেশ্বনেল নামৰ কোম্পানীত মানুহ লাগে বুলি জনালে৷ কামটো পালো৷ গোটেই অসম ঘূৰি ফুৰু৷ তাতে নিজৰ দাদাৰ দৰে প্ৰনৱ পাটোৱাৰীক টীম লিডাৰ হিচাপে পালো৷ বন্ধু হিচাপে পালো ভবেন শৰ্মাক৷ কিন্তু ইয়াতো মোক বাংলাদেশী বুলি জোকাবলৈ মানুহৰ অভাৱ নহ’ল৷ দাস উপাধিধাৰী টীম লিডাৰ এজনে ওৰাং যাওঁতে গোটেই দিনটো মোক অসহ্যকৰ যন্ত্ৰণা দিছিল৷
কিন্তু মই থমকি ৰোৱা নাই৷ মোৰ ডিগ্ৰী কমপ্লেট নহওঁতে UAE Exchange নামৰ বিদেশী মূদ্ৰা বিনিময়কাৰী ডাঙৰ কোম্পানীত অফিচাৰ হিচাপে চাকৰি পালো৷ তাতে ধ্ৰুৱদাই বাংলাদেশী বুলি জোকালেও, বহুত মৰম কৰিছিল৷ মোৰ গাইড হিচাপে সদায় সহায় কৰিছিল৷ এবছৰৰ চাকৰি কালত তিনিবাৰ শ্ৰেষ্ঠ কৰ্মচাৰী হিচাপে স্বীকৃতি পালো৷ চ’ছিয়েল ছেক্টৰত কাম কৰাৰ বাবে আগ্ৰহ দিনে দিনে বাঢ়ি গৈ থাকিল৷ ২০১০ চনত উজ্জীৱন নামৰ মাইক্ৰ’ফাইনেঞ্ছ কোম্পানীত ব্ৰাঞ্চ মেনেজাৰ হিচাপে যোগ দিলো৷ কৰ্মক্ষেত্ৰ হিচাপে মই লালগনেশ, কল’নী বজাৰ, কালাপাহাৰ আদি এলেকা বাছি ললো৷ যিজন মানুহে মোৰ খুৰাৰ পেটত ভুকুয়াইছিল, তেওঁৰ পৰিয়ালৰ সদস্যকো মই লোন দিয়াৰ সুবিধা পালো৷
অন্ধ্ৰ প্ৰদেশৰ ঘটনাই মোক মাইক্ৰ’ফাইনেঞ্ছৰ ওপৰত লিখা-মেলা কৰাৰ বাবে উদগনি দিলে৷ মোৰ কেইবাটাও লিখা Assam Tribute, Eastern Chronicle সমন্বিতে আন লাইন নিউজ পৰ্টেলত প্ৰকাশ পালে৷ এনেতে এদিন মোক জামছেদপুৰৰ XLRI ৰ Economics আৰু Finance ৰ Professor H K Pradhan য়ে International Workshop এটালৈ আমন্ত্ৰণ কৰিলে৷ XLRIত তিনিদিন থাকি মই উপলব্ধি কৰিলো যে, যদি সঁচা অৰ্থত সমাজৰ বাবে কিবা কৰিবলৈ যাওঁ, তেতিয়াহ’লে মই নিজকে প্ৰস্তুত কৰিব লাগিব আৰু তাৰ বাবে মই উচ্চ শিক্ষা গ্ৰহণ কৰিবই লাগিব৷ যোৱা বছৰ আই আই টি আৰু টাটা ইনস্টিটিউট অফ ছ’ছিয়েল ছায়েন্সত বাছনি পৰিক্ষাত বহিছিলো, কিন্তু কৃতকাৰ্য্য হ’ব নোৱাৰিলো৷ এবছৰ কষ্ট কৰাৰ পিছত এইবাৰ টাটা ইনস্টিটিউট অফ ছ’ছিয়েল ছায়েন্সত পালো৷ অহা দুই বছৰ মই কমিউনিটি অৰ্গেনাইজেশ্বন আৰু ডেবেলপমেন্ট প্ৰেকটিচৰ শিক্ষা গ্ৰহণ কৰিম৷ পঢ়াৰ লগতে মই বিনা বেতনত বালিচন্দা নামৰ এখন অসমীয়া সাহিত্যৰ মাহেকীয়া আলোচনী আৰু The Alternative Voice নামৰ এখন ইংৰাজী মাহেকীয়া আলোচনীতো কাম কৰিম৷
আৰু এটা কথা, যোৱা প্ৰায় তিনিটা বছৰে কোনেও মোক মিঞা বা বাংলাদেশী বুলি কষ্ট দিয়া নাই, জোকোৱাও নাই৷ কিন্তু যিসকল মোৰ লগত গুৱাহাটীলৈ আহিছিল? তেওঁলোক আজিও মিঞা, আজিও বাংলাদেশী৷ আজিও ট্ৰাকে ট্ৰাকে বাংলাদেশী ধৰাৰ খবৰ পাওঁ৷ মোৰ আগৰ দিনবোৰ ছবিৰ দৰে ভাহি আহে৷ হয়তো গৰেমাৰীৰ নুৰুল খুৰা, ৰাজেশদা বা পাটোৱাৰীদাৰ দৰে মানুহ নাপালে মই আজিও বাংলাদেশী হৈয়ে থাকিলো হয়৷
August 4, 2013 at 11:13 am
A touchy story… thrilled! I also hv similar experience.
August 4, 2013 at 4:02 pm
Break the silence; speak out the truth
August 4, 2013 at 5:41 pm
লিখনিটোৱে মন-মগজুক জোঁকাৰি গৈছে । এই উশাহ বন্ধ পৰিৱেশবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা আমি নিজেই ওলিয়াব লাগিব ।
( আপোনাৰ লিখাত বহুখিনি ব্যাকৰণ ভুল হৈ আছে , পাৰিলে সেইখিনি অলপ মন দিব । )
August 5, 2013 at 3:31 am
ধন্যবাদ গগৈ ডাঙৰিয়া,
অসমিয়া টাইপিংৰ জ্ঞান নথকাৰ বাবেওঁ বহুখিনি ভুল হৈছে৷ মই কিছু সংশোধন কৰিলোঁ৷ অনুগ্ৰহ কৰি ৰৈ যোৱা ভুলখিনি আঙুলিয়াই দিলে ভাল পাম
January 28, 2014 at 8:47 am
অসমীয়া শব্দটো লিখিব নাজানা আপুনি কিহৰ অসমীয়া হে!!!!!
January 28, 2014 at 10:54 am
মই অসমীয়া টাইপিং শিকি আছো৷মই বহুত ভাগ্যৱান অসমীয়া যে মই শিকাৰ সুবিধা পাইছো৷ বহুত অসমীয়াই বিদ্যালয়ৰ বাৰান্দাত ভৰি দিব পৰা নাই 😦
August 5, 2013 at 11:00 am
Somoy goi ase, ami roi asu, kiba koribo lage buli upolobdhi ase kintu ki korim bhabi powa nai.
Hridoy isporsho korile aponar likha, bastov he……
August 6, 2013 at 4:12 am
আব্দুল ককাইদেউ- আপোনাৰ কাহিনী পঢ়ি হোমেন বৰগোহাঞিৰ ‘ইছমাইল শ্বেখৰ সন্ধানত’ মনত পঢ়ি গ’ল। কিন্তু আমি এই বাংলাদেশী সমস্যাটোও আওকাণ কৰিব নোৱাৰোঁ। মই ভাবোঁ ইয়াৰ সমাধান ৰাজনীতিকে নহয়, আপোনাৰ নিচিনা অসমক ভাল পোৱা ভাৰতীয় মুছলমান সকলেহে দিব পাৰিব। আগলৈও আপোনাৰ পদক্ষেপসমূহ অনুসৰণ কৰিম
August 6, 2013 at 8:07 am
You are an example…….. Carry one….. Wish u all the best…
August 6, 2013 at 12:58 pm
Very touching…. and Yes, I can feel the pain inside yr heart….
August 7, 2013 at 10:20 am
Abdul, you have this kind of life story I don’t know; but wish a bright future.
August 7, 2013 at 10:51 am
Proud of you Abdul Kalam Azad daa …..
August 8, 2013 at 3:18 pm
এইটো এটা সামাজিক ব্য়ধিত পৰিণত হৈছে.। অভিবাসী মুছলমান সকলক বাংলাদেশী হিচাপে চোৱাৰ প্ৰৱণতাই অসমীয়া সমাজখনক ধংব্সৰ গৰাহলৈ ঠেলি দিছে। আপোনাৰ কথাখিনি সচাই অনুপ্ৰেৰণীয়। আশা কৰো ভবিষ্শত জীৱনত আপুনি সফল হব।
August 9, 2013 at 6:44 am
হৃদয়স্পৰ্শী লেখা৷ সঁচাকৈয়ে অন্ধ আবেগত উটি-ভাহি আমি বহুক্ষেত্ৰত অন্যায় আৰু অবিচাৰক প্ৰশ্ৰয় দিছোঁ৷ হয়তো প্ৰতিদিনে বহুজনে এনে পৰিস্থিতিৰ মুখামুখি হৈছে৷ আপোনাৰ দৰে অধ্যৱসায় আৰু দৃঢ়তাৰ অভাৱতো কতজনেই বা হেৰাই গৈছে৷
আপুনি লিখি থাকিব..আমাৰ মানুহে এইবোৰ জনাৰ দৰকাৰ৷ পুনৰ কথাবোৰ ভাবি চোৱাৰ দৰকাৰ৷
চেষ্টাও নেৰিব৷ আপোনাৰ দৰে মানুহ হাজাৰজনৰ বাবে প্ৰেৰণা হ’ব পাৰে৷ বহুদিনৰ মূৰত ইমান সততাৰে লিখা প্ৰেৰণাদায়ক লেখা এটা পঢ়িলো৷
August 9, 2013 at 7:05 am
আব্দুল আজাদ, আপোনাৰ লেখনি পঢ়ি মুগ্ধ হ’লো। সাম্প্ৰতিক সময়ৰ এটা জীয়া সমসাক আপুনি সুন্দৰ ভাৱে উপস্থাপন কৰিছে। আমি সকলোৱে জানো, এই সমস্যাটোক সাৰ পানী দি জীয়াই ৰখাত আমাৰ ৰাজনৈতিক শ্ৰেণীটোৰ অৰিহণা সকলোতকৈ বেছি। এটা সপ্ৰদায়ৰ বেছিভাগ লোককেই সন্দেহৰ দৃষ্টিৰে চোৱা মানসিকতাটো গঢ় লৈ উঠিল আমাৰ ৰাজনৈতিক শ্ৰেণীটোৰ লাভা-লাভৰ অংকৰ ফলস্বৰূপে। সাধাৰণ অসমীয়া জনসাধাৰণে (জাতি ধ্ৰম নিৰ্বিশেষে) জাতিটোৰ এটা অবিচ্ছেদ্য অংশ- এটা সম্প্ৰদায়ৰ লোকসক সদায় সন্দেহৰ আৱৰ্তত থকাটো কেতিয়াও নিবিচাৰে। কিন্তু ওপৰত মনজিৎ নাথ ডাঙৰীয়াই কোৱাৰ দৰে বাংলাদেশী সমস্যাটো থলুৱা সকলো জনগোষ্ঠীৰে প্ৰতি ভাবুকি, আৰু ইয়াক কেতিয়াও আওকাণ কৰিব নোৱাৰি। ইয়াৰ পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে- থলুৱা অসমীয়া মুছলমান সম্প্ৰদায়টি। কেইটামান সংগঠন, আৰু সৰহসংখ্যক ৰাজনৈতিক দলৰ জাতিধ্বংসী কাৰ্যকলাপে আমাৰ জাতীয় সংহতি একেবাৰেই বিনষ্ট কৰি পেলালে। আপোনাৰ দৰে আমাৰ থলুৱা মুছলমান যুৱকসকলে এই কালকেতু স্বৰূপ দৈত্যটোক চিৰদিনলৈ বিদায় দিবলৈ আগ ভাগ লওক। অসমৰ প্ৰতিজন অসমপ্ৰেমী আপোনাৰ লগত আছে।
শুভেচ্ছাৰে
April 2, 2015 at 8:20 pm
আজাদ ডাঙৰীয়া
আপোনাৰ বিষয়ে এই লিখনিৰ জড়িয়তে যিখিনি অৱগত হ’লো সেইখিনিতে সন্তুষ্ট থাকিব নোৱাৰা বাবে মই আপোনাৰ ওচৰত ক্ষমাপ্ৰাৰ্থী , আশাকৰো আপোনাৰ বিষয়ে আৰু অকণমান জনাৰ সুযোগ দিব ৷
Monowar Hussain Khandakar
Subject Teacher at Barpeta from Bongaigaon
Phone 9854934231
Facebook ID
Monowar Khandakar
April 4, 2015 at 7:52 pm
Monowar Bhai, I guess, now we are connected through social media. We can discuss things over facebook as well
August 18, 2013 at 2:35 pm
হৃদয়স্পৰ্শী অসাধাৰণ লিখনি। ১৯৪৭ চনৰ পূৰ্বত এজন বাংলাদেশীও আছিল প্ৰকৃত ভাৰতবাসী, কেৱল ধৰ্মৰ কাৰণতে জন্ম হয় পাকিস্থানৰ, বাংলাদেশৰ ইতিহাসতো সৌ সিদিনাখনৰ। দেশ বিভাজন এক কাল্পনিক ৰেখা মাথোন গতিকেই এটা অঞ্চলৰ ওপৰেদি আঁকা এক কাল্পনিক ৰেখাৰে মোহাৰি দিয়াটো সম্ভৱ নহয় দুয়ো কাষৰ ভাষিক, সংস্কৃতিক সমিল-মিলতা। বাংলাদেশীৰ প্ৰৱজনৰ মই নিজেও এজন বিৰোধী, মোৰ বোধেৰে আপুনি নিজেও, কিন্তু কিছু অতুৎসাহী অৰ্ধশিক্ষিত তথা কথিত অন্ধ আবেগত ভাহি ফুৰা জাতীয়তাবাদীৰ(?) বাবে বিদেশীৰ বিৰুদ্ধে কৰা আন্দোলন শেষত এক প্ৰহসন হে হৈ ৰ’ল কিয়নো এই আন্দোলনত অভিবাসী মুছলমান সকলোৰ সহযোগিতাৰ প্ৰয়োজনেই আটাইতকৈ বেছি আছিলে যদিও সেয়া অনুভৱ নকৰিলে আমাৰ মহান নেতা সকল বৰং সকলো অভিবাসীকে বাংলাদেশী হিচাপে চোৱাৰ এক প্ৰৱণতাই কিছু সংখ্যক অসমীয়াৰ স্বভাৱত পৰিণত হৈ পৰিল, চতুৰ ৰাজনীতিবিদে সমস্যা সমাধানতকৈ ইয়াৰ পৰা কেনেকৈ ৰাজনৈতিক লাভালাভ কৰিব পাৰি তাৰেই অঙ্কতে নিজকে ব্যস্ত ৰাখিলে। যাওঁক না সমাজখনক ধ্বংসৰ গৰাহলৈ, হওঁক না অসম ভাঙি টুকুৰা-টুকুৰ তেওঁলোকৰ কি আহে বা যায় …?
আপোনাৰ প্ৰতি, আপোনাৰ দৰে আন হাজাৰ জনৰ লগত হোৱা এই অবিচাৰৰ বাবে এজন অসমীয়া হিচাপে মই লজ্জিত আৰু ক্ষমাপ্ৰাৰ্থী, পিছে আপোনাক কোনোবাই বাংলাদেশী বুলি ক’লে আপুনি সেয়া হৈ নাযায়… মূৰ্খে কি নক’য়…? কথাতে আছে “ছাগলে নাখায় কি আৰু পাগলে নকয় কি” গীতাত এটা কথা আছে “তুমি তোমাৰ সৎকৰ্ম কৰি যোৱা, কৰ্মফলৰ আশা নকৰাকৈ” আৰু কোৰাণ-শ্বৰিফত আছে… “سَيَعْلَمُونَ غَدًا مَّنِ الْكَذَّابُ الْأَشِرُ” ভবিষ্যতে হে তেওঁলোক জানিব পাৰিব কোন মিথ্যাচাৰি আৰু দাম্ভিক আছিল। – (সুৰা কামাৰ, আয়াতনং-৫৪)
অসমীয়া সমাজলৈ আপোনাৰ অৱদানৰ বাবে আশাৰে বাট চাম।
August 19, 2013 at 7:26 pm
Just superb. ..salute to you…
August 25, 2013 at 2:18 pm
You have spoken the truth… Some Assamese speakers are very mean and rude…they dnt knw abt Lower Assam and just speak rubbish on our face…ALL THE BEST
August 25, 2013 at 5:27 pm
Brother Ashraful,
I have edited the last three words of your comment. We want a better and united Assam. One day the mainstream Assamese people will definitely understand who are their enemy and who are friend. See the recent trend, why the professional nationalists are losing ground. Why they failed to instigate the mainstream Assamese during BTAD riot? These are the positive developments. Remember, we have to shoulder the responsibility to create a better and just Assamese society. We believe, with a narrow and high level of ethnocentric attitude the so called nationalist can’t take that responsibility.
And thank you for your kind words.
Regards,
Abdu
August 25, 2013 at 2:24 pm
Please give ur facebook profile link
August 25, 2013 at 5:16 pm
https://www.facebook.com/a.k.azad.assam
September 8, 2013 at 7:08 pm
This piece is published in Gyan Xombbar Sept’ issue.
October 8, 2013 at 9:58 am
wonderful write up, Abdulda
January 28, 2014 at 6:48 pm
“My Name is Khan, and I am not a terrorist.” ফিল্মখনতকৈও হৃদয়স্পৰ্শী হৈছে আপোনাৰ লেখাটি।
সমাজত সমিল-মিলৰ বাবে এনে মৰ্মস্পৰ্শী লেখাৰ সুবেই প্ৰয়োজন। আপুনি আগবাঢ়ি যাওঁক। ভাল মানুহ আপোনাৰ পিছত সদায় থাকিব।
January 29, 2014 at 5:50 am
FATA – FATI President
January 29, 2014 at 9:45 am
Dada, all the credit of this story goes to you only 🙂
January 30, 2014 at 8:28 am
So touching..!! May you be always happy,Abdul..!! 🙂
January 31, 2014 at 2:21 pm
সচাই……..বেদনাদায়ক। ওপৰত উল্লেখ কৰা কেইটা মান ঘটনাৰ কথা মইও জানো। বিষেশকৈ উজান বাজাৰৰ ঘটলাৰ লগত মই আছিলো আব্দুলৰ লগত।